ETV Bharat / bharat

৪৯ বছৰে চুলি কটোৱা নাই ভক্তই : কাৰণ কি জানেনে ? - 12 FEET HAIR FOR TEMPLE DEITY

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 2:56 PM IST

Innapanuru Nagabhushanam :তেলেংগানাৰ খাম্মাম জিলাৰ সাথুপল্লী মণ্ডলৰ ডাম্মাপেটাৰ বাসিন্দা ৮০ বছৰীয়া ইন্নাপানুৰু নাগাভূষণমে প্ৰতিজ্ঞা পূৰণৰ বাবে অপেক্ষা কৰিছে দীৰ্ঘদিন । আৰু মাত্ৰ এটা বছৰ অতিবাহিত কৰিব পাৰিলেই পূৰণ হ'ব প্ৰতিজ্ঞা ।

Jadala Ramalingeswaraswamy
ইন্নাপানুৰু নাগাভূষণম (ETV BHARAT ASSAM)

নেশ্য়নেল ডেস্ক, ৯ জুলাই : ভগবানৰ ওচৰত সমৰ্পিত ভক্তই মনৰ আশা পূৰণৰ বাবে সকলো কৰিব পাৰে । এবাৰ যদি ভগবানৰ ওচৰত কোনো কাম কৰিবলৈ প্ৰতিজ্ঞা হৈছে তেন্তে সেই কাৰ্য সম্পাদন কৰিবলৈ যিকোনো প্ৰকাৰে চেষ্টা কৰিবই । তেলেংগানাৰ তেনে এগৰাকী ভক্তই প্ৰতিজ্ঞা পূৰণৰ বাবে ৪৯ বছৰ অপেক্ষা কৰি সফলতাৰ দিশে আগবাঢ়িছে । তেলেংগানাৰ খাম্মাম জিলাৰ সাথুপল্লী মণ্ডলৰ ডাম্মাপেটাৰ বাসিন্দা ৮০ বছৰীয়া ইন্নাপানুৰু নাগাভূষণমে বিগত ৪৯ বছৰ ধৰি কটোৱা নাই চুলি ।

এইগৰাকী ভক্তই তেওঁৰ সংকল্প ৩১ বছৰ বয়সতেই আৰম্ভ কৰিছিল । তেওঁ নালগোণ্ডা জিলাৰ নৰকটপল্লী মণ্ডলত অৱস্থিত চেৰভুগাটুৰ জাদালা ৰামলিঙ্গেশ্বৰস্বামীৰ ওচৰত ৫০ বছৰ ধৰি চুলি নকটোৱাৰ বাবে প্ৰতিজ্ঞা কৰিছিল । আজি ৪৯ বছৰৰ অটল সমৰ্পণৰ পিচত নাগাভূষণমৰ চুলিৰ দৈৰ্ঘ্য আশ্চৰ্যজনকভাৱে ১২ ফুট দীঘল হৈছে । এইগৰাকী ভক্তই ই টিভি ভাৰতৰ আগত তেওঁৰ প্ৰতিজ্ঞাৰ বিষয়ে ব্য়াখ্য়া কৰি কয় যে তেওঁৰ সিদ্ধান্ত গুৰুসকলৰ আধ্যাত্মিক নিৰ্দেশনাৰ দ্বাৰা নিৰ্দেশিত আছিল । মানৱতাৰ কল্যাণত অৰিহণা যোগোৱাৰ উদ্দেশ্যেই তেওঁ এইদৰে প্ৰতিজ্ঞাবদ্ধ হোৱা বুলি কয় ।

লগতে পঢ়ক:কেম’থেৰাপীৰ পিচতে হিনাই কাটি পেলালে চুলি - Hina Khan breast cancer

আগতে দাম্মাপেটাৰ গাণ্ডি মুত্যলম্মা মন্দিৰত স্থানীয় পুৰোহিত হিচাপে কাৰ্যনিৰ্বাহ কৰা নাগাভূষণমে তেওঁৰ এই যাত্ৰাত নিজৰ সম্প্ৰদায়ৰ পৰা লাভ কৰা সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ আৰু এবছৰৰ বাবে চুলি নকটোৱাকৈ থাকিব পাৰিলে তেওঁৰ শপত সম্পূৰ্ণ হ'ব আৰু অতি আন্তৰিকতাৰে জীৱনজোৰা প্ৰতিশ্ৰুতি পূৰণ কৰিব ।

নাগাভূষণমৰ উল্লেখযোগ্য সমৰ্পণে ভাৰতীয় সংস্কৃতিত গভীৰভাৱে নিহিত ভক্তি আৰু ত্যাগৰ স্থায়ী পৰম্পৰাৰ প্ৰমাণ দাঙি ধৰিছে । যিসকলে তেওঁৰ এই অসাধাৰণ যাত্ৰা প্ৰত্যক্ষ কৰিছে তেওঁলোকৰ মাজত প্ৰশংসা আৰু সন্মান বৃদ্ধি পাইছে নাগাভূষণমৰ ।

সঘনাই কাটি থাকিলে সঁচাকৈয়ে চুলি দীঘল হয় নেকি ? ইয়াৰ সত্যতা জানো আহক - Hair Cutting

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.