ETV Bharat / bharat

খহিল ভাৰতৰ দীৰ্ঘতম দলং; মৃতকৰ পৰিয়াললৈ 10 লাখ টকাৰ ক্ষতিপূৰণ - Kosi Bridge Collapse

author img

By ANI

Published : Mar 23, 2024, 12:04 PM IST

Kosi Bridge Collapse : বিহাৰৰ চুপলত নিৰ্মাণ হৈ থকা দেশৰ আটাইতকৈ দীঘল দলংখন খহি হোৱা দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্তসকললৈ আৰ্থিক পুঁজি ঘোষণা ৷ মৃতকৰ বাবে 10 লাখ আৰু আঘাতপ্ৰাপ্ত প্ৰতিজনৰ বাবে 1 লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাই ৷ দুৰ্ঘটনাটোত এজন লোকৰ মৃত্যু আৰু আন দহজন আহত হয় ।

Bihar government
দলং খহি ক্ষতিগ্ৰস্ত হোৱাসকললৈ আৰ্থিক সাহায্য ঘোষণা; মৃতকৰ পৰিয়াললৈ 10 লাখ টকাৰ ক্ষতিপূৰণ

নেশ্যনেল ডেস্ক, 23 মাৰ্চ : বিহাৰৰ চুপল আৰু মধুবনী জিলাৰ মাজত কেন্দ্ৰীয় পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ে নিৰ্মাণ কৰি থকা এখন দলং শুকুৰবাৰে ভাঙি পৰে ৷ ঘটনাত ক্ষতিগ্ৰস্তসকললৈ ক্ষতিপূৰণ ঘোষণা কৰিছে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহাই ৷ মৃতকৰ বাবে 10 লাখ টকা আৰু আঘাতপ্ৰাপ্ত প্ৰতিজনৰ বাবে 1 লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে সিনহাই ৷

উপ-মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয়, "কেন্দ্রীয় চৰকাৰে শ্রমিকসকলৰ চিকিৎসাৰ সকলো প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি ঘটনা সন্দর্ভত তদন্ত কৰিবলৈ স্পষ্ট নির্দেশ দিছে ৷ মই মাত্ৰ দলংখন ভাঙি পৰাৰ পৰ্যালোচনা কৰিছো । ছেগমেণ্টটো তুলি থাকোঁতেই পৰি যোৱাৰ ফলত শ্ৰমিকসকল আহত হয়’’ ।

তেওঁ কয়, ‘‘এই দুৰ্ঘটনাত 11 জন শ্ৰমিক আহত হয় ৷ ইয়াৰে 10 জন এতিয়া বিপদমুক্ত যদিও এজনৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু ঘটিছে । আঘাতপ্ৰাপ্ত আৰু মৃত শ্ৰমিকজনক ক্ষতিপূৰণ দিয়া হ'ব, মৃতকক 10 লাখ টকা আৰু আহত শ্ৰমিকসকলক 1 লাখকৈ টকা প্ৰদান কৰা হ’ব । পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে । ভাৰত চৰকাৰে শ্রমিকসকলৰ সকলো প্রয়োজনীয় চিকিৎসা কৰাৰ লগতে ন্যায্য তদন্ত কৰিবলৈও স্পষ্ট নির্দেশ দিছে’’ ৷

বিহাৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আহতসকলক শনিবাৰে তেওঁ নিজে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিব । ভাঙি পৰা দলংখন দৈৰ্ঘ প্ৰায় 10.2 কিলোমিটাৰ হ'ব । ঘটনাৰ প্ৰত্যক্ষদৰ্শী ধৰ্মেন্দ্ৰ যাদৱে কয়, "নিৰ্মাণাধীন স্থানডোখৰ ভাঙি পৰাৰ সময়ত প্ৰায় দহৰ পৰা এঘাৰজন লোকে কাম কৰি আছিল আৰু যেতিয়া দলংখন ভাঙিছিল তেতিয়া বহুতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ।"

চুপলৰ জিলা দণ্ডাধীশ কৌশল কুমাৰে কয়, "সেতুখনৰ এটা অংশ ভাঙি গৈছিল ৷ য'ত এজন লোকৰ মৃত্যু ঘটিছে আৰু দহজন আহত হৈছে । আহতসকল চিকিৎসাধীন হৈ আছে আৰু বিপদমুক্ত । মৃতকৰ বাবে 10 লাখ আৰু আহতসকলৰ বাবে 1 লাখ টকাৰ ক্ষচিপূৰণ ঘোষণা কৰা হৈছে ৷ ক্ৰেনৰ সহায়ত আৰু অধিক লোক আবদ্ধ হৈ আছে নেকি আমি জানিবলৈ চেষ্টা কৰিছো ।"

লগতে পঢ়ক : খহি পৰিল ভাৰতৰ দীৰ্ঘতম দলং, এজন শ্ৰমিকৰ মৃত্যু - Bakour Bridge Collapsed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.