ETV Bharat / bharat

এয়াৰ ইণ্ডিয়াৰ পাচত ইণ্ডিগ’ৰো দুখন বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

IndiGo Flights From Mumbai: ইণ্ডিগ’ৰ দুখন বিমানলৈ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ৷ মুম্বাই বিমান বন্দৰত বিশেষ নিৰীক্ষণ চলি আছে বিমান দুখনৰ-

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 12:11 PM IST

Bomb Threats
IndiGo Flight (ANI)

নিউজ ডেস্ক, ১৪ অক্টোবৰ: মুম্বাইৰ পৰা নিউয়ৰ্ক অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানে বোমা আক্ৰমণৰ ভাবুকি লাভ কৰাৰ পাচত পুনৰ ইণ্ডিগ’ নামৰ বিমান সংস্থাটোৰ দুখন বিমানলৈ আহিছে অনুৰূপ ভাবুকি ৷ মুম্বাইৰ পৰা মধ্য প্ৰাচ্যৰ দুখন পৃথক চহৰলৈ যাত্ৰা কৰিবলগীয়া ইণ্ডিগ’ৰ দুখন বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হয় সোমবাৰে পুৱা ৷

নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে ইণ্ডিগ’ৰ বিমান দুখন পৃথক স্থানলৈ স্থানান্তৰ কৰা হয় । সূত্ৰৰ উদ্ধৃতিৰে এএনআইয়ে প্ৰকাশ কৰা অনুসৰি মুম্বাইৰ পৰা মাস্কটলৈ যোৱা ইণ্ডিগ’ৰ বিমান ৬E ১২৭৫ আৰু মুম্বাইৰ পৰা জেদ্দালৈ যোৱা ৬E ৫৬ বিমানত বোমাৰ ভাবুকি সন্দৰ্ভত কৰ্তৃপক্ষই বাৰ্তা লাভ কৰিছিল ।

পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই ইণ্ডিগ’ৰ এগৰাকী মুখপাত্ৰই কয়, “মুম্বাইৰ পৰা মাস্কটলৈ চলাচল ইণ্ডিগ’ৰ বিমান ৬E ১২৭৫ আৰু মুম্বাইৰ পৰা জেদ্দালৈ চলাচল কৰা ইণ্ডিগ’ৰ বিমান ৬E ৫৬ খনে বোমাৰ ভাবুকি লাভ কৰিছিল ।”

তেওঁ লগতে কয়, ‘‘প্ৰট'কল অনুসৰি বিমান দুখনক এটা বিচ্ছিন্ন স্থানলৈ লৈ যোৱা হৈছিল, আৰু বিহিত পৰিচালনা পদ্ধতি অনুসৰণ কৰি বাধ্যতামূলক নিৰাপত্তা পৰীক্ষা তৎক্ষণাত আৰম্ভ কৰা হৈছিল । যাত্ৰীসকলক সহায় আৰু খাদ্য প্ৰদান কৰা হৈছিল ৷ আমি ইয়াৰ ফলত হোৱা অসুবিধাৰ বাবে আন্তৰিকতাৰে মাৰ্জনা বিচাৰিছোঁ ।’’

ইয়াৰ পূৰ্বে মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমানে বোমাৰ ভাবুকি লাভ কৰিছিল ৷ মুম্বাই বিমান বন্দৰে ভাবুকি সন্দৰ্ভত X যোগে বাৰ্তা পোৱাৰ পিচতে দিল্লীত বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় । দিল্লীৰ নিৰাপত্তা সংস্থাসমূহলৈ এই বাৰ্তা প্ৰেৰণ কৰাৰ পাচতে বিমানখন ৰাষ্ট্ৰীয় ৰাজধানীলৈ লৈ যোৱা হয় ।

লগতে পঢ়ক: মুম্বাইৰ পৰা নিউয়ৰ্ক অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; দিল্লীত জৰুৰী অৱতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.