ETV Bharat / bharat

নিজামৰ চহৰত ৰণ হুংকাৰ অমিত শ্বাহৰ; হায়দৰাবাদত চাৰমিনাৰৰ কাষৰ ভাগ্যলক্ষ্মী মন্দিৰ দৰ্শন

Amit Shah Hyderabad Visit : অমিত শ্বাহৰ ভ্ৰমণৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে তেওঁক সংগ দিছে মাধৱী লতাই । মাধৱী লতাক বৰ্তমানৰ সাংসদ আছাদুদ্দিন ওৱাইচিৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । আনহাতে, CAA সন্দৰ্ভত ওৱাইচিয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ আন্দোলন চলাই আহিছে । উল্লেখ্য, হায়দৰাবাদ লোকসভা আসনৰ যুঁজৰ বাবে তিনি তালাকৰ বিৰুদ্ধে প্ৰচাৰ চলাই আছে কোমপেল্লা মাধৱী লতাই । আনহাতে, তিনি তালাক আইনক অসাংবিধানিক বুলি অভিহিত কৰিছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইচিয়ে ।

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 10:17 AM IST

নিজামৰ চহৰত ৰণ হুংকাৰ অমিত শ্বাহৰ
নিজামৰ চহৰত ৰণ হুংকাৰ অমিত শ্বাহৰ

নিউজ ডেস্ক, ১৩ মাৰ্চ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হায়দৰাবাদৰ চাৰমিনাৰৰ ভাগ্যলক্ষ্মী মন্দিৰ পৰিদৰ্শন কৰে আৰু মঙলবাৰে তাত প্ৰাৰ্থনা কৰে ।তাৎপৰ্যপূৰ্ণভাৱে, এই দিনটোতো অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে । ১৭ ছেপ্টেম্বৰক 'হায়দৰাবাদ মুক্তি দিৱস' হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ।

আন এটা বিশেষত্ব হৈছে অমিত শ্বাহক সংগ দিয়ে বিজেপি নেত্ৰী মাধৱী লতাই । তেওঁক বৰ্তমানৰ সাংসদ আছাদুদ্দিন ওৱাইচিৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । উল্লেখ্য যে ওৱাইচিয়ে CAA সন্দৰ্ভত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই আহিছে । আনহাতে, অমিত শ্বাহক মন্দিৰৰ পুৰোহিতসকলে সম্বৰ্ধনা জনায় ।

ভাগ্যলক্ষ্মী মন্দিৰ দৰ্শন অমিত শ্বাহৰ
ভাগ্যলক্ষ্মী মন্দিৰ দৰ্শন অমিত শ্বাহৰ

অমিত শ্বাহৰ হায়দৰাবাদ ভ্ৰমণত স্থানীয় বিজেপি নেতাসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । তেওঁ বিজেপিৰ তথ্য প্ৰযুক্তি কোষৰ সদস্যসকলৰ সৈতে এক সভাত অংশগ্ৰহণ কৃৰে । তাত তেওঁ লোকসভা নিৰ্বাচনৰ পূৰ্বে আসনৰ সম্ভাৱনা উজ্জ্বল কৰিবলৈ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি ৰাজ্যখনত গেৰুৱা ঢৌ সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ ৰাজ্যিক বিজেপিৰ নেতাসকলক সাধাৰণ নিৰ্বাচনৰ বাবে 'আইটি যোদ্ধা'সকলক একত্ৰিত কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁলোকক ব্যক্তিগতভাৱে এটা সভাগৃহত লগ কৰে আৰু পিছত এলবি ষ্টেডিয়ামত ভোটকেন্দ্ৰ পৰ্যায়ৰ নেতাসকলক সম্বোধন কৰে ।

উল্লেখ্য যে অমিত শ্বাহৰ দল বিজেপিয়ে ৰাজ্যসমূহৰ স্থানীয় দেৱতাসকলৰ ওপৰত গুৰুত্ব দি স্থানীয়ভাৱে ধৰ্মীয় আৱেগ প্ৰয়োগ কৰি আছে । তাৰেই অংশ হিচাপে বিগত তিনি মাহত তেওঁ দ্বিতীয়বাৰৰ বাবে মন্দিৰ দৰ্শন কৰিছে । ডিচেম্বৰত চহৰখন ভ্ৰমণৰ সময়ত অমিত শ্বাহে 'হিন্দুত্ব'ৰ কথা উত্থাপন কৰি কৈছিল যে তেওঁৰ দলে হায়দৰাবাদক 'নবাব নিজাম' সংস্কৃতিৰ পৰা মুক্ত কৰিব বিচাৰে আৰু ইয়াক এখন আধুনিক চহৰ হিচাপে বিকশিত কৰিব বিচাৰে ।

লগতে পঢ়ক :CAA ৰ অধীনত নাগৰিকত্বৰ আবেদনৰ সুবিধাৰ্থে নতুন পৰ্টেল মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.