ETV Bharat / bharat

ভূমি সমাধি লৈ যুৱকৰ প্ৰতিবাদ; মুখ্যমন্ত্ৰীৰ সন্মুখত আত্মহননৰ ভাবুকি মাতৃৰ - Bharatpur Youth Protest

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 4:41 PM IST

Protest for a job: ৰাজস্থানৰ ভৰতপুৰত যোৱা ৩ দিন ধৰি এজন যুৱকে অনুকম্পামূলক নিযুক্তিৰ দাবীত ভূমি সমাধিত বহি প্ৰতিবাদ অব্যাহত ৰাখিছে । এইবাৰ মাতৃয়েও আত্মহননৰ ভাবুকি দিছে । বিষয়টো সংসদত উত্থাপনৰ আশ্বাস স্থানীয় সাংসদৰ ।

Bharatpur Youth Protest
সমাধিত বহি যুৱকৰ প্ৰতিবাদ (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৪ জুন : ৰাজস্থানৰ ভৰতপুৰত এগৰাকী যুৱকে যোৱা ৩ দিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে । অনুকম্পামূলক নিযুক্তিৰ দাবীত যুৱকজনে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা শুনানি কেন্দ্ৰৰ বাহিৰত অভিনৱ প্ৰতিবাদ অব্যাহত ৰাখিছে । যুৱকজনে নিজৰ দেহৰ আধা অংশ মাটিত পুতি প্ৰতিবাদ সাব্যস্ত কৰিছে । প্ৰশাসনে নিয়মৰ উদ্ধৃতি দি যুৱকজনক অনুকম্পামূলক নিযুক্তি দিবলৈ অস্বীকাৰ কৰিছিল । ইফালে নিযুক্তি নাপালে যুৱকজনৰ মাতৃয়েও মুখ্যমন্ত্ৰীৰ সন্মুখতে আত্মহননৰ ভাবুকি দিছে । ইফালে শুকুৰবাৰে ভৰতপুৰৰ সাংসদ সঞ্জনা জাটব ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় আৰু কয় যে তেওঁ সংসদতো এই বিষয় উত্থাপন কৰিব ।

উল্লেখ্য যে ডীগ জিলাৰ কুমহাৰ অঞ্চলৰ লখন কা নাগলা (পাংগোৰ) গাঁৱৰ বাসিন্দা ৰাধেশ্যাম ওৰফে গৌৰৱ যোৱা ৩ দিন ধৰি প্ৰতিবাদত বহি আছে । এই প্ৰতিবাদ সন্দৰ্ভত যুৱকজনৰ মাতৃয়ে কয় যে যুৱকজনে ৩ দিন ধৰি আহাৰ গ্ৰহণ কৰা নাই । পিতৃৰ বিয়োগৰ পিচত ৩ বছৰ ধৰি ৰাজনীতিবিদ, মন্ত্ৰী আৰু বিষয়াসকলৰ ওচৰত অনুকম্পামূলক নিযুক্তিৰ বাবে দৌৰি ফুৰিছে ।

মন্ত্ৰী জৱাহৰ সিং বেধাম আৰু প্ৰাক্তন মন্ত্ৰী বিশ্বেন্দ্ৰ সিঙেও যুৱকজনক নিযুক্তিৰ আশ্বাস দিছিল । যুৱকজনৰ মাতৃয়ে কয় যে তেওঁৰ স্বামী জৱাহৰ সিঙে চিআৰপিএফত থাকি দেশৰ সেৱা আগবঢ়াইছিল, কিন্তু তেওঁৰ মৃত্যুৰ পিচত পুত্ৰক অনুকম্পামূলক নিযুক্তি দিয়া হোৱা নাই । মহিলাগৰাকীয়ে হুংকাৰ দি কয় যে যদি তেওঁৰ পুত্ৰক এই নিযুক্তি দিয়া নহয় তেন্তে তেওঁ মুখ্যমন্ত্ৰীৰ সন্মুখতে আত্মহত্যা কৰিব !

অতিৰিক্ত জিলা উপায়ুক্ত নীৰজ কুমাৰ মীনাই কয় যে জৱাহৰ সিঙৰ পুত্ৰ ৰাধেশ্যাম ওৰফে গৌৰৱে পিতৃৰ স্থানত নিযুক্তিৰ বাবে ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত আবেদন দাখিল কৰিছিল । কিন্তু নিয়ম অনুসৰি পিতৃৰ শ্বহীদ সম্পৰ্কীয় নথি আবেদনকাৰীয়ে আবেদন পত্ৰৰ সৈতে সংলগ্ন কৰা নাছিল । সেই কাৰণে তেওঁৰ নিযুক্তিত মঞ্জুৰ কৰা হোৱা নাছিল । উপায়ুক্তগৰাকীৰ মতে জৱাহৰ সিঙৰ জ্বৰৰ ফলত ঘৰতে মৃত্যু হৈছিল । যাৰ বাবে তেওঁক শ্বহীদৰ শ্ৰেণীত ৰখা হোৱা নাছিল ।

উল্লেখ্য যে যুৱকজনৰ পিতৃ জৱাহৰ সিঙক চিআৰপিএফৰ ১১৪ বেটেলিয়নত নিযুক্তি দিয়া হৈছিল । ১৯৯৯ চনত তেওঁ ৰাঁচীৰ পৰা নীমুচলৈ যোৱাৰ সময়ত অসুস্থ হৈ পৰিছিল । পিচত তেওঁৰ মৃত্যু হৈছিল । যুৱকজনে যোৱা ৩ বছৰ ধৰি স্থানীয় বিষয়া, নেতা আৰু মন্ত্ৰীসকলক অনুকম্পামূলক নিযুক্তিৰ বাবে দাবী জনাই আহিছে । কিন্তু কোনো সুফল নোপোৱাত যুৱকজনে সমাধিত বহি প্ৰতিবাদ অব্যাহত ৰাখিছে । ইফালে যুৱকজনে ইতিমধ্যে ৰাষ্ট্ৰপতিলৈ ইচ্ছামৃত্যুৰ দাবীত এখন পত্ৰও লিখিছে ।

যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ) ।

লগতে পঢ়ক :হৰদৈ দুৰ্ঘটনাত পতিত পৰিয়ালে লাভ কৰা নাই আৱাসগৃহ, জাঙুৰ খাই উঠিল জিলা আয়ুক্ত - hardoi road accident UPDATE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.