ETV Bharat / bharat

বৰষুণে দিছে বিধি-পথালি: স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা - HEAVY RAINFALL IN KASHMIR

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 8:50 AM IST

Amarnath yatra suspended: দেওবাৰে ধাৰাসাৰ বৰষুণৰ পিছত স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা ৷ পথৰ মেৰামতিৰ বাবে বালতাল পথত স্থগিত ৰখা হয় এই যাত্ৰা । দায়িত্বত থকা বিষয়াসকলে পেহেলগাম আৰু বালতাল দুয়োটা পথতে প্ৰবল বৃষ্টিপাত হোৱাৰ কথা উল্লেখ কৰি উক্ত পথত মেৰামতিৰ প্ৰয়োজনীয়তা ব্যক্ত কৰে ৷

HEAVY RAINFALL IN KASHMIR
অমৰনাথ যাত্ৰা স্থগিত (ANI)

নেশ্যনেল ডেস্ক, 12 আগষ্ট: প্ৰতিকূল বতৰে বিধি-পথালি দিছে অমৰনাথ যাত্ৰাত ৷ যাৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছে এই যাত্ৰা ৷ কাশ্মীৰত হোৱা মূষলধাৰ বৰষুণৰ ফলতে অমৰনাথ যাত্ৰাত ব্যাপক প্ৰভাৱ পৰে ৷ তথ্য অনুসৰি, গান্দেৰবাল জিলাৰ বালতাল পথত দেওবাৰে হৈছিল ধাৰাসাৰ বৰষুণ ৷ এই ধাৰাসাৰ বৰষুণৰ বাবে সোমবাৰে অমৰনাথ যাত্ৰা স্থগিত ৰখা হ'ব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ আনহাতে, শনিবাৰৰে পৰা পেহেলগাম পথৰ পৰা অমৰনাথলৈ যোৱা পথ বৰষুণৰ বাবে বন্ধ ৰখা হৈছিল ৷

অমৰনাথ যাত্ৰাৰ বিভিন্ন দায়িত্বত থকা বিষয়াসকলে দেওবাৰে পেহেলগাম আৰু বালতালৰ দুয়োটা পথতে প্ৰবল বৃষ্টিপাত হোৱাৰ কথা জানিবলৈ দি এই পথ তাৎক্ষণিক মেৰামতিৰ প্ৰয়োজন বুলি ব্যক্ত কৰে ৷

"আজি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে শ্ৰীঅমৰনাথজী যাত্ৰাপথৰ বালতাল পথত জৰুৰী মেৰামতি আৰু তত্বাৱধানৰ কাম কৰাৰ প্ৰয়োজন হৈছে । যাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত কাইলৈ(সোমবাৰে) বালতাল পথৰ পৰাও কোনো যাত্ৰাৰ অনুমতি দিয়া নহ'ব । পৰৱৰ্তী আপডেটসমূহ যথাসময়ত জাৰি কৰা হ’ব," কাশ্মীৰৰ বিভাগীয় আয়ুক্ত বিজয় কুমাৰ বিধুৰীয়ে এক বিবৃতিযোগে এনেকৈ সদৰী কৰে ।

বিধুৰীয়ে কৈছিল যে, পেহেলগাম পথত ইতিমধ্যে প্ৰয়োজনীয় মেৰামতি আৰু তত্বাৱধানৰ কাম চলি আছে । বিষয়াসকলে কৈছিল যে, পেহেলগাম পথত চলি থকা পথ মেৰামতিৰ কামৰ বাবে শনিবাৰে জম্মু জিলাৰ পৰা কাশ্মীৰ উপত্যকালৈ পৰৱৰ্তী যাত্ৰাৰ বাবে কোনো নতুন তীৰ্থযাত্ৰীক অনুমতি দিয়া হোৱা নাছিল ।

52 দিনীয়া অমৰনাথ যাত্ৰা 29 জুনত আৰম্ভ হৈছিল আৰু ই সমাপ্ত হ'ব 19 আগষ্টত । জম্মু জিলাৰ ভাগৱতী নগৰ যাত্ৰীনিৱাসৰ পৰা জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই ফ্লেগ অফ কৰি এই কাৰ্যসূচীৰ উদ্বোধন কৰিছিল ।

ভক্তসকলৰ দৰ্শনৰ বাবে বৰ্তমান শ্ৰীনগৰৰ মাইচুমাৰ দশনামী আখৰাত ৰখা ছাৰী মুবাৰকক পবিত্ৰ গদাৰ ৰক্ষক মহান্ত দীপেন্দ্ৰ গিৰিয়ে পবিত্ৰ গুহা মন্দিৰলৈ লৈ যাব । এই দিনটো ৰক্ষাবন্ধনৰ সৈতে সংযোগী ৷ গদাটো মন্দিৰত উপস্থিত হোৱাৰ লগে লগে এই যাত্ৰাৰ সামৰণি পৰে ৷

লগতে পঢ়ক: অমৰনাথ যাত্ৰাৰ তৃতীয় দিন : ৬৪৬১ গৰাকী যাত্ৰীৰে আৰম্ভ অমৰনাথ গুহা দৰ্শনৰ যাত্ৰা - Amarnath Yatra 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.