ETV Bharat / bharat

মণিপুৰত আছাম ৰাইফলছৰ অভিযানত জব্দ অস্ত্ৰ ভাণ্ডাৰ - Manipur arms recovery

Manipur: অশান্তজৰ্জৰ মণিপুৰত নিয়মীয়া গতিত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে ৷ প্ৰায় প্ৰতিদিনেই ভিন ভিন অঞ্চলৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ ৷

author img

By ANI

Published : 3 hours ago

ASSAM RIFLES
MANIPUR ARMS RECOVERY (ANI)

নিউজ ডেস্ক, 4 অক্টোবৰ: মণিপুৰত হিংসাৰ জুইকুৰা এতিয়াও যেন উমি উমি জ্বলি আছে ৷ একাংশই আন্ধাৰত থাকি এতিয়াও অভিসন্ধি ৰচি আহিছে উত্তৰ-পূবৰ ৰাজ্যখন অশান্ত কৰি ৰখাৰ ৷ নিৰাপত্তাৰক্ষীৰ অভিযানত সঘনে ৰাজ্যখনৰ ভিন্ন স্থানৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই যেন তাকেই প্ৰমাণ কৰিছে ৷ শেহতীয়া কেইটামান দিনত মণিপুৰত কোনো আক্ৰমণৰ ঘটনা সংঘটিত হোৱা নাই যদিও নিৰাপত্তাৰক্ষীয়ে নিয়মীয়াকৈ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰি আহিছে ৷

আছাম ৰাইফলছৰ এটা অভিযানকাৰী দলে চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত অস্ত্ৰ-শস্ত্ৰৰ লগতে উদ্ধাৰ কৰিছে আন কেতবোৰ যুদ্ধত বা আক্ৰমণত ব্যৱহাৰ কৰিব পৰা সামগ্ৰী ৷ মণিপুৰৰ টেংগনৌপাল জিলাত উদ্ধাৰ হৈছে এই অস্ত্ৰ ভাণ্ডাৰ ৷ যোৱা 1 অক্টোবৰত ছেনাম জিলাৰ এটা অঞ্চলত এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে ৷

আছাম ৰাইফলছৰ হেডকোৱাৰ্টাৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত মহাপৰিদৰ্শকে (দক্ষিণ) কয়, ‘‘টেংগনৌপাল জিলাৰ ছেনাম গাঁৱৰ এটা অঞ্চলত বৃহৎ পৰিমাণৰ অস্ত্ৰ, গোলা-বাৰুদ আৰু অন্যান্য বিস্ফোৰক মজুত ৰখাৰ খবৰ লাভ কৰাৰ পিচত আছাম ৰাইফলছে বিস্ফোৰক ডিটেক্টৰ আৰু কুকুৰৰ সহায়ত এক অভিযান চলায় ৷ 1 অক্টোবৰত চলোৱা এই অভিযানত 15 টা ডাঙৰ আই ই ডি, 42 টা দেশত নিৰ্মিত গ্ৰেণেড, আগ্নেয়াস্ত্ৰ আৰু গোলা-বাৰুদ জব্দ কৰা হয় ৷’’

‘‘হেণ্ড গ্ৰেণেড, পিষ্টল, ডিটনেটৰ আৰু আন যুদ্ধ সামগ্ৰীৰ ভাণ্ডাৰো জব্দ কৰা হয় এই অভিযানত ৷ উদ্ধাৰ হোৱা সামগ্ৰীসমূহ মণিপুৰ আৰক্ষীক হস্তান্তৰ কৰা হয় ৷’’ বিবৃতিটোত লগতে কোৱা হৈছে ৷

উল্লেখ্য যে, বুধবাৰে চুৰাচান্দপুৰ জিলাৰ খোচাবুং আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰা মণিপুৰ আৰক্ষীয়ে জব্দ কৰে ষ্টেণ্ডৰ সৈতে স্থানীয়ভাৱে তৈয়াৰ কৰা এটা ইম্প্ৰুভাইজড মৰ্টাৰ (পাম্পি), 3 টা স্থানীয়ভাৱে নিৰ্মিত ইম্প্ৰুভাইজড মৰ্টাৰ (পাম্পি) আৰু 8 টা পাম্পি গোলাবাৰুদ ৷ মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে আৰু কূটাঘাত ৰোধৰ বাবে নিৰন্তৰ অভিযান চলাই আহিছে নিৰাপত্তা বাহিনীয়ে ৷

লগতে পঢ়ক: মণিপুৰৰ সংবেদনশীল এলেকাত সুৰক্ষা বাহিনীৰ তালাচীত উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ - Manipur Violence

মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ জব্দ নিৰাপত্তা বাহিনীৰ - Manipur Violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.