ETV Bharat / bharat

অশান্ত বাংলাদেশ : সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী বি এছ এফৰ - Bangladesh crisis

author img

By ETV Bharat Assamese Team

Published : Aug 10, 2024, 10:19 AM IST

Indo Bangladesh border : ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশকাৰীৰ ভিৰ ৷ সষ্টম বি এছ এফ ৷ মেঘালয় সীমান্তত ৰবৰ বুলেট নিক্ষেপ ৷

BSF tightens security amid ongoing crisis in Bangladesh
সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী (BSF)

তেজপুৰ, 10 আগষ্ট: বাংলাদেশৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ পাচতে সষ্টম হৈ পৰিছে প্ৰতিটো ভাৰত-বাংলাদেশ সীমান্ত ৷ পশ্চিমবংগৰ কোচবিহাৰৰ ভাৰত-বাংলাদেশ সীমান্তত প্ৰায় শতাধিক বাংলাদেশী শৰণাৰ্থীয়ে ভাৰতত প্ৰৱেশ কৰিবলৈ কৰা চেষ্টা সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰতিৰোধ কৰাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তকলৈ চিন্তিত হৈ পৰিছে সচেতন মহল ।

উত্তপ্ত সীমান্ত

সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ লগতে ত্ৰিপুৰা আৰু মেঘালয় সীমান্ত অধিক স্পৰ্শকাতৰ হৈ পৰিছে । ইতিমধ্যে চুবুৰীয়া দেশ বাংলাদেশত চলি থকা ব্যাপক হিংসাত্মক পৰিস্থিতিৰ মাজতে ভাৰতৰ সীমান্তত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ ।

হিংসাত্মক ঘটনাত ভীতিগ্ৰস্ত বাংলাদেশী নাগৰিকে যোৱা দুদিন ধৰি সীমান্তত ভিৰ কৰিছেহি । ভাৰতত প্ৰৱেশৰ অনুমতি বিচাৰি অগণন বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

সীমান্ত সুৰক্ষা বাহিনী গুৱাহাটীৰ শাখাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় যে প্ৰায় 1000 ব্যক্তি, বাংলাদেশী নাগৰিকে, ভাৰতত আশ্ৰয় বিচাৰি আন্তঃৰাষ্ট্ৰীয় সীমান্তত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

এই প্ৰত্যাহ্বান বি এছ এফৰ বাবে এক নতুন প্ৰত্যাহ্বান, কিয়নো মুখ্যতঃ বাংলাদেশ আৰু পাকিস্তান উভয় সীমান্তৰ নিৰাপত্তাৰ দায়িত্ব অৰ্পণ কৰা হৈছে এই বিএছএফক । সীমান্তত এই বিএছএফ বাহিনীয়ে সম্প্ৰতি এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বুলি জানিব দিয়ে ৷ অৱশ্যে এই প্ৰত্যাহ্বান প্ৰতিহত কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে ।

ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশকাৰীৰ ভিৰ (BSF)

এই অনুপ্ৰৱেশৰ সন্মুখীন হোৱাৰ লগে লগে বি এছ এফে তৎক্ষণাত নিজৰ সীমান্তৰক্ষী বাংলাদেশ (বিজিবি)ৰ সৈতে যোগাযোগ কৰে যাতে এই বাংলাদেশী নাগৰিকসকলক ঘূৰাই নিব পাৰে তথা উত্তেজনা বৃদ্ধি নকৰাকৈ পৰিস্থিতি পৰিচালনা কৰিব পৰা যায় ।

ৰবৰ বুলেট নিক্ষেপ

আনহাতে, মেঘালয়ৰ সীমান্তত বৃহস্পতিবাৰে কিছু লোকক লক্ষ্য কৰি মেঘালয়ৰ সীমান্ত সুৰক্ষা বাহিনীৰ দ্বাৰা গুলীচালনা কৰা হৈছিল বুলিও সদৰী কৰে । সীমান্ত সুৰক্ষা বাহিনীৰ এগৰাকী উচ্চপদস্থ বিষয়াৰ তথ্য অনুসৰি সীমান্তৰ এটা বিশেষ স্থানত কিছু লোকক লক্ষ্য কৰি ৰবৰ বুলেটৰ দুই জাঁই গুলীচালনা কৰা হয় বুলি জানিব দিয়ে । বৰ্তমান মেঘালয়ৰ সীমান্তত সম্পূৰ্ণ নিছিদ্ৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

ত্ৰিপুৰা-বাংলাদেশ সীমান্ত

আনহাতে ত্ৰিপুৰা সীমান্তৰ বিষয়ে সীমান্ত সুৰক্ষা বাহিনীয়ে কোনো তথ্য দিয়াৰ পৰা বিৰত থাকে যদিও সম্পূৰ্ণ এলেকাত কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হৈছে । ইতিমধ্যে সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত-বাংলাদেশ সীমান্তত সতৰ্কতা আৰু চোৰাংচোৱা বৃদ্ধি কৰিছে ৷ 509 কিলোমিটাৰ সীমান্তত 11 টা অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে ।

ত্ৰিপুৰা-বাংলাদেশ সীমান্তৰ দৈৰ্ঘ 856 কিলোমিটাৰতকৈও অধিক । সীমান্তত কেইবাটাও ক্ৰছিং পইণ্ট আছে, তাৰ ভিতৰত আখৌৰা-আগৰতলা সীমান্ত ক্ৰছিং, যিটো মূল প্ৰৱেশ পইণ্ট ।

যোৱা কিছু বছৰত ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত বাণিজ্য বৃদ্ধি পাইছে, দুয়োখন দেশে অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধিৰ বাবে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে । অৱশ্যে সীমান্তত চোৰাং ব্যৱসায়, অবৈধ অনুপ্ৰৱেশ, আৰু অন্যান্য নিৰাপত্তাজনিত উদ্ৰেকৰো সৃষ্টি হৈছে ।

লগতে পঢ়ক: বাংলাদেশৰ পৰা ভাৰতলৈ নাহিবলৈ বাংলাদেশত থকা হিন্দুসকলক আহ্বান হিন্দু ৰক্ষী দলৰ - Hindu rakshi dal protests

ভাৰতীয় পাছপ’ৰ্ট থকা লোকসকলকহে অসমত প্ৰৱেশৰ অনুমতি দিয়া হ’ব : আৰক্ষী সঞ্চালকপ্ৰধান - ASSAM DGP ON BANGLADESH VIOLENCE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.