ETV Bharat / bharat

অনিৰ্দিষ্টকালীন অনশনত স্বাস্থ্যৰ অৱনতি ; আই চি ইউত ভৰ্তি দিল্লীৰ মন্ত্ৰী আতিশী - Atishi Marlena Hunger Strike

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 12:26 PM IST

Atishi Marlena Hospitalised : দিল্লীৰ বাবে নিৰ্ধাৰিত ১০০ এম জি ডি পানী হাৰিয়ানাই অৱৰোধ কৰি ৰখাৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অনশনত বহিছে দিল্লীৰ মন্ত্ৰী আতিশী মাৰ্লেনা । আনহাতে, এই অনশনৰ সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বিপজ্জনকভাৱে তেওঁৰ নিম্ন ৰক্তচাপ আৰু শৰ্কৰাৰ স্তৰ হ্ৰাস পোৱাৰ বাবে চিকিৎসকসকলে তেওঁক হাস্পতালত ভৰ্তি কৰোৱাৰ পৰামৰ্শ দিছে ।

Atishi Marlena Hospitalised
আই চি ইউত ভৰ্তি দিল্লীৰ মন্ত্ৰী আতিশী (ETV Bharat)

নেশ্যনেল ডেস্ক, ২৫ জুন : অনিৰ্দিষ্টকালীন অনশনত থকা দিল্লীৰ জলমন্ত্ৰী আতিশী মাৰ্লেনা অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । তেওঁৰ ৰক্তচাপ আৰু শৰ্কৰাৰ স্তৰ যথেষ্ট হ্ৰাস হোৱাৰ পিচত তেওঁক আই চি ইউলৈ স্থানান্তৰ কৰা হৈছে । উল্লেখ্য যে তেওঁ হাৰিয়ানা চৰকাৰে প্ৰতিদিনে ১০০ নিযুত গেলন (এমজিডি) পানী এৰি নিদিয়াৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত সৃষ্টি হোৱা পানীৰ সংকটৰ পৰিপ্ৰেক্ষিতত তেওঁ হাৰিয়ানা চৰকাৰৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন অনশনত বহিছে ।

আতিশীক মঙলবাৰে পুৱতি নিশা ৰাষ্ট্ৰীয় ৰাজধানীৰ লোকনায়ক জয় প্ৰকাশ (এল এন জে পি) চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য, আতিশীৰ এই অনিৰ্দিষ্টকালীন অনশনে মঙলবাৰে পঞ্চম দিনত প্ৰৱেশ কৰে । তেওঁৰ অভিযোগ যে হাৰিয়ানাই দিল্লীৰ বাবে থকা পানীৰ অংশ এৰি দিয়া নাই ।

২২ জুনত আতিশীয়ে হাৰিয়ানাই দিল্লীৰ পানীৰ অংশ মুকলি কৰি নিদিয়াৰ প্ৰতিবাদত অনিৰ্দিষ্টকালৰ বাবে অনশন আৰম্ভ কৰে । ইফালে আম আদমী পাৰ্টীয়ে জনাইছে যে চিকিৎসকে আতিশীক তেওঁৰ অৱনতি ঘটা স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়ত ভৰ্তি হ'বলৈ পৰামৰ্শ দিছে । কিন্তু তেওঁ 'নিজৰ জীৱন বিপদত পেলাই' হ'লেও দিল্লীৰ পানীৰ ন্যায্য অংশৰ বাবে যুঁজি আছে ।

আপৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, মন্ত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা প্ৰতিবেদনত প্ৰকাশ পাইছে যে তেওঁৰ ৰক্তচাপ আৰু শৰ্কৰাৰ স্তৰ যথেষ্ট হ্ৰাস পাইছে । আতিশীৰ ৰক্তত শৰ্কৰাৰ স্তৰ আৰু ৰক্তচাপ যিটো গতিত হ্ৰাস পাইছে, চিকিৎসকসকলে সেয়া বিপজ্জনক বুলি বৰ্ণনা কৰিছে । আপে লগতে কয় ।

আনহাতে, ২৮ লাখ দিল্লীবাসীৰ পানীৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে অনিৰ্দিষ্টকালীন অনশনত থকা জলমন্ত্ৰী আতিশীয়ে কৈছে যে হাৰিয়ানা চৰকাৰে দিল্লীৰ পানীৰ অধিকাৰ প্ৰদান নকৰালৈকে আৰু হাতনিকুণ্ড বান্ধৰ দুৱাৰ মুকলি নোহোৱালৈকে তেওঁৰ অনিৰ্দিষ্টকালীন অনশন অব্যাহত থাকিব । আপৰ সূত্ৰত এইকথা প্ৰকাশ ।

লগতে আপে অভিযোগ কৰিছে যে চুবুৰীয়া ৰাজ্য হাৰিয়ানাই প্ৰতিদিনে 100 নিযুত গেলন (এম জি ডি) কম পানী যোগান ধৰিছে । যাৰ ফলত দিল্লীত 28 লাখ লোকৰ জীৱন গুৰুতৰভাৱে প্ৰভাৱিত হৈছে আৰু পানীৰ অভাৱৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে । ৰাষ্ট্ৰীয় ৰাজধানীত উচ্চ তাপমাত্ৰা আৰু গ্ৰীষ্মপ্ৰৱাহৰ সৈতে পানীৰ অভাৱৰ বিষয়টোও উত্থাপিত হৈছে ।

উল্লেখ্য যে বৰ্তমান দিল্লীবাসীয়ে তেওঁলোকৰ দৈনন্দিন পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পানীৰ টেংকাৰৰ ওপৰত নিৰ্ভৰ কৰি আছে । বৰ্ধিত উষ্ণতাৰ মাজতে এই দৃশ্যবোৰ চলিত বছৰৰ গ্ৰীষ্মকালৰ আৰম্ভণিৰে পৰা ৰাজধানী চহৰখনৰ বহুতো অঞ্চলত দৈনন্দিন ঘটনা হৈ পৰিছে ।

লগতে পঢ়ক :জেলতেই থাকিব নে মুক্তি পাব ? কেজৰিৱালৰ জামিনক লৈ মঙলবাৰে উচ্চ ন্যায়ালয়ে দিব ৰায় - ARVIND KEJRIWAL

লোকসভাৰ অধ্যক্ষ নিৰ্বাচন : আজি মনোনয়ন দাখিলৰ সম্ভাৱনা এন ডি এৰ প্ৰাৰ্থীৰ, ২৬ জুনত নিৰ্বাচন - Lok Sabha Speaker election

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.