ETV Bharat / bharat

কোকেৰনাগত সংঘৰ্ষত আবদ্ধ ৩-৪ উগ্ৰপন্থী : আই জি পি - Anantnag encounter - ANANTNAG ENCOUNTER

Anantnag encounter : অনন্তনাগ জিলাৰ কোকেৰনাগ বনাঞ্চলত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলি আছে ৷ আই জি পিয়ে কয় যে প্ৰাৰম্ভিক ইনপুটৰ পৰা অনুমান কৰিব পাৰি যে কৰ্ডন এলেকাত 3-4 জনীয়া উগ্ৰপন্থীৰ এটা দল আছে ৷ নিৰাপত্তা বাহিনীয়ে বেষ্টনীৰ অধীনত থকা উগ্ৰপন্থীক নিষ্ক্ৰিয় কৰিবলৈ অঞ্চলটোত নিৰন্তৰ অনুসন্ধান চলাই আছে ৷

IGP KASHMIR ON KOKERNAG GUNFIGHT
কোকেৰনাগ বনাঞ্চলত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত (ANI)
author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 8:46 PM IST

নেশ্যনেল ডেস্ক, 11 আগষ্ট : জম্মু-কাশ্মীৰ আৰক্ষীয়ে দেওবাৰে কয় যে কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগ বনাঞ্চলত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলি আছে ৷ আৰক্ষীয়ে এনকাউণ্টাৰ স্থানৰ আশে-পাশে আহত আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা ঘটনা সম্পৰ্কে তদন্ত কৰি আছে ৷

কাশ্মীৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক বিধি কুমাৰ বৰ্ধিয়ে জনোৱা মতে, কোকেৰনাগ বনাঞ্চলৰ গাডোলে অঞ্চলৰ আহলানত উগ্ৰপন্থীৰ বিৰুদ্ধে চলি থকা অভিযানত দুজন সেনা জোৱান আৰু এজন সাধাৰণ নাগৰিক নিহত হৈছে ৷

সংঘৰ্ষস্থলীৰ সমীপৰ কোকেৰনাগত সাংবাদিকৰ আগত বৰ্ধিয়ে কয় যে, "দুজন সেনা জোৱান শ্বহীদ হোৱাৰ বিপৰীতে এজন চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ অৱস্থা সুস্থিৰ ৷ দুজন সাধাৰণ লোকো আহত হয় ইয়াৰে এজনৰ মৃত্যু হোৱাৰ বিপৰীতে দ্বিতীয়জন আহত সাধাৰণ নাগৰিক চিকিৎসাধীন হৈ আছে ৷"

আই জি পিয়ে কয় যে সুৰক্ষা বাহিনীয়ে কোকেৰনাগ অঞ্চলত উগ্ৰপন্থীৰ চলাচল সম্পৰ্কে এটা ইনপুট লাভ কৰিছিল আৰু তেওঁলোকে এটা তালাচী অভিযান আৰম্ভ কৰিছিল য'ত দুয়ো পক্ষৰ মাজত গুলী চালনাৰ সূত্ৰপাত হয় ৷

শনিবাৰে যেতিয়া এই এনকাউণ্টাৰ আৰম্ভ হয় আৰু সেনা বাহিনীৰ লোক হতাহত হয় তেতিয়া প্ৰতিৰক্ষা মুখপাত্ৰই কয় যে ইয়াৰ পূৰ্বে 2024 চনৰ 05 আগষ্টত মানৱ আৰু ইলেক্ট্ৰনিক উপায়েৰে নিশ্চিত কৰা হৈছে যে 24 জুলাইত ড’ডা অঞ্চলত সংঘটিত হোৱা কাণ্ডৰ বাবে দায়ী সন্ত্ৰাসবাদীয়ে দক্ষিণ কাশ্মীৰৰ কাপ্ৰাণ গাৰোল অঞ্চলত কিষ্টৱাৰ ৰেঞ্জ লুকাই চুৰকৈ পাৰ হৈ গৈছিল ৷

আই জি পিয়ে কয় যে প্ৰাৰম্ভিক ইনপুটৰ পৰা অনুমান কৰিব পাৰি যে কৰ্ডন এলেকাত 3-4 জনীয়া উগ্ৰপন্থীৰ এটা দল আছে আৰু এই উগ্ৰপন্থীৰ দলটোৱে হয়তো ড’ডাৰ পৰা লুকাই চুৰকৈ সোমাই আহিছিল কাৰণ বনাঞ্চলখন একেটা পাহাৰৰ ৰেঞ্জত আহে ৷ আই জি পিয়ে লগতে কয় যে, বৰষুণ আৰু প্ৰতিকূল বতৰ স্বত্বেও নিৰাপত্তা বাহিনীয়ে বেষ্টনীৰ অধীনত থকা উগ্ৰপন্থীক নিষ্ক্ৰিয় কৰিবলৈ অঞ্চলটোত নিৰন্তৰ অনুসন্ধান চলাই আছে ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ: দুজন জোৱান শ্বহীদ, আহত দুই নাগৰিক - Anantnag Encounter

তেওঁ কয়. 'উগ্ৰপন্থীয়ে আত্মগোপন কৰি থকা একেটা অঞ্চলতে তেওঁলোক কেনেকৈ আছিল সেই সন্দৰ্ভত এনকাউণ্টাৰ ছাইটৰ আশে-পাশে আহত হোৱা সাধাৰণ নাগৰিকসকলৰ ভূমিকা সন্দৰ্ভত তদন্ত চলি আছে ৷ তদন্ত সম্পূৰ্ণ হোৱাৰ পিচত আমি সবিশেষ শ্বেয়াৰ কৰিম ৷'

এই অঞ্চলটো য'ত এনকাউণ্টাৰ চলি আছে সেই অঞ্চলটো একে পৰিসৰৰ অৰণ্যত আছে য'ত যোৱা বছৰ ছেপ্টেম্বৰত এক ভয়ংকৰ সংঘৰ্ষ সংঘটিত হৈছিল ৷ য'ত জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ এজন যুৱ ডিৱাই এছ পি হুমায়ুন মুজামিল আৰু এজন সেনা মেজৰ আৰু এজন কমাণ্ডিং বিষয়া উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষৰ সময়ত নিহত হৈছিল | সেই বন্দুক যুদ্ধত এটা উগ্ৰপন্থীও নিহত হৈছিল ৷

নিৰাপত্তা বাহিনীয়ে কৈছে যে বিশেষকৈ অনুচ্ছেদ 370 বাতিল হোৱাৰ পিচত, ৰাজৌৰী, পুঞ্চ, ড’ডা, কিষ্টৱাৰ আৰু কাঠুৱাত উগ্ৰপন্থীৰ বিৰুদ্ধে কাশ্মীৰ উপত্যকাত ডাঙৰ অভিযান আৰম্ভ হোৱাৰ পিচত উগ্ৰপন্থীয়ে কাশ্মীৰৰ পৰা ঘাটি স্থানান্তৰ কৰিছে আৰু জম্মু অঞ্চলৰ বনাঞ্চলত আশ্ৰয় লৈছে ৷

কাশ্মীৰ উপত্যকাৰ তুলনাত জম্মু অঞ্চলত উগ্ৰপন্থীয়ে সেনা বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ ফলত কেবাজনো সেনা হতাহত হৈছে ৷ 2021 চনত 50 জন সৈনিক নিহত হৈছিল, যাৰ ভিতৰত 11 জন এই বছৰৰ এতিয়ালৈকে নিহত হৈছে ৷ জুন মাহত, ৰিয়াচি জিলাত উগ্ৰপন্থীয়ে এখন বাছত আক্ৰমণ কৰাৰ ফলত নজন তীৰ্থযাত্ৰী নিহত হৈছিল ৷

লগতে পঢ়ক : সন্ত্ৰাসবাদীৰে ভাৰতীয় সেনাৰ গুলীয়াগুলীত শ্বহীদ 2 জোৱান, সাধাৰণ নাগৰিকসহ আহত 6 গৰাকী - Anantnag encounter

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.