ETV Bharat / bharat

বিজেপি শাসিত ৰাজ্যত অগ্নিবীৰসকলে পাব বিশেষ সুবিধা - Exemption for Agniveer

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 12:33 PM IST

Exemption for Agniveer: কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি দেশৰ কেইবাখনো বিজেপি শাসিত ৰাজ্যই অগ্নিবীৰসকলৰ সুবিধাৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ৰাজ্যিক আৰক্ষী, জৰুৰীকালীন সেৱাকে বিভিন্ন চৰকাৰী নিযুক্তিত অগ্নিবীৰসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব । আৰক্ষী, অৰ্ধসামৰিক বাহিনী, অগ্নি নিৰ্বাপক বাহিনীত আদিত নিযুক্তিৰ ক্ষেত্ৰত অগ্নিবীৰসকলক অগ্ৰাধিকাৰ দিয়া হ'ব ।

BJP announced benefits for Agniveers
বিজেপি শাসিত ৰাজ্যত অগ্নিবীৰসকলে পাব বিশেষ সুবিধা (ANI)

নেশ্যনেল ডেস্ক,২৭ জুলাই : কাৰ্গিল বিজয় দিৱসৰ ২৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে বিজেপি শাসিত কেইবাখনো ৰাজ্যই অগ্নিপথ আঁচনিৰ অধীনত নিয়োগ কৰা অগ্নিবীৰসকলৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । উত্তৰ প্ৰদেশ, গুজৰাট, ৰাজস্থান আৰু মধ্য প্ৰদেশে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীকে ধৰি বিভিন্ন ৰাজ্যিক সেৱাত অগ্নিবীৰসকলৰ বাবে নিযুক্তিত সংৰক্ষণ আৰু অগ্ৰাধিকাৰ প্ৰদানৰ ঘোষণা কৰিছে ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘোষণা কৰে যে অগ্নিবীৰসকলে উত্তৰ প্ৰদেশ আৰক্ষী আৰু প্ৰাদেশিক সশস্ত্ৰ কন্সটেবলৰী (পিএচি)ৰ নিযুক্তিত গুৰুত্বপূৰ্ণ সুবিধা লাভ কৰিব । আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহক উন্নয়নত বাধা দিয়া আৰু অগ্নিপথ আঁচনিৰ বিষয়ে ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে সমালোচনা কৰে ।

তেওঁ প্ৰশিক্ষিত, শৃংখলাবদ্ধ সৈনিক প্ৰস্তুত কৰাৰ আঁচনিৰ প্ৰশংসা কৰে আৰু অগ্নিবীৰসকলক ৰাজ্যিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীত একত্ৰিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে ।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও ঘোষণা কৰে যে অগ্নিবীৰসকলক সামৰিক সেৱাৰ পৰা উভতি অহাৰ পিচত চৰকাৰী চাকৰিত সংৰক্ষণৰ ভিত্তিত নিযুক্তি দিয়া হ'ব । ধামীয়ে গুৰুত্ব আৰোপ কৰে যে এই সংৰক্ষণক আনুষ্ঠানিক ৰূপ দিয়াৰ বাবে এক আইন প্ৰৱৰ্তন কৰা হ'ব, যাৰ লক্ষ্য হৈছে বিভিন্ন ৰাজ্যিক বিভাগত অগ্নিবীৰৰ দক্ষতা আৰু অনুশাসন ব্যৱহাৰ কৰা ।

লগতে পঢ়ক : আজিৰে পৰা উজনি অসমৰ ৯ জিলাত অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ - Agniveer Recruitment

ইয়াৰ উপৰিও শ্বহীদসকলৰ পৰিয়ালক প্ৰদান কৰা সাহায্য ১০ লাখ টকাৰ পৰা ৫০ লাখ টকালৈ বৃদ্ধি কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে । ধামীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰশংসা কৰে আৰু তেওঁৰ চৰকাৰৰ অধীনত সামৰিক কল্যাণৰ উন্নতিৰ ওপৰত আলোকপাত কৰে ।

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ঘোষণা কৰে যে সশস্ত্ৰ আৰক্ষী আৰু ৰাজ্যিক ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (এছআৰপি) নিযুক্তিত অগ্নিবীৰসকলক অগ্ৰাধিকাৰ দিয়া হ'ব । পেটেলে অগ্নিপথ আঁচনিৰ সপক্ষে কয় যে ই এক যুৱ আৰু কাৰ্যকৰী সামৰিক শক্তিত অৰিহণা যোগাব আৰু আভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰিব ।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে নিশ্চিত কৰিছে যে অগ্নিবীৰসকলে ৰাজ্যিক আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু অগ্নি নিৰ্বাপক সেৱাৰ নিযুক্তিত সংৰক্ষণৰ ভিত্তিত নিযুক্তি পাব । যাদৱে সেনাৰ আধুনিকীকৰণ আৰু যুৱ সৈনিকসকলক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাৰ সৈতে সংযোগ কৰাত অগ্নিপথ আঁচনিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক : ২৩ ৰ পৰা ২৭ জুলাইলৈ মধ্য অসমৰ চাৰি জিলাত অগ্নিবীৰ নিযুক্তি সমাৱেশ - Agniveer recruitment

ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই প্ৰকাশ কৰে যে অগ্নিবীৰসকলৰ বাবে আৰক্ষী বিভাগত সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব । লগতে কাৰাগাৰ ৰক্ষী আৰু বনৰক্ষী হিচাপে তেওঁলোকক নিযুক্তি দিয়া হ'ব ।

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অসম আৰক্ষীত নিযুক্তিৰ বাবে অগ্নিবীৰসকলক প্ৰাথমিকতা দিয়া হ'ব । অগ্নিপথ আঁচনিক দুৰ্বল কৰাৰ বিৰোধী দলৰ প্ৰচেষ্টাক নিন্দা কৰে আৰু প্ৰশিক্ষিত অগ্নিবীৰসকলক ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰাৰ লক্ষ্যৰে এই উদ্যোগৰ প্ৰতি অসমৰ সমৰ্থন নিশ্চিত কৰে ।

ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঁঝিয়ে কয় যে অগ্নিবীৰসকলে ১০ শতাংশ সংৰক্ষণ আৰু বিভিন্ন সেৱাৰ বাবে ৫ বছৰ বয়সৰ ৰেহাইৰ পৰা লাভান্বিত হ'ব । অৰুণাচল প্ৰদেশ চৰকাৰেও ৰাজ্যখনৰ আৰক্ষী, জৰুৰীকালীন আৰু অগ্নি নিৰ্বাপক সেৱাৰ বাবে নিযুক্তিৰ সময়ত অগ্নিবীৰসকলক অগ্ৰাধিকাৰ দিয়াৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক : কুপৱাৰাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত ৩ সেনা জোৱান আহত : নিহত ১ সন্ত্ৰাসবাদী - JK terrorist attack

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.