ETV Bharat / bharat

ৰাঁচীত বিজেপি বিধায়কৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM Jharkhand Visit

author img

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 9:29 AM IST

Assam CM Jharkhand Visit : বৰ্তমান নিৰ্বাচনী প্ৰচাৰৰ বাবে ঝাৰখণ্ডত আছে অসমৰ মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীয়ে ৰাঁচীত দলৰ বিধায়কসকলৰ সৈতে ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ এক বৈঠকত মিলিত হয় । বৈঠকত আগন্তুক নিৰ্বাচনী ৰণনীতিৰ বিষয়েও আলোচনা কৰা হয় ।

Assam CM Jharkhand Visit
ৰাঁচীত বিজেপি বিধায়কৰ সৈতে বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

নিউজ ডেস্ক, ২ আগষ্ট : বৰ্তমান ঝাৰখণ্ডৰ নিৰ্বাচনক লৈ ৰাজ্যখনত ব্যস্ত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । তেওঁক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ উপ-প্ৰভাৰী হিচাপে বিজেপিৰ তৰফৰ পৰা নিযুক্ত কৰা হৈছে । ইতিমধ্যে তেওঁ ৰাজ্যখনৰ বিভিন্ন স্থান ভ্ৰমণ কৰি বিজেপি ঢৌ সৃষ্টিৰ বাবে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই । ইয়াৰ উপৰি ৰাজ্যখনৰ বিজেপি নেতাসকলৰ সৈতে নিৰন্তৰ বৈঠক অনুষ্ঠিত কৰি নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত আছে ।

তাৰেই অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে নিশা ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ এখন হোটেলত দলৰ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হয় । বৈঠকত ৰাজ্যখনৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰে ।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে পাকুৰ ভ্ৰমণ কৰে । পাকুৰৰ পৰা উভতি অহাৰ পিচত মুখ্যমন্ত্ৰীয়ে ৰাঁচীত বিজেপি বিধায়কসকলৰ সৈতে নিশালৈকে আলোচনাত মিলিত হয় । আলোচনাত ৰাজ্যখনৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণনীতি কি হ'ব সেই বিষয়ে আলোচনা কৰা হয় । বিজেপিৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডী, বিৰোধী দলৰ নেতা অমৰ কুমাৰ বাউৰীকে ধৰি সকলো বিজেপি বিধায়ক বৈঠকত উপস্থিত থাকে । বৈঠকত বিধানসভাত হোৱা আন্দোলন আৰু অধ্যক্ষৰ সম্ভাৱ্য পদক্ষেপৰ বিষয়েও আলোচনা কৰা হয় ।

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে ঝাৰখণ্ডলৈ গৈছে । শুকুৰবাৰে তেওঁ কোলহান অঞ্চল ভ্ৰমণ কৰিব । ইয়াৰ পূৰ্বে তেওঁ বৃহস্পতিবাৰে দেওঘৰত উপস্থিত হয় । তাৰ পৰা তেওঁ দুমকা হৈ পাকুৰলৈ যায় । তালৈ গৈ তেওঁ প্ৰথমে মহেশপুৰ ব্লকৰ গাইবাথানত হোৱা আক্ৰমণত আহত লোকসকলক সাক্ষাৎ কৰে । তেওঁ হেমন্ত চোৰেণ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি কয় যে ৰাজ্যখনত জনজাতীয় লোকৰ চৰকাৰ আছে যদিও জনজাতীয় লোকসকল কিন্তু সুৰক্ষিত নহয় ।

তেওঁ প্ৰশাসনকো তীব্ৰ সমালোচনা কৰে । গাঁওবাসীয়ে ভূমি অধিগ্ৰহণৰ বিষয়েও প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে দলৰ তৰফৰ পৰা আহতসকলক ১ লাখ টকাকৈ সাহায্য দিছে, যাতে তেওঁলোকে ন্যায়িক যুঁজৰ লগতে নিজৰ চিকিৎসা কৰাব পাৰে । ইফালে তেওঁক গোপীনাথপুৰলৈ যাবলৈ বাধা প্ৰদান কৰা সন্দৰ্ভত কয় যে এগৰাকী মুখ্যমন্ত্ৰীক যেতিয়া তালৈ যোৱাত বাধা দিয়া হৈছে, তাৰ পৰায়ে অনুমান কৰিব পাৰি যে তাত পৰিস্থিতি কেনে হৈ আছে । তেওঁ লগতে কয় যে এইবাৰ তেওঁ নোযোৱাকৈ থাকিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁ নিশ্চিতভাৱে যাব ।

লগতে পঢ়ক :নিশিকান্ত ডুবেৰ মন্তব্যক অস্বীকাৰ হিমন্ত বিশ্ব শৰ্মাৰ : কেন্দ্ৰীয়শাসিত অঞ্চল সৃষ্টিৰে জনগাঁথনিগত পৰিৱৰ্তনৰ সমাধান নহয় - Himanta Biswa Sarma
লগতে পঢ়ক :ঝাৰখণ্ডত আদিবাসী আৰু হিন্দুসকল সুৰক্ষিত নহয় : হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.