নেশ্যনেল ডেস্ক,১৮ আগষ্ট : এগৰাকী বিদেশী মহিলা যাত্ৰীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পিচতে বেংকক অভিমুখী এখন বিমানে শনিবাৰে বাৰাণসী বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে । মহিলাগৰাকীক লগে লগে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
বাৰাণসীত বিমানৰ জৰুৰী অৱতৰণ :
বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে ভিষ্টাৰা বিমান ইউকে ১২১ জৰুৰীকালীন অৱস্থাত বাৰাণসীত অৱতৰণ কৰিব লগা হয় । অসুস্থ মহিলা যাত্ৰীগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় আৰু তাৰ পিচত ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় । বিমানখনে পিচত পুৱা প্ৰায় ১০.৩০ বজাত পুনৰ বেংককলৈ ৰাওনা হয় ।
কি হৈছিল ?
জানিব পৰা মতে বিমানখন দিল্লীৰ পৰা পুৱা ৮:৩০ বজাত বেংককলৈ উৰা মাৰিছিল । বিমানখনৰ উৰণৰ প্ৰায় ৪৫ মিনিটৰ ভিতৰত পুৱা প্ৰায় ৯:১৫ মান বজাত মহিলা যাত্ৰীগৰাকী অচেতন হৈ পৰিছিল । যাত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা দেখাৰ লগে লগে কেবিন ক্ৰুৱে লগে লগে পাইলটক বিষয়টো অৱগত কৰে । তাৰ পিচত পাইলটজনে নিকটতম বিমানবন্দৰ বাৰাণসী এটিচিৰ সৈতে যোগাযোগ কৰে আৰু চিকিৎসাজনিত কাৰণত জৰুৰী অৱতৰণৰ অনুমতি বিচাৰে ।
পৰিস্থিতিৰ সম্পৰ্কে জনাৰ পিচতে ডাঃ সুজিতৰ নেতৃত্বত বিমানবন্দৰত নিযুক্ত চিকিৎসকৰ এটা দলে এখন এম্বুলেন্স লৈ ৰানৱেত উপস্থিত হয় । য'ত বিমানখন পুৱা ১০ বজাত অৱতৰণ কৰে । চিকিৎসকজনে কোৱা মতে মহিলা যাত্ৰীগৰাকী ডায়েবেটিচ ৰোগী আছিল । হঠাতে দেহত গ্লুকজৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু অচেতন হৈ পৰে ।
লগতে পঢ়ক :লাইনচ্যুত সাবৰমতী এক্সপ্ৰেছ : দুৰ্ঘটনা নে ষড়যন্ত্ৰ ? - Sabarmati Express Train Accident