ETV Bharat / bharat

এইমছৰ আন এক সফলতা : জাপানৰ পৰা ৰক্ত আনি প্ৰাণ সঞ্চাৰ গৰ্ভজাত সন্তানৰ - AIIMS Hospital

author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 2:58 PM IST

AIIMS new achievement: দিল্লীৰ এইমছ চিকিৎসালয়ে জাপানৰ পৰা ৰক্ত আমদানি কৰি এটি গৰ্ভজাত কন্যা সন্তানক এক নতুন জীৱন প্ৰদান কৰিছে । ৰক্তৰ অভাৱত কন্যা সন্তানটি গৰ্ভতে মৃত্যুৰ পথলৈ গতি কৰিছিল । কিন্তু এইমছৰ চিকিৎসকসকলৰ কঠোৰ প্ৰচেষ্টাৰ অন্তত এই সফলতা লাভ কৰে । যাৰ বাবে এতিয়া সৰ্বত্ৰে প্ৰশংসা লাভ কৰিছে দিল্লী এইমছে ।

AIIMS NEW ACHIEVEMENT
দিল্লী এইমছৰ সফলতা (ETV Bharat)

নিউজ ডেস্ক, ১৩ জুন : দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছৰ (অল ইণ্ডিয়া মেডিকেল ইনষ্টিটিউট অব ছায়েন্স) চিকিৎসকসকলে এক বিৰল সফলতা অৰ্জন কৰিছে । তেওঁলোকৰ হাতলৈ অহা এটা অতি জটিল চিকিৎসা সমস্যা তেওঁলোকে সমাধান কৰিবলৈ সক্ষম হৈছে । এক বিৰল ৰক্তৰ বাবে এগৰাকী গৰ্ভৱতী আৰু তেওঁৰ গৰ্ভত থকা সন্তানৰ জীৱনলৈ গভীৰ বিপদ আহি উপস্থিত হৈছিল । ৰক্তৰ অভাৱত গৰ্ভত থকা কন্যা সন্তানটি মৃত্যুৰ পথলৈ গতি কৰিছিল । কিন্তু চিকিৎসকসকলে জাপানৰ পৰা এই বিৰল ৰক্ত আনি প্ৰসৱৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । আৰু এই কাৰ্যত চিকিৎসকসকলে সফলতা অৰ্জন কৰে । বৰ্তমান মাতৃ আৰু সন্তান দুয়ো সুস্থ শৰীৰে আছে ।

AIIMS NEW ACHIEVEMENT
ৰক্ত চক্ৰ (ETV Bharat)

উল্লেখ্য যে এই মহিলাগৰাকীয়ে এতিয়ালৈকে ৮ টা সন্তান গৰ্ভতে হেৰুৱাইছে । কিন্তু তেওঁৰ নৱম শিশুটোক চিকিৎসকসকলে জীৱনদান দিয়ে । মহিলাগৰাকীৰ বিয়া হ'বৰ ৫ বছৰ হৈছিল আৰু চিকিৎসকসকলৰ এই প্ৰচেষ্টাত পিতৃ-মাতৃ দুয়ো অতি সুখী ।

সমগ্ৰ ঘটনাটো কি আছিল ?

হাৰিয়ানাৰ এটা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাই বিবাহৰ পাঁচ বছৰত আঠবাৰকৈ তেওঁৰ সন্তান হেৰুৱাবলগা হৈছিল । যাৰ বাবে 50 গৰাকীৰো অধিক চিকিৎসকে তেওঁক কোনো কাৰণতে গৰ্ভধাৰণ নকৰিবলৈ স্পষ্টকৈ জনাই দিছিল । কিন্তু তথাপি তেওঁ গৰ্ভধাৰণ কৰে আৰু এইবাৰো মহিলাগৰাকীৰ গৰ্ভত বাঢ়ি অহা শিশুটোৰ জীয়াই থকাৰ আশা একেবাৰে কম আছিল । গৰ্ভতে শিশুটোৰ হৃদস্পন্দন স্তব্ধ হোৱাৰ পথত আছিল । কিন্তু জাপানৰ পৰা ৰক্ত আমদানি কৰি আনি দুদিনৰ ভিতৰত শিশুটোক পুনৰুজ্জীৱিত কৰাই নহয়, গৰ্ভৰ ভিতৰত ৰক্ত প্ৰদান কৰি তেওঁক এক নতুন জীৱন প্ৰদান কৰে । এইমছৰ চিকিৎসকসকলে এই কাম অতি আশ্চৰ্যজনকভাৱে সমাধা কৰে ।

AIIMS NEW ACHIEVEMENT
এই ৰক্তৰ গাঁথনি কেনে ধৰণৰ (ETV Bharat)

এনেদৰে আহিছিল সফলতা

  • চিকিৎসকসকলে জনোৱা মতে, মহিলাগৰাকীক লেডী হাৰ্ডিংগ চিকিৎসালয়ে প্ৰেৰণ কৰিছিল ।
  • হাৰিয়ানাত বাস কৰা ২৪ বছৰীয়া পুনম ৫ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ।
  • তেওঁৰ গৰ্ভৰ ভ্ৰূণ আঠবাৰকৈ ক্ষতিগ্ৰস্ত হৈছিল । কাৰণ তেওঁৰ ৰক্তৰ গ্ৰুপ এনেকুৱা আছিল, যিটো এক মিলিয়নৰ ভিতৰত এজনৰ থাকে ।
    AIIMS NEW ACHIEVEMENT
    কেনেদৰে ৰক্ত সংগ্ৰহ কৰা হৈছিল ? (ETV Bharat)
  • শিশুটোৰ বয়স 7-8 মাহ হোৱাৰ সময়ত গৰ্ভত ৰক্তৰ অভাৱ ঘটিছিল আৰু তাৰ পিচত গৰ্ভতে শিশুটোৰ মৃত্যু হৈছিল ।
  • এইবাৰো শিশুটোৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে । মাতৃৰ ৰক্তৰ গ্ৰুপ ঋণাত্মক (নেগেটিভ) আৰু শিশুটোৰ ধনাত্মক (পজিটিভ) আছিল ।
  • শিশুটিৰ অভ্যন্তৰত নিৰন্তৰ ৰক্তৰ অভাৱ ঘটি আছিল । কিন্তু এইমছৰ চিকিৎসকসকলে যেতিয়া অনুসন্ধান কৰে তেতিয়া গম পায় যে এইমছত এই ৰক্ত উপলব্ধ নহয় ।
  • আনকি সমগ্ৰ দেশতে অনুসন্ধান কৰাৰ পিচত এই ৰক্ত গ্ৰুপৰ কেৱল এজন ব্যক্তিহে লাভ কৰে, কিন্তু তেওঁ ৰক্তদান কৰিবলৈ অস্বীকাৰ কৰে ।
  • ইয়াৰ পিচত বেচৰকাৰী সংগঠনসমূহৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰক্তৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰা হয় ।
  • তাৰ মাজতে এইটো জানিব পৰা যায় যে এই ৰক্ত জাপানত উপলব্ধ । কিন্তু কম সময়ৰ ভিতৰতে তাৰ পৰা ৰক্ত পোৱাটো অতি কঠিন আছিল ।
  • অৱশ্যে সকলোৰে সন্মিলিত প্ৰচেষ্টাত 48 ঘণ্টাৰ ভিতৰত তাৰ পৰা ভাৰতলৈ ৰক্ত আমদানি কৰিবলৈ সক্ষম হয় ।
  • তাৰ পিচত গৰ্ভৰ ভিতৰত বাঢ়ি অহা শিশুটোলৈ ৰক্ত প্ৰদান কৰা হয় ।
  • তেওঁৰ অৱনতি ঘটা স্বাস্থ্যৰ অৱস্থা পুনৰুদ্ধাৰৰ পিচত অস্ত্ৰোপচাৰ কৰি কেঁচুৱাটো প্ৰসৱ কৰোৱা হয় ।

চিকিৎসকে এই বিৰল অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি কৈছে যে বৰ্তমান শিশুটো আৰু মাতৃ দুয়ো সুস্থ । এই ক্ষেত্ৰত এইমছৰ চিকিৎসকৰ দল আৰু দৰিদ্ৰ লোকসকলক সহায় কৰা সংগঠনটোৱে তেওঁলোকৰ অনন্য কৃতিত্ব প্ৰদৰ্শন কৰিছে ।

লগতে পঢ়ক :অবিশ্বাস্য হ’লেও বছৰ-বছৰ ধৰি দেহত কঢ়িয়াই ফুৰিলে ২৫ কেজি ওজনৰ টিউমাৰ - Rare surgery in Lakhimpur

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.