ETV Bharat / bharat

বিধানসভাৰ ভিতৰতে বিচনা পাৰি নিশা শুলে বিজেপিৰ বিধায়ক: ক’ত এনে অৱস্থা বিধায়কৰ ? - MUDA SCAM - MUDA SCAM

Karnataka BJP Protest: বিধানসভাত শুই দেশজুৰি চৰ্চা লাভ কৰিছে কেইগৰাকীমান বিধায়কে ৷ সদন চলি থকা সময়ত দুই একে টোপনি মৰা দৃশ্য আপুনি দেখিছে ৷ কিন্তু সদনত বিচনা পাৰি বিধায়কে নিশা কটোৱা হয়তো কাহানিও শুনা নাই ৷ বিজেপি দলৰ বিধায়কৰ এই কাৰ্যক লৈ এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে ৷

MUDA SCAM
কৰ্ণাটক বিধানসভাৰ দৃশ্য (ANI)
author img

By ANI

Published : Jul 25, 2024, 11:00 AM IST

নিউজ ডেস্ক, 25 জুলাই: বিধানসভাৰ ভিতৰতে নৈশযাপন বিজেপি নেতাৰ ৷ বিৰোধী দলৰ নেতাৰ সৈতে বিজেপিৰ সভাপতিকে ধৰি বিধায়কসকলে এনিশা কটালে বিধানসভাৰ ভিতৰত ৷ অৱশ্যে এয়া প্ৰতিবাদৰহে এক চিহ্ন ৷

এই আমোদজনক প্ৰতিবাদ সাব্যস্ত কৰিছে কৰ্ণাটকৰ বিজেপি নেতাসকলে ৷ বিজেপি নেতা-বিধায়কসকলে বিধানসভাত শুই শুই মহীশূৰ নগৰ উন্নয়ন প্ৰাধিকৰণ(এম ইউ ডি এ) কেলেংকাৰীৰ সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰি আলোচনাৰ দাবী জনাইছে ।

কৰ্ণাটক বিজেপিয়ে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ পদত্যাগ দাবী কৰি অভিযোগ কৰে যে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশতে এই মুদা কেলেংকাৰী সংঘটিত হৈছে ৷

দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ চৰকাৰৰ বাল্মীকি উন্নয়ন নিগমৰ বহু কোটি টকাৰ দুৰ্নীতিয়ে, অনুসূচীত জাতি সম্প্ৰদায়সমূহক আন উদ্দেশ্যৰ বাবে অনুসূচীত জাতি সম্প্ৰদায়ৰ বিকাশৰ বাবে নিৰ্ধাৰিত ধন ব্যৱহাৰ কৰি বিশ্বাসঘাটকতা কৰে । ৰাজ্যিক সভাপতি @BYVijayendra আৰু বিৰোধী দলৰ নেতা @RAshokaBJP ৰ নেতৃত্বত বিধানসভাত বিজেপি আৰু দুয়োখন সদনৰ জে ডি এছ সদস্যসকলে এক আন্দোলন আৰম্ভ কৰা বুলি বৃহস্পতিবাৰে সামাজিক মাধ্য়ম এক্সত পোষ্ট কৰা হয় ।

"আমি মুদা কেলেংকাৰীৰ জনক @siddaramaiah মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছো । অনুসূচীত জনজাতি আৰু দৰিদ্ৰসকলে ন্যায় নোপোৱালৈকে বিজেপিৰ এই সংগ্ৰাম অব্যাহত থাকিব । বিধানসভাৰ বিৰোধী দলৰ নেতা @NswamyChalavadi, প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক @CTRavi_BJP ধৰি বিজেপি আৰু জে ডি এছ দলকে ধৰি বিধানসভা আৰু বিধান পৰিষদৰ সদস্যসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল," বুলি ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সদৰী কৰা হৈছে ৷

ৰাজ্যিক দলৰ সভাপতি বিজয়েন্দ্ৰই মহীশূৰৰ মুদা কেলেংকাৰীক গৰিহণা দিয়ে আৰু লগতে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াৰ পদত্যাগ দাবী কৰে । অনুসূচীত জনজাতিৰ কল্যাণৰ বাবে নিৰ্ধাৰিত মহৰ্ষি বাল্মীকি নিগমৰ ১৮৭ কোটি আত্মসাৎ কৰাৰ পিছত ইতিমধ্যে ইডিয়ে আটক কৰিছে বিধায়ক বি নাগেন্দ্ৰক ৷

আনহাতে, মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াক আক্ৰমণ কৰি বিজয়েন্দ্ৰই কয় যে, মুখ্যমন্ত্ৰীয়ে বাল্মীকি উন্নয়ন নিগম কেলেংকাৰীৰ বিষয়ে একো নাজানে বুলি কৈ দায়িত্বৰ পৰা পলাই যাবলৈ চেষ্টা কৰি আছে । বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই কৈছে যে, বাল্মীকি কৰ্প’ৰেচনৰ ১৮৭ কোটি টকাৰ সুৰক্ষাৰ বাবে তেওঁ দায়বদ্ধ নহয় আৰু এই কেলেংকাৰীৰ বিষয়ত মুখ্যমন্ত্ৰীগৰাকীয়ে একো নাজানে ।

মুখ্যমন্ত্ৰীগৰাকীক উভতি ধৰি দায়িত্বৰ পৰা পৰিত্ৰাণ পোৱাটো এটা ধূৰ্ত ধাৰণা, যাৰ সঠিক উত্তৰ আপুনি তদন্তৰ সময়ত পাব বুলি বিজয়েন্দ্ৰই উল্লেখ কৰে ৷ তেওঁ ৰাজ্য চৰকাৰৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখি প্ৰশ্ন কৰিছিল যে, তেওঁলোকে মুদা কেলেংকাৰীৰ তদন্ত কৰিবলৈ কিয় দ্বিধাবোধ কৰিছে ।

মুখ্যমন্ত্ৰীক টাৰ্গেট কৰি "আপুনি এই কেলেংকাৰীৰ জনক, কিয়নো আপুনি অবৈধভাৱে আপোনাৰ পত্নীৰ নামত 14 টা ভূমি অধিগ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ পদবীৰ মৰ্যদা আৰু সন্মানকো প্ৰৱঞ্চনা কৰিছে । এয়া লজ্জাজনক যে, আপুনি নিজে দুৰ্নীতিগ্ৰস্ত হৈ স্বজন-পোষণৰ মুকুট পিন্ধিছে," বুলি তেওঁ লগতে কয় ।

তেওঁ ১৯৭৫ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আৰোপ কৰা জৰুৰীকালীন অৱস্থাৰ ওপৰত আলোকপাত কৰি কয়, "এনে লাগিছে যে আপুনি ৭০ ৰ দশকত জৰুৰীকালীন অৱস্থাৰ অন্ধকাৰ প্ৰেক্ষাপট পুনৰ প্ৰণয়ন কৰিবলৈ গৈ আছে । আমাৰ সংগ্ৰাম কেৱল আপোনাৰ দমনমূলক মনোভাৱৰ বিৰুদ্ধে নহয়, আপোনাৰ নেতৃত্বত থকা চৰকাৰ, যি গণতান্ত্ৰিক ব্যৱস্থাক অন্ধকাৰ কৰিবলৈ চেষ্টা কৰি দুৰ্নীতিক সুৰক্ষা দি আছে, ক্ষমতাৰ পৰা আঁতৰ নোহোৱালৈকে আমাৰ সংগ্ৰাম বন্ধ নহ'ব" ৷

বিজেপি নেতা ড৹ চি এন অশ্বথ নাৰায়ণে কৈছিল যে, তেওঁলোকে প্ৰতিবাদ কৰিছে কাৰণ ৰাজ্য চৰকাৰে ইয়াক প্ৰত্যাখ্যান কৰিছিল আৰু সংবিধানক অসন্মান কৰিছিল ।

লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্ত অঞ্চললৈ ৰে’লপথ সম্প্ৰসাৰণৰ লক্ষ্য ৰে’ল বিভাগৰ - INDIAN RAILWAYS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.