নিউজ ডেস্ক, 21 মে’: চিকিৎসাৰ বাবে ভাৰতলৈ আহি সন্ধানহীন এজন বিদেশী সাংসদ ৷ প্ৰায় পাঁচ দিন ধৰি সন্ধানহীন হৈ আছে বাংলাদেশ আৱামী লীগৰ সাংসদ আনোৱাৰুল আজিম । যোৱা 12 মে’ দেওবাৰে কলকাতাত উপস্থিত হৈ বড়ানগৰৰ এজন বন্ধুৰ ঘৰত আশ্ৰয় লৈছিল আজিমে । ইয়াৰ পিছত 14 মে’ত বন্ধুৰ ঘৰৰ পৰা ওলাই গৈছিল তেওঁ ৷ সেই যে গ’ল, তেওঁ ঘূৰি অহা নাই ।
বাৰাকপুৰৰ আৰক্ষী আয়ুক্ত আলোক ৰাজোৰিয়াই ইটিভি ভাৰতক কয়, "বড়ানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে । আমি নিৰুদ্দেশ হোৱা গোচৰ লাভৰ পিছতে তদন্ত আৰম্ভ কৰিছোঁ । আমি ব্যক্তিজনৰ সন্ধান উলিয়াবলৈ সকলো প্ৰচেষ্টা চলাইছোঁ ।"
"কেৱল ৰাজ্যিক আৰক্ষীয়েই নহয়, আমি ইতিমধ্যে বিহাৰ আৰু ছত্তীশগড় আৰক্ষীৰ সৈতে এই বিষয়ত কথা পাতিছো, কাৰণ ব্যক্তিজনৰ ম'বাইলৰ শেষৰ টাৱাৰৰ স্থান বিহাৰত উদ্ধাৰ হৈছে । ইতিমধ্যে বিষয়টো ক্ষিপ্ৰতাৰে সমাধানৰ বাবে এখন বৈঠক চলি আছে । আমি তদন্ত কৰি আছো ৷ পৰিয়ালৰ লিখিত অভিযোগৰ ভিত্তিত বিষয়টো লোৱা হৈছে ।’’ আলোক ৰাজোৰিয়াই লগতে কয় ।
যোৱা 14 মে’ৰ পৰা সাংসদ আনোৱাৰুল আজিমৰ ফোনটো চুইচ অফ হৈ থকাৰ বাবে পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ হোৱা নাই । আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁ কলকাতালৈ অহাৰ সময়ত বড়ানগৰৰ এজন বন্ধুৰ ঘৰত আছিল । যোৱা মঙলবাৰে ঘৰৰ পৰা ওলাই আহোঁতে বন্ধুৰ পৰিয়ালক কৈছিল যে তেওঁ সেই নিশা বা সম্ভৱ নহ’লে পিছদিনা উভতি আহিব ।
কিন্তু তেতিয়াৰ পৰাই তেওঁৰ সন্ধান পোৱা নাই বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে । লগতে, তেওঁ সঘনাই কলকাতা ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াত ব্যৱহাৰ কৰা নম্বৰটোও ছুইচ অফ হৈ আছে । বাংলাদেশৰ সংসদ সদস্যজনৰ এজন বন্ধুৰ ঘৰৰ পৰা বড়ানগৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।