ETV Bharat / bharat

চীন অধিকৃত তিব্বত সংযোগী পথ আৰু হেলিপেড নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ বি আৰ অ'ৰ - Border roads organisation - BORDER ROADS ORGANISATION

BRO Road Construction in Arunachal : উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড স্বৰূপ মেচুকালৈ এই গুৰুত্বপূৰ্ণ পথছোৱাত সকলো বতৰতে যাতে যিকোনো শ্ৰেণীৰ যান-বাহন সুচলভাবে চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ উচ্চ প্রযুক্তি আৰু কাৰিকৰী কৌশল ব্যৱহাৰ কৰিছে বি আৰ অ'ৱে ।

BRO Road Construction in Arunachal
বি আৰ অ'ৱে নিৰ্মাণ কৰা পথ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 8:51 PM IST

গুৱাহাটী, ২০ মে' : অৰুণাচল প্ৰদেশৰ চীন সীমান্ত আৰু সামৰিক দৃষ্টিকোণৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত এক অঞ্চল হৈছে মেচুকা । উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড স্বৰূপ এই মেচুকাসহ তিব্বত সীমান্তৰ (বৰ্তমান চীনৰ দখলত) প্ৰতিটো অঞ্চললৈ সামৰিক-অসামৰিক সকলো বাহনৰ সুচল যাতায়াতৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে সীমান্ত পথ সংস্থা চমুকৈ বি আৰ অ'ৱে । এই অঞ্চলত পথ নিৰ্মাণত বিশেষ কাৰিকৰী কৌশল তথা নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ পথ নিৰ্মাণ সংস্থাটোৱে । ইয়াৰে অংশ হিচাপে অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ সদৰ আলং হৈ কায়িঙলৈ ইতিমধ্যে বি আৰ অ'ৱে সকলো বতৰতে যাতায়াত কৰিব পৰা দুইলে'নযুক্ত পথৰ নিৰ্মাণ সস্পূৰ্ণ কৰিছে ।

BRO Road Construction in Arunachal
পথ নিৰ্মাণত ব্যস্ত একাংশ শ্ৰমিক (ETV Bharat Assam)

ভাৰত-চীন সীমান্তত বি আৰ অ'ৰ আধুনিক কৌশলেৰে পথ নিৰ্মাণ

বৰ্তমান কায়িঙৰ পৰা টাটো হৈ প্ৰায় ১৪৫ কিলোমিটাৰ নিলগৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড স্বৰূপ মেচুকালৈ এই গুৰুত্বপূৰ্ণ পথছোৱাত সকলো বতৰতে যাতে যিকোনো শ্ৰেণীৰ যান-বাহন সুচলভাবে চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ উচ্চ প্রযুক্তি আৰু কাৰিকৰী কৌশল ব্যৱহাৰ কৰিছে বি আৰ অ'ৱে । কিয়নো হিমালয় পৰ্বতমালাৰ অংশ হিচাপে পৰিচিত অৰুণাচল প্ৰদেশত পথ নিৰ্মাণ কৰা আৰু উক্ত পথত বছৰটোৰ সকলো সময়তে যান-বাহনৰ যাতায়াত অব্যাহত ৰখাটো বি আৰ অ'কে ধৰি উক্ত অঞ্চলত পথ নিৰ্মাণৰ লগত জড়িত সংস্থাসমূহৰ বাবে এক বিৰাট প্ৰত্যাহ্বান । কিয়নো ৰাজ্যখনত আগদিনা নিৰ্মাণ সম্পূৰ্ণ কৰা এটা পথ বা দলং এখন নিশাৰ ভিতৰতে অহা প্ৰচণ্ড তুষাৰপাত বা বৃষ্টিপাতে উটুৱাই নিয়াৰ বহু উদাহৰণ আছে । আনকি পথ নিৰ্মাণ কৰি থকা অৱস্থাতে বি আৰ অ'ৰ বহু জোৱান বা শ্ৰমিক পাহাৰ খহি বা বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱাৰ দৰে বহু ঘটনাও সংঘটিত হৈছে ।

সামৰিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ আলং-কায়িং-টাটো-মেচুকা সংযোগী পথ

উল্লেখ্য যে অসমৰ ধেমাজি জিলাৰ জোনাইৰ পৰা পাচিঘাটলৈ দূৰত্ব মাত্ৰ ৩৫ কিলোমিটাৰ । তেনেদৰে পাচিঘাটৰ পৰা আলঙলৈ দূৰত্ব মাত্ৰ ১০০ কিলোমিটাৰ । আনহাতে, আলঙৰ পৰা ভাৰতৰ ছুইজাৰলেণ্ড স্বৰূপ তথা ভাৰত-চীন অধিকৃত তিব্বত সীমান্তৱৰ্তী মেচুকা চহৰলৈ দূৰত্ব ১৮৫ কিলোমিটাৰ । ভাৰতৰ সামৰিক দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপুৰ্ণ স্থান হিচাপে পৰিগণিত হৈ অহা আলং-কায়িং-টাটো-মেচুকা সংযোগী পথটো বি আৰ অ'ৰ অৰুণাচল প্ৰদেশৰ পাচিঘাটস্থিত ব্রহ্মাংক প্ৰকল্পৰ অধীনৰ আলংস্থিত ৪৪ বর্ডাৰ ৰোডছ টাস্ক ফ'ৰ্চে ( বি আৰ টি এফ ) নিৰ্মাণ কৰি আছে ।

BRO Road Construction in Arunachal
পথ নিৰ্মাণত ব্যস্ত বি আৰ অ' (ETV Bharat Assam)

প্ৰতিকূল পৰিস্থিতিক নেওচিও পথ নিৰ্মাণ

৪৪ বি আৰ টি অফৰ কমাণ্ডাৰ, কৰ্ণেল বি পি এছ টোমাৰে জানিবলৈ দিয়া অনুসৰি, এইবেলি জানুৱাৰী মাহৰ শেষ সপ্তাহৰ পৰা প্ৰায়ে আহি থকা বৰষুণে পথ নিৰ্মাণকাৰ্যত ব্যাঘাতৰ সৃষ্টি কৰি আহিছে । কিন্তু বি আৰ অ'ৱে সকলো প্ৰতিকূল পৰিস্থিতিক নেওচিও পথ নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছে । যিহেতু বছৰটোৰ ৩৬৫ টা দিনৰ ২৫০ দিনৰো অধিক দিনেই তাত বৰষুণ হৈ থাকে, যাৰ বাবে বি আৰ অ'ৱে নতুন প্ৰযুক্তিৰ লগতে পথ নিৰ্মাণত ব্যৱহৃত শেহতীয়া অত্যাধুনিক কাৰিকৰী কৌশল ব্যৱহাৰ কৰিবলগীয়া হৈছে । একে সময়তে পথত যাতে দুৰ্ঘটনাৰ মাত্ৰা ৰোধ কৰিব পাৰি তাৰ বাবেও বি আৰ অ'ৱে বিশেষ ব্যৱস্থা আৰু উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে । বিশেষকৈ দুৰ্ঘটনা সংঘটিত হ'লেও আহত বা নিহতৰ সংখ্যা কম কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত আলঙৰ পৰা কায়িঙলৈ ৪৪ কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱাত ২০২৩ চনত চাৰিটা দুৰ্ঘটনা সংঘটিত হোৱা সত্ত্বেও এজন লোক নিহত হোৱা নাই ।

অতি দুৰ্ঘটনা প্ৰৱণ এই পথছোৱাত বিশেষ ব্যৱস্থা গ্ৰহণ

ইয়াৰ পূৰ্বে ২০২২ চনত সেই পথছোৱাত চাৰিটা দুৰ্ঘটনা সংঘটিত হৈছিল আৰু এই দুৰ্ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱাইছিল । তেনেদৰে ক'ৰবাত ভূমিস্খলনৰ ঘটনা সংঘটিত হ'লেও বি আৰু অ'ৰ অভিযন্তা আৰু শ্রমিকসকলে প্ৰতিবন্ধকতা, প্রত্যাহ্বান নেওচিও জে চি বি বা আন যন্ত্রাশংৰে এদিন বা এবেলাৰ ভিতৰতে পথটো যাতায়াতৰ বাবে মুকলি কৰিবলৈ সক্ষম হৈছে । আনকি ২০২২ চনৰ ২২ জুলাইত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড বৃষ্টিপাতৰ বাবে টাটো-মনিগাং সংযোগী পথৰ এখন বেইলী দলং উটি গৈছিল । ফলত তাত আবদ্ধ হৈ পৰিছিল অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ তথা মেচুকাৰ বিধায়ক পাচাং ডি সোণা । কিন্তু বি আৰ অ'ৱে নেৰানেপেৰা বৰষুণক নেওচি মাত্ৰ ৩০ ঘণ্টাৰ ভিতৰতে পথসহ নতুনকৈ এখন বেইলী দলং নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল । যাৰ বাবে বিধানসভাৰ অধ্যক্ষ পাচাং ডি সোণায়ে কিছুদিন পিচত ৪৪ বি আৰ টি এফৰ কমাণ্ডাৰ কৰ্ণেল বি পি এছ টোমাৰক কৃতজ্ঞতাৰ চিন স্বৰূপে এখন প্ৰশংসামূলক প্ৰশস্তি পত্ৰ প্ৰেৰণ কৰিছিল ।

BRO Road Construction in Arunachal
বিভাগীয় ব্যক্তিৰ কাম তদাৰক (ETV Bharat Assam)

নিৰ্মাণ কৰা হৈছে হেলিপেড

আনকি ৪৪ বি আৰ টি এফে কায়িঙত অত্যাধুনিক বৈজ্ঞানিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰি আছে এখন হেলিপেডো । আই আই টি, গুৱাহাটীৰ বিশেষজ্ঞই বিশেষভাবে ডিজাইন কৰা হেলিপেডখন হ'ব বি আৰ অ'ৰ ইতিহাসত প্ৰথম এনে এখন হেলিপেড, যিখনত অসমত পথ নিৰ্মাণত সততে ব্যৱহাৰ পেভাৰ ব্লক ব্যৱহাৰ কৰা হৈছে । অৱশ্যে অসমত পথ নিৰ্মাণত ব্যৱহৃত পেভাৰ ব্লক যেন দেখাত লাগিলেও তাত ব্যৱহাৰ কৰা হৈছে এম-৫০ গ্ৰেডৰ অতি উন্নতমানৰ ইণ্টাৰ লকিং কংক্ৰিট ব্লক চমুকৈ আই টি চি বি । ইফালে হেলিপেডত যাতে এটোপালো পানী ভিতৰলৈ সৰকিব নোৱাৰে আৰু স্থায়িত্ব দীৰ্ঘদিন ধৰি অক্ষুণ্ণ থাকে তাৰ বাবে তাত গ্ৰেট ব্ৰিটেইনত নিৰ্মিত এক বিশেষ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হৈছে ।

উৰণ-অৱতৰণ কৰিব পাৰিব অতি গধুৰ যুদ্ধ হেলিকপ্টাৰো

এই হেলিপেডত বিশ্বত বৰ্তমানলৈ নিৰ্মাণ হোৱা অত্যাধুনিক চিনুককে ধৰি গধুৰ হেলিকপ্টাৰ যিকোনো বতৰতে উৰণ-অৱতৰণ কৰিব পাৰিব । সকলো ঠিকে থাকিলে আগন্তুক কিছুদিনৰ ভিতৰতে হেলিপেডৰ নিৰ্মাণকাৰ্য সম্পুৰ্ণ হ'ব বুলি হেলিপেডৰ নিৰ্মাণকাৰ্যৰ তদাৰক কৰি থকা বি আৰ অ'ৰ ৯২ আৰ চি চিৰ অফিচাৰ কমাণ্ডিং তথা কাৰ্যবাহী অভিযন্তা এছ কে পাত্ৰই সদৰী কৰিছে ।

বি আৰ অ'ৰ জনকল্যাণমূলক কাৰ্যসূচী

আনহাতে, বি আৰ অ'ৱে পথ নিৰ্মাণকাৰ্যৰ সমান্তৰালভাৱে জনকল্যাণমূলক কাৰ্যসূচীৰ অংশ হিচাপে ৰাইজৰ সুবিধাৰ বাবে সময়ে সময়ে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ, চকু পৰীক্ষা শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে বুলি ৪৪ বি আৰ টি এফৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া গুৰবিন্দৰ সিং খান্নাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক : আপুনিও ভ্ৰমণ কৰিব বিচাৰিছে নেকি উত্তৰ-পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড ? - Places to Visit in Northeast

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.