নতুন দিল্লী : দেশৰ ৰাজধানী নতুন দিল্লীৰ প্ৰদূষণে উদ্বিগ্ন কৰি ৰাখিছে বাসিন্দাসকলক । অৱশ্যে তাৰ মাজতে কিছু আশাৰ ৰেঙনি দেখা গৈছে । প্ৰদূষণৰ মাত্ৰা কিছু হ্ৰাস হোৱা দেখা গৈছে । শনিবাৰে দিল্লীৰ বায়ুৰ গড় সূচাংক (AQI) 'দুৰ্বল' শ্ৰেণীত (Poor Category) উপনীত হৈছে ।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ তথ্য অনুসৰি, পুৱা ৮ বজাত দিল্লী AQI আছিল ২১৯ । ইণ্ডিয়া গেট, বাৰাপুল্লা আৰু লোধি ৰোডৰ অঞ্চলবোৰত কুঁৱলীৰ পাতল স্তৰ দেখা গৈছিল ।
- দিল্লীত প্ৰদূষণৰ মাত্ৰা হ্ৰাস
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ মতে, আলিপুৰত AQI আছিল ২৩১, অশোক বিহাৰত ২২৫, বাৱানাত ২৬২ আৰু বুৰাৰী ক্ৰছিঙত ২৭৪ । লক্ষণীয়ভাৱে, কিছুমান স্থানত বায়ুৰ গড় সূচাংক 'মধ্যমীয়া' (Moderate Category) শ্ৰেণীত দেখা গৈছে । চিআৰআৰআই মথুৰা পথ AQI আছিল ১৯৪, ডিটিইউত ২০০, কৰ্ণী সিং শ্বুটিং ৰেঞ্জত ১৯৪ আৰু আইএইচবিএএছত ১৯২।
উল্লেখ্য যে, সূচাংক হিচাপত ০-৫০ৰ মাজত AQI 'উন্নত' বুলি গণ্য কৰা হয়, ৫১-১০০ 'সন্তোষজনক', ১০১-২০০ 'মধ্যমীয়া', ২০১-৩০০ 'দুৰ্বল', ৩০১-৪০০ 'অতি দুৰ্বল' আৰু ৪০১-৫০০ 'গুৰুতৰ' ।
দীপাৱলীৰ পিছৰে পৰা দিল্লীৰ AQI 'দুৰ্বল'ৰ পৰা 'গুৰুতৰ' শ্ৰেণীতে আছিল । যাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানীৰ বাসিন্দাসকলে উশাহ-নিশাহত অসুবিধাকে ধৰি কেইবাটাও স্বাস্থ্যজনিত সমস্যাত ভুগিছে । ইফালে, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ মতে, আগ্ৰাত বায়ুৰ সূচাংক 'সন্তোষজনক' শ্ৰেণীত পোৱা গৈছে ।
বৃহস্পতিবাৰে, উচ্চতম ন্যায়ালয়ে AQIৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী-এনচিআৰত জিআৰএপি পৰ্যায়ৰ চতুৰ্থ পৰ্যায়ৰ নিষেধাজ্ঞা শিথিল কৰিবলৈ বায়ু গুণমান ব্যৱস্থাপনা আয়োগক অনুমতি দিয়ে । বায়ু প্ৰদূষণ হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত দিল্লী চৰকাৰৰ শিক্ষা সঞ্চালকালয়ে বৃহস্পতিবাৰে দিল্লী এনচিআৰ অঞ্চলৰ বিদ্যালয়সমূহত স্বাভাৱিক শ্ৰেণী পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰি এক নিৰ্দেশ জাৰি কৰে ।