ETV Bharat / bharat

ৰাছিয়াতো ভাৰতীয় ক্ৰিকেট দলৰ প্ৰসংগ : টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ যুঁজাৰু মানসিকতাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ - PM Modi Russia Visit

PM Modi Praises Indian Cricket Team : ৰাছিয়া ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া টি-২০ বিশ্বকাপত ভাৰতীয় দলটোৰ উৎকৃষ্ট প্ৰদৰ্শন আৰু হাৰ মানিব নিবিচৰা মনোভাবৰ বাবে প্ৰশংসা কৰে । প্ৰধানমন্ত্ৰীয়ে মস্কোত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি ভাৰতীয় ক্ৰিকেট দলটোক উচ্চ প্ৰশংসা কৰে ।

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 5:55 PM IST

PM Modi Praises Indian Cricket Team
টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ যুঁজাৰু মানসিকতাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ (ANI Photo)

নিউজ ডেস্ক, ৯ জুলাই : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হৈছে । প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণকালত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে আৰু তেওঁৰ ভাষণৰ সময়ত ভাৰতীয় ক্ৰিকেট দলৰো বিশেষভাৱে প্ৰশংসা কৰে ।

ৰাছিয়াতো ভাৰতীয় ক্ৰিকেট দলৰ প্ৰসংগ মোদীৰ মুখত (ANI Photo)

উল্লেখ্য, ভাৰতীয় ক্ৰিকেট দলটোৱে শেহতীয়াকৈ টি-২০ বিশ্বকাপ জয় কৰি আই চি চি ট্ৰফী জয়ৰ খৰাং সমাপ্ত কৰে । টুৰ্ণামেণ্টখনৰ হাই ভল্টেজ ফাইনেলত দক্ষিণ আফ্ৰিকাক এটা সময়ত ৩০ টা বলত ৩০ ৰাণৰ প্ৰয়োজন আছিল । সেই সময়ত মেচখন প্ৰ'টিয়া বাহিনীৰ পক্ষলৈ গতি কৰা দেখা গৈছিল । কিন্তু ভাৰতীয় বলাৰসকলে যথেষ্ট ধৈৰ্য আৰু নিয়ন্ত্ৰিত বলিঙেৰে মেচখনৰ গতি নিজৰ ফালে ঘূৰাই আনিবলৈ সক্ষম হয় । আৰু মেচৰ অন্তত সাত ৰাণত বিজয় সুৰক্ষিত কৰিবলৈ এক সাহসী প্ৰয়াস কৰে । মস্কোত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতীয় দলটোৱে কেতিয়াও যুঁজ এৰি নিদিয়া মনোভাব প্ৰদৰ্শন কৰিছে আৰু ইয়াৰ পৰা বহুখিনি শিকিব লাগিব ।

"বিশ্বকাপ জয়ৰ আঁৰৰ প্ৰকৃত কাহিনীটোও খিতাপ দখলৰ যাত্ৰাত নিহিত আছে । আজিৰ যুৱ আৰু আজিৰ যুৱ ভাৰতে অন্তিমটো বল আৰু শেষ মুহূৰ্তলৈকে হাৰ মানিব নোৱাৰে । বিজয়ে কেৱল তেওঁলোককহে প্ৰণাম কৰে, যিসকলে হাৰ মানিবলৈ সাজু নহয় ।" তেওঁ কয় ।

ভাৰতীয় সম্প্ৰদায়ৰ সৈতে বাৰ্তালাপৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰেমলিনত অজ্ঞাত সৈনিকৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু তাৰ পিচত মস্কোৰ এখন প্ৰদৰ্শনীস্থলী ৰোজাটম পেভিলিয়ন পৰিদৰ্শন কৰিব ।

উল্লেখ্য, ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক ভাষণৰ অন্তত এখন বৈঠকত মিলিত হয় আৰু বিশ্বজনীন বিষয়সমূহৰ ওপৰত আলোচনা কৰে । দুবছৰ পূৰ্বে উজবেকিস্তানৰ ছমৰকাণ্ডত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ (এছ চি অ') সন্মিলনত বিশ্বৰ এই দুগৰাকী নেতাৰ মাজত অন্তিম বৈঠক অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক :ৰাছিয়াত দুটা নতুন বাণিজ্যিক দূতাবাস খোলাৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ - PM Modi Russia Visit
লগতে পঢ়ক :ৰাজ কাপুৰৰ চলচ্চিত্ৰৰ গানৰ উল্লেখেৰে ভাৰত-ৰাছিয়া সম্পৰ্কৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ - PM Modi Russia Visit

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.