ETV Bharat / bharat

উৰাজাহাজত বোমাতংক ! জৰুৰীকালীন অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমানৰ

এয়াৰ ইণ্ডিয়াৰ এখন বিমানে মাজ আকাশতে উৰি থকা অৱস্থাত অনলাইনযোগে বিমানখনত বোমা থকাৰ ভাবুকি পোৱাৰ পিছত জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলৈ বাধ্য হয়।

author img

By ETV Bharat Assamese Team

Published : 9 hours ago

ETV Bharat
এয়াৰ ইণ্ডিয়া বিমান (প্ৰতীকী ছবি) (ETV Bharat)

নিউজ ডেস্ক,16 অক্টোবৰ: পুনৰ যাত্ৰীবাহী বিমানত বোমাতংক ৷ এইবাৰ উৰন্ত বিমান এখনত বোমাৰ থকাৰ ভাবুকি পাই পাইলটে বাধ্য হৈ সলনি কৰিলে বিমানৰ গন্তব্যস্থল ৷ এই ঘটনা সংঘটিত হৈছে এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমানত ৷ দিল্লীৰ পৰা চিকাগো অভিমুখী এখন বিমানে অনলাইন যোগে লাভ কৰে এক ভাবুকি য’ত উল্লেখ আছিল বিমানত বোমা থকাৰ কথা ৷ এয়াৰ ইণ্ডিয়াৰ সুত্ৰ অনুসৰি বিমানখনৰ পাইলটজনে এই ভাবুকি পোৱাৰ পিছত চিকাগোৰ সলনি কানাডাৰ এক বিমানবন্দৰলৈ গতিপথ পৰিৱৰ্তন কৰে আৰু বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰোৱায়।

সংবাদ সংস্থা পিটিআইক এয়াৰ ইণ্ডিয়াই জনোৱা মতে 15 অক্টোবৰ মঙলবাৰে দিল্লীৰ পৰা চিকাগোলৈ যাত্ৰা কৰা AI127 বিমানখনে অনলাইনত এটা ভাবুকি পায় যে বিমানখনত এটা বোমা সংস্থাপন কৰা আছে। সেয়েহে নিৰাপত্তাৰ খাতিৰত বিমানখনক কানাডাৰ ইকালুইট বিমানবন্দৰলৈ লৈ যোৱা হয়, য'ত সুৰক্ষা প্ৰটোকল অনুসৰণ কৰি যাত্ৰীসকলক পৰীক্ষা কৰা হয়। সৌভাগ্যবশতঃ এই ভাবুকি ভূৱা প্ৰমাণিত হয় ৷

ইয়াৰ পূৰ্বে সোমবাৰেও একে ধৰণে বোমা থকাৰ ভাবুকি পাইছিল এয়াৰ ইণ্ডিয়াৰ আন এটি বিমানে ৷ সেইখন বিমানৰ যাত্ৰাপথ আছিল মুম্বাইৰ পৰা নিউয়ৰ্ক ৷ মাজ আকাশতে বোমাৰ ভাবুকি লাভ কৰাৰ পিছত বিমানখনৰ বাট সলাই দিল্লীত অৱতৰণ কৰোৱা হয় ৷ অৱশ্যে পৰৱৰ্তী সময়ত তালাচী চলোৱাৰ পিছতো পোৱা নগ’ল একো সন্দেহজনক সামগ্ৰী ৷ টাটা এয়াৰলাইনছে এই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি সাম্প্ৰতিক সময়ত এয়াৰ ইণ্ডিয়াসহ আন কেইবাটাও বিমান সংস্থাই বোমাৰ ভাবুকি লাভ কৰি অহাৰ কথা সদৰী কৰে ৷

লগতে পঢ়ক: মুম্বাইৰ পৰা নিউয়ৰ্ক অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; দিল্লীত জৰুৰী অৱতৰণ

এক বিবৃতিযোগে এয়াৰ ইণ্ডিয়াই কয় যে সকলোবোৰ ভাবুকিয়েই পিছত ভুৱা প্ৰমাণিত হৈছিল, কিন্তু দায়িত্বশীল এয়াৰলাইন হিচাপে, প্ৰতিটো ভাবুকিক গুৰুত্বসহকাৰে লোৱা হৈছিল ৷ ফলত যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ’ব লগা হয় যাৰ বাবে বিমান কৰ্তৃপক্ষ যাত্ৰীসকলৰ ওচৰত ক্ষমাপ্ৰাৰ্থী।

সংস্থাটোৱে লগতে জানিবলৈ দিয়ে যে এই ধৰণৰ ভাবুকিৰ ফলত বিমান যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে ৷ তাৰ লগতে বিমান পৰিষেৱাতো ব্যাঘাত জন্মিছে ৷ যিসকলে এই কাণ্ড কৰিছে সেইসকলক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত এয়াৰ ইণ্ডিয়াই সংশ্লিষ্ট কৰ্তৃপক্ষক সকলোধৰণৰ সহযোগিতা কৰিবলৈ সাজু ৷ এই ধৰণৰ কৰ্মকাণ্ডৰ ফলত সংস্থাটোৱে আৰ্থিক ক্ষতিৰো সন্মুখীন হৈছে ৷ সেয়েহে দোষীৰসকলৰ পৰা ক্ষতিপূৰণ আদায় কৰিবৰ বাবে আইনী পথ বাছি ল’ব দেশৰ আগশাৰীৰ বিমান পৰিষেৱা সংস্থাটোৱে ৷

লগতে পঢ়ক: এয়াৰ ইণ্ডিয়াৰ পাচত ইণ্ডিগ’ৰো দুখন বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.