ETV Bharat / bharat

তামৰ খনিত আৱদ্ধ 14 শ্ৰমিকক সুকলমে উদ্ধাৰ: এজনৰ মৃত্যু - Kolihan Mine Lift Collapses - KOLIHAN MINE LIFT COLLAPSES

14 TRAPPED AT KOLIHAN COPPER MINE : মঙলবাৰে হিন্দুস্তান কপাৰ লিমিটেডৰ কলিহান খনিত সংঘটিত দুৰ্ঘটনাত আৱদ্ধ হৈ থকা 14 জন শ্ৰমিকক সুকলমে উদ্ধাৰ ৷ অৱশ্যে উদ্ধাৰৰ পিছতে মৃত্যু ঘটে এজন ব্যক্তিৰ ।

Kolihan Mine Lift Collapses
14 শ্ৰমিকক সুকলমে উদ্ধাৰ (Source : Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 2:14 PM IST

নেশ্য়নেল ডেস্ক, 15 মে’: মঙলবাৰে ৰাজস্থানত লিফ্ট খহি সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছৰে পৰা অব্যাহত আছে উদ্ধাৰ অভিযান ৷ ইতিমধ্যে এই দুৰ্ঘটনাত আৱদ্ধ হৈ ৰোৱা 14 জন শ্ৰমিকৰ আটাইকে উদ্ধাৰ কৰি খনিৰ পৰা বাহিৰলৈ লৈ যোৱা হৈছে ৷

অৱশ্যে উদ্ধাৰকাৰ্য সম্পন্ন হোৱাৰ পিছত এজন লোক মৃত্যুমুখত পৰে ৷ এই দুৰ্ঘটনাৰ খবৰ লাভৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল এছডিআৰএফ আৰু এনডিআৰএফৰ দল ৷ তদুপৰি ঘটনাস্থলীত উপস্থিত আছিল স্থানীয় বিধায়কৰ লগতে জিলা উপায়ুক্ত নীমকথানা শৰদ মেহৰা, আৰক্ষী পৰিদৰ্শক প্ৰবীণ কুমাৰ নায়ক নুনাৱতৰ লগতে শীৰ্ষ আৰক্ষীৰ এটা দল ৷

উল্লেখ্য যে, তামৰ খনিটোত আৱদ্ধ প্ৰতিগৰাকীকে অভিযানকাৰী দলে সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই আনে । এই দলটোত আছিল কলকাতাৰ পৰা যোৱা ভিজিলেন্স দলৰ উপ মহাপ্ৰৱন্ধক এ কে শৰ্মা, মেনেজাৰ প্ৰীতম সিং আৰু হৰ্ষিৰামকে ধৰি আন আন বিষয়াসকল ৷ চিকিৎসা দলটোৰ মুৰব্বী ডাঃ মহেন্দ্ৰ চাইনী আৰু ডাঃ প্ৰবীণ শৰ্মাই এই কথা নিশ্চিত কৰে ।

ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে নিশা প্ৰায় 8.10 বজাত খনিৰ পৰা ওলাই যাওঁতে লিফ্টৰ বিধ্বস্ত হৈ খহি পৰে ৷ যাৰ ফলত লিফ্টটোত থকা 14 গৰাকী লোক প্ৰায় 1875 ফুট গভীৰতাত আৱদ্ধ হৈ পৰে । অভিযানকাৰী দলটোৱে আৱদ্ধ লোকসকলক নিশাৰে পৰা খাদ্যৰ পেকেট আৰু ঔষধ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷

ঘটনা সন্দৰ্ভত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই টুইটযোগে দুখপ্ৰকাশ কৰে ৷ তেওঁ এই খবৰ লাভৰ পিছতে সংশ্লিষ্ট অভিযানকাৰী বিষয়াসকলক তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰে ৷ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আৰু স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: লিফ্ট খহি তামৰ খনিত আৱদ্ধ 14 গৰাকী: উদ্ধাৰ 3 - Lift Collapse In Rajasthan

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.