ETV Bharat / bharat

ED ৰ হাতত গ্ৰেপ্তাৰ আপ বিধায়ক অমনাতুল্লাহ খান : ঘৰৰ চৌহদত মোতায়েন কটকটীয়া নিৰাপত্তা ব্যৱস্থা - ED raid on Amanatullah Khan house

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 9:40 AM IST

Updated : Sep 2, 2024, 12:50 PM IST

ED raid on Amanatullah Khan house : পুৱা ৭ বজাতে দিল্লীৰ খলাৰ আপৰ বিধায়ক অমনাতুল্লাহ খানৰ উপস্থিত ED ৰ এটা দল ৷ বিধায়কগৰাকীয়ে নিজেই X যোগে এই কথা সদৰী কৰিছে ৷ শেহতীয়া খবৰ অনুসৰি, বিধায়ক খানক ED য়ে নিজৰ জিম্মাত লৈছে ৷

ED raid on Amanatullah Khan house
আপ বিধায়ক অমনাতুল্লাহ খানৰ ঘৰত ইডিৰ অভিযান (ETV Bharat)

নেশ্যনেল ডেস্ক, ২ ছেপ্টেম্বৰ : সোমবাৰে পুৱা বলবৎকাৰী সঞ্চালকালয়ে (ED) আপৰ বিধায়ক অমানাতুল্লাহৰ ঘৰত অভিযান চলায় । বিধায়ক অমানতুল্লাহ খানে নিজেই এই তথ্য X ৰ লিখিছে । শেহতীয়া তথ্য অনুসৰি, প্ৰায় পাঁচ ঘন্টাজোৰা অভিযানৰ অন্তত ইতিমধ্যে ED য়ে গ্ৰেপ্তাৰ কৰিছে বিধায়ক খানক ৷

ED raid on Amanatullah Khan house
ED ৰ হাতত গ্ৰেপ্তাৰ আপ বিধায়ক অমনাতুল্লাহ খান (ETV Bharat)

আটক হোৱাৰ পূৰ্বই বিধায়ক খানে X যোগে কিছু কথা সদৰী কৰিছিল ৷ তেওঁ কয়, ‘‘ইডিৰ দলটোৱে মোক গ্ৰেপ্তাৰ কৰিবলৈ মোৰ ঘৰলৈ আহিছে ।’’ ইয়াৰ পিছত তেওঁ এটা ভিডিঅ’ পোষ্ট কৰি কয়, ‘‘এতিয়া পুৱা ৭ বাজিছে আৰু ইডিৰ দলটোৱে মোক গ্ৰেপ্তাৰ কৰিবলৈ মোৰ ঘৰলৈ আহিছে ৷ মোৰ শাহুৰ কেন্সাৰ হৈছে আৰু ৪ দিন আগতে তেওঁৰ অপাৰেশ্যন হৈছে । তেওঁ বৰ্তমান মোৰ ঘৰতে আছে ৷ মোৰ এই কথা মই তেওঁলোকক (ED) পূৰ্বতেও জনাইছো ৷’’

লগতে পঢ়ক : ই ডিক বিজেপিৰ পোহনীয়া কুকুৰ আখ্যা ভূপেন বৰাৰ : ই ডিৰ কাৰ্যালয় ঘেৰাও কৰি কংগ্ৰেছৰ প্ৰতিবাদ - Hindenburg Adani Row

বিধায়কগৰাকীয়ে কয়, ‘‘যোৱা দুবছৰ ধৰি তেওঁলোকে (ED) মোক হাৰাশাস্তি কৰি আহিছে ৷ মই তেওঁলোকৰ প্ৰতিটো জাননীৰ প্ৰতি সঁহাৰি জনাইছো । মোৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু হৈছে । মোক আৰু মোৰ দলটোক হাৰাশাস্তি কৰা হৈছে । এওঁলোকৰ এটাই উদ্দেশ্য মোক বা আমাৰ দলটোক ভংগ কৰা ৷ মই ৰাইজৰ পৰা আৰ্শীবাদ বিচাৰিছো, আপোনালোকক আশ্বাস দিছো যে চৰকাৰে হাতত লোৱা কোনো কাম বন্ধ নহ’ব । সকলো নিয়াৰিকৈ চলি আছে আৰু থাকিব ৷’’

লগতে পঢ়ক : ভূমিৰ বিনিময়ত নিযুক্তি গোচৰ : পিতা-পুত্ৰৰ বিৰুদ্ধে জাল চপাই আনিছে ই ডিয়ে - Land For Job Scam

তথ্য অনুসৰি, সোমবাৰে পুৱা বহুকেইগৰাকী ED বিষয়াই অভিযান চলাবলৈ অমানুল্লাহৰ ঘৰত উপস্থিত হয় ৷ যোৱা বছৰো ১০ অক্টোবৰত ED য়ে অমানতুল্লাহৰ ঘৰত অভিযান চলাই কেইবাঘণ্টা ধৰি জেৰা আৰু তদন্ত কৰিছিল । ED য়ে যেতিয়া পুনৰ অভিযান চলাবলৈ আহিছে, তেতিয়া আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতাসকলে X ত পোষ্ট কৰি ইয়াক প্ৰদানমন্ত্ৰী মোদীৰ একনায়কত্ববাদ আৰু EDৰ গুণ্ডা বুলি অভিহিত কৰিছে ।

ED raid on Amanatullah Khan house
ঘৰৰ চৌহদত মোতায়েন কটকটীয়া নিৰাপত্তা ব্যৱস্থা (ETV Bharat)
  • সাংসদ সঞ্জয় সিঙে লিখিছে

ED ৰ এই অভিযান সন্দৰ্ভত আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে পোষ্ট কৰে ৷ তেওঁ কয়, "ইডিৰ নিৰ্দয়তা চাওক, অমানুল্লাই প্ৰথমেই ED ক তদন্তৰ বাবে সহায় কৰিছে । তেওঁ সময় বিচাৰিছিল, তেওঁৰ শাহুৱেক কেন্সাৰ হৈছে ৷ কিন্তু পুৱাৰ ভাগতে ED য়ে তেওঁৰ ঘৰত উপস্থিত হৈ অভিযান চলায় । অমানাতুল্লাৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নাই যদিও মোদীৰ একনায়কত্ববাদ আৰু ED ৰ গুণ্ডা দুয়োটা অব্যাহত আছে । ইয়াৰ লগতে অমানাতুল্লাহৰ শাহুৱেকৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰা হৈছে, য’ত তেওঁ শুই আছে আৰু ED ৰ বিষয়া দুৱাৰমুখত থিয় হৈ আছে ।’’

লগতে পঢ়ক : ধৰ্ষণৰ গোচৰৰ ৰায়দান ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতৰ - Rape case in Dhemaji

Last Updated : Sep 2, 2024, 12:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.