ETV Bharat / bharat

যাত্ৰীবাহী বাছ বাগৰি 21 জনৰ মৃত্যু, 40 গৰাকী আহত - bus rolls down deep gorge

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 7:17 PM IST

21 died in tragic road accident : জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত শিহৰণকাৰী পথ দুৰ্ঘটনা ৷ দ খাৱৈত বাছ বাগৰি 21 জন লোকৰ মৃত্যু, লগতে 40 গৰাকী লোক আহত হৈছে ৷

21 died in tragic road accident
যাত্ৰীবাহী বাছ বাগৰি 21 জনৰ মৃত্যু, 40 গৰাকী আহত (ETV BHARAT ASSAM)

নেশ্যনেল ডেস্ক, 30 মে’ : জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ ৰাজপথত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৷ বৃহস্পতিবাৰে এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে ৷ এই পথ দুৰ্ঘটনাত 21 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 40 গৰাকী লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷ ইয়াৰে কিছু লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

জম্মুৰ জিলা আয়ুক্তই কোৱা অনুসৰি "উত্তৰ প্ৰদেশৰ হাথৰাছৰ পৰা যাত্ৰী কঢ়িয়াই অনা বাছখন জম্মুৰ আখনুৰৰ তাণ্ডাৰ ওচৰত দুৰ্ঘটনাত পতিত হয় ৷ মৃতসকল উত্তৰ প্ৰদেশ ৰাজ্যৰ হাথৰছ অঞ্চলৰ বুলি তেওঁ জানিবলৈ দিয়ে ৷ এই দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে এটা উদ্ধাৰকাৰী আৰু সাহাৰ্য দল ঘটনাস্থলীলৈ ৰাওনা হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখে ৷

আৰক্ষীৰ মুখপাত্ৰই কোৱা অনুসৰি UP81CT-4058 নম্বৰৰ বাছখনে হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ পৰা পুনিৰ শিৱখোৰী অভিমুখে ভক্তসকলক কঢ়িয়াই লৈ আহিছিল ৷ যেতিয়া বাছখন চকী চৌৰাৰ টুংগী মৰ্হৰত উপস্থিত হৈছিল তেতিয়াই দ খাৱৈত বাগৰি পৰিছিল ৷ যাৰ ফলত বাছখনত থকা 21 জন যাত্ৰীৰ মৃত্যু হয়, লগতে 40 গৰাকী লোকৰ মৃত্যু হয় ৷

ইতিমধ্যে উদ্ধাৰ হোৱা মৃতদেহকেইটা এছ ডি এইছ আখনুৰলৈ স্থানান্তৰিত কৰা হৈছে ৷ আনহাতে আহতসকলক এছ ডি এইছ আখনুৰত ভৰ্তি কৰা হৈছে ৷ এতিয়াও ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে ৷

এই ঘটনাৰ পিচতে জম্মু কাশ্মীৰৰ উপ-ৰাজ্যপালে মনোজ সিনহাই শোক প্ৰকাশ কৰিছে। এল জি মনোজ সিনহাই ছ'চিয়েল নেটৱৰ্কিং ছাইট এক্সত কয় যে : "জম্মুৰ আখনুৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । মই আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো । ‘‘

লগতে পঢ়ক: ৰাজপথত বাগৰিল দ্ৰুতবেগী বাহন: থিতাতে নিহত দুজন - ROAD ACCIDENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.