ETV Bharat / bharat

নিৰাপত্তাৰক্ষীক মাতক, বাহিৰলৈ যাওক: নীট কেলেংকাৰীৰ শুনানিৰ সময়ত অগ্নিশৰ্মা মুখ্য ন্যায়াধীশ - NEET UG 2024 ROW

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 6:49 PM IST

Chief Justice of India: নীট-ইউ জি পৰীক্ষা বাতিলৰ গোচৰৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে ঘটিল এই ঘটনা ৷ তাৰপিচত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কঠোৰ সিদ্ধান্ত ৷ মুখ্য ন্যায়াধীশৰ এনে ৰূপ দেখি স্তম্ভিত সকলো ৷ পঢ়ক বিতং খবৰ...

NEET UG 2024 ROW
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় (ANI)

নেশ্যনেল ডেস্ক, 23 জুলাই: দেশৰ শীৰ্ষ আদালতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় খঙত অগ্নিশৰ্মা ৷ কৰ্তব্যৰত অৱস্থাতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে অধিবক্তাক নিৰ্দেশ দিলে সেই স্থান ত্যাগ কৰিবলৈ ৷ মঙলবাৰে নীট-ইউ জি পৰীক্ষা সম্পৰ্কীয় আবেদনৰ শুনানিৰ সময়ত হস্তক্ষেপ কৰাৰ অভিযোগত মেথিউছ নেদাম্পাৰা নামৰ এগৰাকী অধিবক্তাক আদালতৰ বাহিৰলৈ যাবলৈ ন্যায়াধীশগৰাকীয়ে তৎকালীনভাৱে নিৰ্দেশ প্ৰদান কৰে ৷

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড় আৰু নেদাম্পাৰাৰ মাজত আদালতৰ বিচাৰকক্ষতে বাক-বিতণ্ডা আৰম্ভ হয় ৷ পৰৱৰ্তী সময়ত এই বাক-বিতণ্ডাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ মুখ্য ন্যায়াধীশগৰাকীৰ নেতৃত্বত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে নীট-ইউ জি পৰীক্ষা বাতিলৰ বাবে যুক্তি-তৰ্ক কৰি থকা জ্যেষ্ঠ অধিবক্তা নৰেন্দ্ৰ হুদাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল । ঠিক এনে সময়তে হুদাৰ যুক্তি খণ্ডন কৰিব পৰাকৈ "মোৰ কিবা ক'বলৈ আছে" বুলি নেদুম্পাৰাই মাত দিয়ে ৷

লগতে পঢ়ক: ০.০০১ শতাংশ গাফিলতি হ'লেও ইয়াৰ সৈতে মোকাবিলা কৰা উচিত: উচ্চতম ন্যায়ালয় - NEET paper leak case

নেদাম্পাৰাই নিজৰ স্থিতিত অটল থাকি দৃঢ়ভাৱে কৈছিল যে, মুখ্য ন্যায়াধীশে সোধা প্ৰশ্নৰ উত্তৰ তেওঁৰ ওচৰত আছে ৷ অৱশ্যে ন্যায়াধীশ চন্দ্ৰচূড়ে নেদাম্পাৰাক হুদাক তেওঁৰ তথ্য দাখিল সম্পূৰ্ণ কৰিবলৈ অনুমতি দিবলৈ কৈছিল ।

নেদাম্পাৰাই কৈছিল যে, তেওঁ বিষয়টোত 16 জন শিক্ষাৰ্থীক প্ৰতিনিধিত্ব কৰি আছে আৰু তেওঁ আবেদনকাৰীৰ ফালৰ পৰা তৰ্ক কৰা অধিবক্তাসকলৰ ভিতৰত আদালতৰ জ্যেষ্ঠতম অধিবক্তাও । যাৰ বাবে নেদাম্পাৰাই তেওঁৰ কথাখিনি প্ৰথমে শুনিবলৈ মুখ্য ন্যায়াধীশগৰাকীক আহ্বান জনায় । প্ৰত্যুত্তৰত মুখ্য ন্যায়াধীশগৰাকীয়ে হুদাৰ যুক্তি-তৰ্ক সম্পূৰ্ণ হোৱাৰ পিচতহে নেদাম্পাৰাৰ যুক্তি শুনাৰ পোষকতা কৰে ৷

লগতে পঢ়ক: সংসদৰ বাজেট অধিৱেশন: নীট পৰীক্ষা জালিয়াতিৰ পৰা কানৱাৰ যাত্ৰালৈ ভিন্ন বিষয়েৰে চৰকাৰক আক্ৰমণৰ লক্ষ্য বিৰোধীৰ - Parliament Budget Session

অৱশ্যে নেদাম্পাৰাই তেওঁৰ যুক্তি প্ৰথমে শুনিবলৈ মুখ্য ন্যায়াধীশগৰাকীক হেঁচা প্ৰদান কৰে ৷ মুখ্য ন্যায়াধীশগৰাকীয়ে খঙত বাধ্য হৈ অধিবক্তাগৰাকীক আদালত কক্ষৰ পৰা অপসাৰণ কৰাৰ ভাবুকি প্ৰদান কৰে ৷ ইয়াৰ উত্তৰত নেদাম্পাৰাই আদালতে তেওঁৰ প্ৰতি ন্যায়সংগত নহয় বুলি অভিযোগ উত্থাপন কৰি এয়া অতি অন্যায় বুলি উভতি ধৰে । অধিবক্তাগৰাকীৰ এনে উত্তৰত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ খং উঠে আৰু ততালিকে নিৰাপত্তাৰক্ষীক মাতি অধিবক্তাগৰাকীক তাৰ পৰা বাহিৰলৈ উলিয়াই পঠিয়াব নিৰ্দেশ প্ৰদান কৰে ৷

মুখ্য ন্যায়াধীশগৰাকীয়ে কঠোৰ সুৰত অধিবক্তাগৰাকীক উদ্দেশ্যি কয় যে, তেওঁ কোনো অধিবক্তাকে আদালতৰ নিৰ্দেশ অমান্য কৰাৰ সুবিধা প্ৰদান নকৰে ৷ শুনানিত উপস্থিত থকা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা(এনটিএ) ক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই সন্দৰ্ভত নেদাম্পাৰাৰ আচৰণ অৱমাননামূলক বুলি গণ্য কৰে ।

লগতে পঢ়ক: NEET-UG 2024 পুনৰ পৰীক্ষা স্থগিতৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় - UGC NET 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.