ৰাঁচী : জয়া আৰু নাই ৷ কোনেও কাহানিও আৰু শুনা নাপাব জয়াৰ মাত ৷ নেদেখিব আৰু জয়াক ৷ চিকিৎসক ওম প্ৰকাশ চাহুৱে উল্লেখ কৰা মতে, বৃক্কৰ ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে জয়াই । যোৱা ২২ দিনৰ পৰা চিকিৎসালয়ত চিকিৎসকৰ তত্বাৱধানত জয়াৰ চিকিৎসা চলি আছিল । কিন্তু নিয়তিৰ ওচৰত হাৰ মানি দেওবাৰে এই পৃথিৱীৰ পৰা বিদায় মাগিলে জয়াই ।
ৰৱ ! আমি উল্লেখ কৰা জয়া পিছে কোন জানেনে ? এই জয়া হৈছে ৰাঁচীৰ বীৰছা মুণ্ডা চিৰিয়াখানাৰ গৌৰৱৰ প্ৰতীক সিংহিনীজনী ৷ চিৰিয়াখানাত জয়াৰ গৰ্জন আৰু কেতিয়াও শুনা নাযাব । চিৰিয়াখানাৰ চিকিৎসক ওম প্ৰকাশ চাহুৱে, সিংহিনী জয়াৰ মৃত্যুৰ কথা সদৰী কৰিছে ৷

- গুজৰাটৰ জুনাগড়ৰ পৰা ৰাঁচীলৈ অনা হৈছিল জয়াক :
বীৰছা মুণ্ডা চিৰিয়াখানাৰ চিকিৎসক ডাঃ ওম প্ৰকাশ চাহুৱে কয় যে বিনিময় নীতিৰ (Exchange Policy) অধীনত ২০১৯ চনত গুজৰাটৰ জুনাগধৰ পৰা সিংহিনী জয়াক ৰাঁচীলৈ অনা হৈছিল । জয়াৰ বিনিময়ত এযোৰ ‘‘লেপাৰ্ড কেট’’ (নাহৰফুটুকী মেকুৰী ইংৰাজীত Leopard Cat) আৰু বীৰছা মুণ্ডা চিৰিয়াখানাৰ এটা বেণ্ডেড ক্ৰাইট সাপ (Banded krait Snake) জুনাগড় চিৰিয়াখানাক দিয়া হয় ।
- চিৰিয়াখানাত বাকী আছে মাত্ৰ এযোৰ সিংহ
ডাঃ ওম প্ৰকাশ চাহুৱে জনোৱা মতে, গুজৰাটত সিংহিনী জয়াক উদ্ধাৰ কৰাৰ পিছত জুনাগড় চিৰিয়াখানাত গতাই দিয়া হয় । সেয়ে জয়াৰ প্ৰকৃত বয়সৰ বিষয়ে সঠিক তথ্য পোৱা নাযায় ৷ অৱশ্যে উদ্ধাৰ হোৱাৰ সময়ত জয়াৰ বয়স ১৪-১৫ বছৰ বুলি অনুমান কৰা হৈছিল ।

ডাঃ ওমপ্ৰকাশ চাহুৱে আৰু কয় যে জয়াই কেতিয়াও বীৰছা মুণ্ডা চিৰিয়াখানাত গৰ্ভধাৰণ কৰা নাছিল আৰু কেতিয়াও মাতৃ হোৱা নাছিল । যোৱা বছৰ জয়াৰ সংগী সিংহটোৰো মৃত্যু হৈছিল । সিংহিনী জয়াৰ মৃত্যুৰ পিছত এতিয়া বীৰছা মুণ্ডা চিৰিয়াখানাত এটা সিংহ শশাংক আৰু এজনী সিংহিনী প্ৰিয়ংকাহে আছে ।
- গুজৰাটৰ পৰা সিংহ আৰু সিংহিনীক ৰাঁচীলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ: ডাঃ ওম প্ৰকাশ
বীৰছা মুণ্ডা চিৰিয়াখানাৰ চিকিৎসক ডাঃ ওম প্ৰকাশ চাহুৱে কয় যে বিনিময় নীতিৰ অধীনত এহাল হায়েনা আৰু এহাল ভালুকৰ বিনিময়ত গুজৰাটৰ পৰা এহাল সিংহ অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।
- মৰণোত্তৰ পৰীক্ষাৰ পিছত জয়াক শেষ বিদায় দিয়া হ’ব :
লাভ কৰা তথ্য অনুসৰি, মৃত সিংহিনী জয়াক সৎকাৰ কৰাৰ পূৰ্বে বীৰছা মুণ্ডা চিৰিয়াখানাৰ ৰাঁচী পশু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে । ডাঃ ওম প্ৰকাশে কয় যে চিকিৎসকৰ লগতে বন বিভাগৰ বিষয়াসকলো সিংহিনী জয়াৰ মৰণোত্তৰ পৰীক্ষা আৰু অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উপস্থিত আছিল । জয়াৰ মৰণোত্তৰ পৰীক্ষাৰ সকলো নমুনা উচ্চ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হ’ব ।