ETV Bharat / bharat

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা ব্যয় : এ ডি জি পি হীৰেন নাথৰ পত্ৰই জোকাৰিছে ৰাজনীতি - Assam CM Himanta Biswa Sarma - ASSAM CM HIMANTA BISWA SARMA

Politics Over Protocol Expenses : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঝাৰখণ্ড ভ্ৰমণৰ সময়ত প্ৰটোকলৰ ওপৰত হোৱা ব্যয়ক লৈ ৰাজনীতি উত্তপ্ত হৈ পৰিছে । শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ঝাৰখণ্ডৰ হেমন্ত চোৰেণ চৰকাৰক আক্ৰমণ কৰিছিল । বৰ্তমান অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চলাক প্ৰধানৰ এখন পত্ৰই ৰাজনৈতিক বিতৰ্কত ইন্ধন যোগাইছে ।

Politics Over Protocol Expenses
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা ব্যয়ক লৈ বিতৰ্ক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 2:11 PM IST

Updated : Jul 19, 2024, 2:53 PM IST

নিউজ ডেস্ক, ১৯ জুলাই : আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সঘনাই ঝাৰখণ্ড ভ্ৰমণ কৰি আছে । তেওঁক ৰাজ্যখনৰ নিৰ্বাচনৰ বাবে দলৰ সহ-প্ৰভাৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে । ইফালে তেওঁৰ প্ৰটোকল ব্যয়ৰ কথা উল্লেখ কৰি ঝাৰখণ্ড মুক্তি মৰ্চাই তোলা এক প্ৰশ্ন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে নিজেই কৈছিল যে দলৰ নতুন দায়িত্বৰ বাবে তেওঁ বাৰে বাৰে ঝাৰখণ্ড ভ্ৰমণ কৰিব লাগিব । সেয়েহে তেওঁৰ নিৰাপত্তাৰ বাবে হ'বলগা সকলো খৰচ অসম চৰকাৰে বহন কৰিব । তেওঁ এই ঘোষণা কৰাৰ পিচদিনাই অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথে ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অজয় কুমাৰ সিঙলৈ এখন পত্ৰ লিখি সমগ্ৰ বিষয়টোৰ বিষয়ে অৱগত কৰে ।

Politics Over Protocol Expenses
অসমৰ এ ডি জি পি হীৰেন নাথৰ পত্ৰ (ETV Bharat)

এ ডি জি পি হীৰেন নাথে পত্ৰখনত লিখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহ মন্ত্ৰণালয়ৰ পৰা জেড-প্লাছ শ্ৰেণীৰ নিৰাপত্তা লাভ কৰিছে । তেওঁ দেশৰ য'লৈকে যায়, তেওঁক এই সুৰক্ষা প্ৰদান কৰিব লাগিব । যিহেতু দলে তেওঁক বিজেপিৰ নিৰ্বাচনৰ সহ-প্ৰভাৰী হিচাপে নিযুক্তি দিছে, সেয়ে তেওঁ ঝাৰখণ্ড ভ্ৰমণ অব্যাহত ৰাখিব । এনে পৰিস্থিতিত তেওঁৰ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা প্ৰয়োজন । অসমৰ এ ডি জি পিয়ে ঝাৰখণ্ডৰ ডি জি পিলৈ লিখা এখন পত্ৰত উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাত যিমান পৰিমাণৰ ধন খৰচ হ'বলগা আছে, তাৰ সকলো বিল প্ৰেৰণ কৰিব লাগে । ইয়াৰ পৰিশোধ অসম চৰকাৰে কৰিব ।

উল্লেখ্য যে ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী সহ-প্ৰভাৰী হোৱাৰ পিচত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমদিনাই ৰাজ্যখনলৈ গৈ কোনোধৰণৰ প্ৰট’কল প্ৰদান নকৰিবলৈ অনুৰোধ কৰিছিল । কিন্তু তৎসত্ত্বেও ঝাৰখণ্ড ৰাজ্য চৰকাৰে সেয়া প্ৰদান কৰি আহিছে । এতিয়া তেওঁ নিজৰ প্ৰটোকল ব্যয়ক লৈ জে এম এমৰ অসন্তুষ্টিক তীব্ৰ গৰিহণা দি কয় যে ৰাজনীতিৰ স্তৰ এনেদৰে যে তললৈ নামিব, সেইটো তেওঁ ভাবিব পৰা নাছিল ।

তেওঁ কয়, "মই ঝাৰখণ্ড চৰকাৰক হাতযোৰ কৰি প্ৰাৰ্থনা জনাইছোঁ যে মোক দিয়া প্ৰটোকল প্ৰত্যাহাৰ কৰিব লাগে । ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে মোক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব । মই আৰক্ষীৰ সুৰক্ষা নিবিচাৰোঁ ।" তেওঁ লগতে পৰৱৰ্তী ভ্ৰমণকালত সুৰক্ষা প্ৰদান নকৰিবলৈও কয় । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "বিগত দিনবোৰত মোক প্ৰদান কৰা সুৰক্ষাৰ বাবে হোৱা সমুদায় ব্যয়ৰ বিল মই পৰিশোধ কৰিম ।"

উল্লেখ্য যে ইয়াৰ পূৰ্বে কংগ্ৰেছ আৰু জে এম এম নেতাসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঝাৰখণ্ড ভ্ৰমণৰ সময়ত হোৱা নিৰাপত্তা আৰু অন্যান্য ব্যয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল । কংগ্ৰেছ নেতাসকলে এই ব্যয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল যে তেওঁৰ ভ্ৰমণৰ ব্যয় কোনে বহন কৰি আছে । আনহাতে, জে এম এম নেতাসকলে কৈছিল যে অসমৰ মুখ্যমন্ত্ৰী ৰাজ্যখনলৈ নিজক ৰিচাৰ্জ কৰিবলৈ আহে ।

লগতে পঢ়ক :মুছলমানৰ সংখ্যা বৃদ্ধি জীৱন-মৰণৰ বিষয় : হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma
লগতে পঢ়ক :ঝাৰখণ্ডত ডাবোল ইঞ্জিনৰ চৰকাৰ গঠনৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ - HIMANTA BISWA SARMA

Last Updated : Jul 19, 2024, 2:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.