ETV Bharat / bharat

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বাসগৃহত চুৰিকাণ্ড

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 2:12 PM IST

Theft at Yuvraj Singh's Panchkula home: প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বাসগৃহত চোৰৰ চাফাই অভিযান । যুৱৰাজৰ মাতৃয়েও এই চুৰিৰ গোচৰত কিছুলোকৰ ওপৰত সন্দেহ প্ৰকাশ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ।

Theft in Yuvraj Singhs house
যুৱৰাজ সিঙৰ বাসগৃহত চুৰিকাণ্ড

নেশ্যনেল ডেস্ক,১৭ ফেব্ৰুৱাৰী: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বাওঁহাতৰ বেটছমেন যুৱৰাজ সিঙৰ সৈতে সম্পৰ্কিত এক গুৰুত্বপূৰ্ণ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে অনুৰাগীৰ মাজত । যুৱৰাজৰ ঘৰত সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা । পঞ্চকুলাস্থিতত যুৱৰাজৰ বাসগৃহত চোৰে চলাই চাফাই অভিযান । চোৰে লুট কৰে নগদ ধনৰ লগতে সোণৰ আ-অলংকাৰ ।

ঘটনা সন্দৰ্ভত যুৱৰাজৰ মাতৃ শবনম সিঙে কয় যে, নগদ ৭৫,০০০ টকা আৰু বন্ধ আলমিৰাৰ পৰা সোণৰ আ-অলংকাৰ লুট কৰে চোৰে । চুৰিকাণ্ড সন্দৰ্ভত ঘৰটোত কাম কৰা পুৰণি সেৱকজনক জড়িত থকাৰ সন্দেহ কৰে পৰিয়ালটোৰ লোকে । ইতিমধ্যে আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছে আৰু গোচৰটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । এম.ডি.চি. আৰক্ষী থানাৰ এছ.এইচ.ও. ধৰমপাল সিঙে ব্যক্তিগতভাৱে এই উচ্চ-প্ৰফাইল চুৰি গোচৰটো চোৱা-চিতা কৰি আছে বুলি জানিবপৰা গৈছে । এনে পৰিস্থিতিত, চোৰটো শীঘ্ৰে জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

যুৱৰাজ সিঙে ২০ চনৰ পৰা ২০১৯ চনলৈ ভাৰতৰ হৈ তিনিওটা ফৰ্মেটত ক্ৰিকেট খেলিছে । যুৱৰাজে প্ৰথমবাৰৰ বাবে এদিনীয়াত টীম ইণ্ডিয়াৰ হৈ আত্মপ্ৰকাশ কৰিছিল । ইয়াৰ পিছত, টেষ্ট আৰু তাৰ পিছত টি-20 অভিষেক । তেওঁ ভাৰতৰ হৈ ৪০ খন টেষ্ট মেচৰ ৬২ টা ইনিংছত ৩টা শতক আৰু ১১ টা অৰ্ধশতকৰ সৈতে ১৯০০ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ উপৰিও, তেওঁ ৩০৪ খন এদিনীয়াৰ ২৭৮ টা ইনিংছত ৮৭০১ ৰাণ সংগ্ৰহ কৰিছে । এই সময়ছোৱাত তেওঁৰ নামত ১৪ টা শতক আৰু ৫২ টা অৰ্ধ-শতক আছে ।

যুৱৰাজে ভাৰতৰ হৈ ৫৮ খন টি-২০ খেলৰ ৫১ টা ইনিংছত ৮টা অৰ্ধশতকৰ সহায়ত ১১৭৭ ৰাণ সংগ্ৰহ কৰিছে । তেওঁ টি-২০ ফৰ্মেটত ৬ টা বলত ৬ টা ছয় মাৰিবলৈ সক্ষম হোৱা ভাৰতৰ প্ৰথমজন বেটছমেন। তেওঁ ভাৰতৰ ২০০৭ চনৰ টি-২০ বিশ্বকাপ আৰু ২০১১ চনৰ এদিনীয়া বিশ্বকাপ বিজয়ী দলৰ অংশ আছিল ।

লগতে পঢ়ক: ৰোহিত-জাডেজাৰ শতকেৰে ৰাজকোটত শক্তিশালী স্থিতিত ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.