অযোধ্যা: ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত এইবাৰ অযোধ্যাত দীপাৱলী বিভিন্ন ধৰণে ব্যতিক্ৰম দেখা গৈছে । বিশাল কাৰ্যসূচীৰে দীপোৎসৱৰ প্ৰস্তুতি চলিছে ৰাম জন্মভূমি অযোধ্যাত । ২৮ অক্টোবৰৰ পৰাই আৰম্ভ হৈছে সাংস্কৃতিক অনুষ্ঠান । সৰযু ঘাটৰ পৰা মঠ আৰু মন্দিৰলৈকে চাকিৰ পোহৰেৰে আলোকিত হৈ পৰিছে সমগ্ৰ অযোধ্যা । ৰাম কি পেইড়িৰ ৫৫ ঘাটত ২৮ লাখ চাকি সাজু কৰি তোলা হৈছে । ৩০ অক্টোবৰৰ সন্ধিয়া এই চাকিৰ জৰিয়তে এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ প্ৰস্তুতি চলোৱা হৈছে ।
বিশ্ব অভিলেখৰ প্ৰস্তুতি
উল্লেখ্য যে প্ৰতি বছৰে ৰামনগৰীত দীপোৎসৱ পালন কৰা হয় । লাখ লাখ চাকি জ্বলাই অভিলেখ সৃষ্টি কৰা হয় । এইবাৰো দীপোৎসৱৰ অষ্টম বৰ্ষত ২৫ লাখ চাকি জ্বলাই এক নতুন বিশ্ব অভিলেখ গঢ়াৰ বাবে সাজু হৈছে অযোধ্যা । অৱধ বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয় আৰু আন্তঃমহাবিদ্যালয়ৰ ৩০ হাজাৰ স্বেচ্ছাসেৱকে প্ৰখৰ ৰ'দকো নেওচি চাকিবোৰ সাজু কৰাৰ কামত নিয়োজিত হৈ পৰিছে । ইতিমধ্যে ৰাম কি পেইড়িত চাকি সাজু কৰাৰ কাম সম্পূৰ্ণ হৈছে ।
স্বেচ্ছাসেৱকে সাজু কৰিছে চাকি
এই সন্দৰ্ভত স্বেচ্ছাসেৱক আদিত্য সিঙে কয়, "আমি অতি উৎসাহেৰে চাকিবোৰ সাজু কৰাৰ কাম কৰিছো । প্ৰথমবাৰৰ বাবে আমি মহাবিদ্যালয়ৰ পৰা এই উৎসৱত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছো । একে সময়তে স্বেচ্ছাসেৱক হৰ্ষিত পাণ্ডেই কয়, "আমাৰ দলটোক ২৪, ২৫, ২৭ আৰু ২৮ নম্বৰৰ ৪ টা ঘাটত প্ৰায় ৬০ হাজাৰ চাকি সাজু কৰাৰ দায়িত্ব দিয়া হৈছিল । প্ৰখৰ ৰ'দক নেওচি আমি সেই লক্ষ্য সম্পূৰ্ণ কৰিছো । আমি অতি উৎসাহিত ।"
ইফালে নোডেল বিষয়া এছ এছ মিশ্ৰাই কয় যে সকলো ঘাটতে চাকি সাজু কৰাৰ কাম সম্পূৰ্ণ হৈছে । ভগৱান শ্ৰী ৰামৰ আগমনৰ লগে লগে, প্ৰায় ৩০,০০০ স্বেচ্ছাসেৱকে ৩০ অক্টোবৰত এই চাকিবোৰ জ্বলোৱা কামত নিয়োজিত হ'ব । সকলো শিক্ষাৰ্থীৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে । সমগ্ৰ অযোধ্যাৰ বাসিন্দাসকল অতি উৎসাহিত হৈ আছে ।
ফুলেৰে সজোৱা হৈছে ৰামপথ
ৰামপথ ফুলেৰে সজাই তোলা হৈছে । প্ৰতিটো পথ আৰু পদপথ পৰিষ্কাৰ কৰা হৈছে । মেয়ৰ গিৰীশ পতি ত্ৰিপাঠীয়ে কয়, "দীপোৎসৱৰ প্ৰস্তুতি চলি আছে । সমগ্ৰ অযোধ্যা ৰঙীন পোহৰেৰে আলোকিত কৰা হৈছে । এইবাৰ পৌৰ নিগমে গোটেই ৰাম পথটো ফুলেৰে সজাইছে । আমি কলি যুগত ত্ৰেতা যুগৰ পৰিৱেশ সৃষ্টি কৰাৰ সংকল্পৰ সৈতে কাম কৰি আছো ।"
তেওঁ লগতে কয়, "লংকা জয়ৰ পাছত ভগৱান ৰাম অযোধ্যাত উপস্থিত হোৱাৰ দৰে কলি যুগতো অযোধ্যা সজোৱা হৈছে । প্ৰায় ২০০ টা মঠ আৰু মন্দিৰ বাছনি কৰা হৈছে । য'ত চাকি জ্বলোৱা হ'ব । ২,২০০ তকৈও অধিক অনাময় কৰ্মী মোতায়েন কৰা হৈছে । চহৰখন ৫ টা অঞ্চল আৰু ২০ টা খণ্ডত বিভক্ত কৰা হৈছে । বিভিন্ন স্থানত খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে । গুপ্তৰ ঘাটত গোবৰেৰে তৈয়াৰ কৰা চাকি জ্বলোৱা হ'ব ।’’
লগতে পঢ়ক :দীপাৱলীৰ প্ৰাকক্ষণত ভয়ংকৰ বিস্ফোৰণ; ১৫০ৰো অধিক লোক আহত