ETV Bharat / bharat

বলোদাবজাৰ হিংসাত্মক ঘটনাৰ পিচতে জিলা আয়ুক্ত-আৰক্ষী অধীক্ষকক অপসাৰণ, ৭৩ জনক গ্ৰেপ্তাৰ - Balodabazar Violence - BALODABAZAR VIOLENCE

Demolition and arson in Balodabazar : ছত্তীশগড়ৰ বলোদাবজাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত সোমবাৰে একাংশ প্ৰতিবাদকাৰীয়ে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ পিচতে ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । চৰকাৰে জিলাখনৰ জিলা আয়ুক্ত-আৰক্ষী অধীক্ষকক অপসাৰণ কৰিছে ৷ আনহাতে, ছত্তীশগড় আৰক্ষীয়ে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ বাবে ১০ জনীয়া বিশেষ দল গঠন কৰিছে ।

COLLECTOR AND SP WERE REMOVED
বলোদাবজাৰ হিংসাত্মক ঘটনাৰ পিচতে সংগ্ৰাহক-আৰক্ষী অধীক্ষকক অপসাৰণ (ETV BHARAT HINDI)
author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 12:28 PM IST

নেশ্যনেল ডেস্ক, 12 জুন : ছত্তীশগড়ৰ বলোদাবজাৰত সোমবাৰে প্ৰতিবাদকাৰীয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছিল ৷ উত্তেজিত লোকসকলে জিলা আয়ুক্তৰ চৌহদত মজুত থকা বাহনত অগ্নিসংযোগ কৰাৰ লগতে তাত থকা বাহনসমূহৰো বিস্তৰ ক্ষতিসাধন কৰে ৷

এই হিংসাত্মক ঘটনাৰ পিচতে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ৰাজ্য চৰকাৰে বলোদাবজাৰ জিলাৰ বৰ্তমানৰ জিলা আয়ুক্ত কে এল চৌহান আৰু আৰক্ষী অধীক্ষক সদানন্দ কুমাৰক অপসাৰণ কৰিছে ।

জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অপসাৰণ: মঙলবাৰে নিশা চৰকাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি, বলোদাবজাৰ হিংসাত্মক ঘটনাৰ পিচত ৰাজ্য চৰকাৰে আই এ এছ বিষয়া দীপক চোনিক বলোদাবজাৰ জিলাৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি দিছে । লগতে আই পি এছ বিজয় আগৰৱালক বলোদাবজাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষকৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ প্ৰাক্তন জিয়া আয়ুক্ত কে এল চৌহানক মন্ত্ৰালয়ৰ বিশেষ সচিব আৰু আৰক্ষী অধীক্ষক সদানন্দ কুমাৰক ৰায়পুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা: মঙলবাৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মা, ৰাজহ মন্ত্ৰী টেংকৰাম বাৰ্মা আৰু খাদ্য মন্ত্ৰী দয়ালদাস বাঘেলে বলোদাবজাৰ চহৰ পৰিদৰ্শন কৰে । উপ মুখ্যমন্ত্ৰী শৰ্মাই মঙলবাৰে পুৱা হিংসাৰ পৰিস্থিতিৰ বুজ ল'বলৈ জিলা কাৰ্যালয়ত উপস্থিত হয় । সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি উপ মুখ্যমন্ত্ৰীগৰাকী ঘটনাৰ সন্দৰ্ভত শোক প্ৰকাশ কৰে । উপ মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়াসকলক অগ্নিসংযোগত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশনা দিছে ।

তদন্তৰ বাবে বিশেষ দল গঠন কৰা হৈছে: সোমবাৰে ছত্তীশগড়ৰ বলোদাবজাৰ জিলাত এটা সম্প্ৰদায়ৰ লোকে আন্দোলন কৰি থকাৰ সময়ত হিংসাত্মক ঘটনাটো সংঘটিত হৈছিল । প্ৰাপ্ত তথ্য অনুসৰি, বিগত 15 মে’ৰ নিশা গিৰৌদপুৰী ধামৰ সমীপৰ মানকনি বস্তিত থকা বাঘিনী গুহাৰ ধৰ্মীয় প্ৰতীকটোৰ ক্ষতিসাধন হৈছিল ৷ এই কাৰ্যত জড়িত থকাৰ সন্দেহত এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ ক্ষোভৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে আটক কৰিছিল তিনিজনকৈ লোকক ৷

তাৰেই প্ৰতিবাদত লোকসকলে বলোদাবজাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক কাৰ্যালয়ত অগ্নিসংযোগ কৰিছিল । তাৰ পিচত সোমবাৰে নিশা সমগ্ৰ জিলাখনত 144 ধাৰা বলৱৎ কৰা হৈছিল ৷ একে সময়তে ছত্তীশগড় আৰক্ষীয়ে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ বাবে 10 জনীয়া বিশেষ দল গঠন কৰিছে । এই দলটোত ডি এছ পি, টি আই, এ এছ আইকে ধৰি হেড কনিষ্টবলো অন্তৰ্ভূক্ত আছে ।

৭৩ গৰাকী দুৰ্বৃত্তক গ্ৰেপ্তাৰ: আৰক্ষীয়ে ড্ৰোণ কেমেৰাৰ পৰা ৰেকৰ্ডিং চাই এই ঘটনা সংঘটিত কৰা লোকসকলক চিনাক্ত কৰিছে । আৰক্ষীয়ে ভিডিঅ' ফুটেজ আৰু অন্যান্য সূত্ৰৰ পৰা তথ্য সংগ্ৰহ কৰি ঘটনাটোৰ সৈতে জড়িত অভিযুক্তক প্ৰহাৰ কৰিছে ৷ বলোদাবজাৰৰ জিয়া আয়ুক্ত কে এল চৌহানৰ মতে, এতিয়ালৈকে প্ৰায় ২০০ জন লোকক আটক কৰা হৈছে আৰু তেওঁলোকক সোধা-পোছা কৰাৰ পিচত তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ৷

আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিছে: বলোদাবজাৰ জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক সদানন্দ কুমাৰে কয় এতিয়ালৈ এই ঘটনা সন্দৰ্ভত সাতখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ৷ যাৰ ভিত্তিত এতিয়ালৈকে 73 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষীয়ে ভিডিঅ'-ফটো, চি চি টি ভি কেমেৰা আদি চাই অভিযুক্তক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিছে ৷

চি চি টি ভি ভঙাৰ লগতে সংবাদ মাধ্যমৰ কৰ্মীক আক্ৰমণ : প্ৰতিবাদকাৰীসকলে দলটোৱে কেইবাটাও চি চি টি ভি কেমেৰা ক্ষতিগ্ৰস্ত কৰিছিল ৷ লগতে সংবাদ মাধ্যমৰ কৰ্মীৰ কেমেৰা ভাঙি পেলাইছিল ৷ ইয়াৰ উপৰিও অন্য সংবাদ মাধ্যমৰ কৰ্মীক আক্ৰমণ কৰি ৰেকৰ্ড কৰা ভিডিঅ' ফুটেজ বিলোপ কৰা হৈছিল ৷ আনকি তেওঁলোকৰ মেম'ৰী কাৰ্ডবোৰো কাঢ়ি লৈছিল প্ৰতিবাদকাৰীসকলে । কিন্তু আৰক্ষীয়ে ড্ৰোণৰ দ্বাৰা সমগ্ৰ ঘটনা নিৰীক্ষণ কৰি আছিল ।

কেইবাখনো জিলাৰ পৰা আৰক্ষীৰ দল মাতি অনা হৈছে: ইতিমধ্যে জিলাখনলৈ আন জিলাৰ পৰা প্ৰায় 2,000 আৰক্ষী দল মাতি অনা হৈছে । আৰক্ষীয়ে একেৰাহে হিংসাত্মক ঘটনাৰ ভিডিঅ' ফুটেজ স্কেন কৰি আছে আৰু দুৰ্বৃত্তসকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে । অভিযুক্তৰ মনোবল ইমানেই প্ৰবল আছিল যে, গ্ৰেপ্তাৰ হোৱাৰ পিচতো কাৰাগাৰলৈ নিয়াৰ সময়ত তেওঁলোকে নেতাৰ দৰে হাত জোকাৰি থকা দেখা গৈছিল ।

লগতে পঢ়ক:ছত্তীশগড়ৰ বলোদাবজাৰত হিংসাত্মক পৰিস্থিতি : দুই শতাধিক বাহনত অগ্নিসংযোগ, 144 ধাৰা জাৰি - Balodabazar Violence

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.