ETV Bharat / bharat

বদলিকৰণে মোক অতিষ্ঠ কৰিছে...এনেকৈ চাকৰি কৰিলে অঘটন ঘটিব...আৰক্ষী আয়ুক্তলৈ চিঠি লিখি কনিষ্টবলে দিলে ইস্তফা - CONSTABLE RESIGN FOR TRANSFER

আৰক্ষী আয়ুক্তলৈ পত্ৰ লিখি চাকৰিৰ পৰা ইস্তফা দিলে কনিষ্টবল নিয়াজ আহমেদে ৷ ডিচিপিয়ে বুজনি দিয়াৰ পিচতো ৰাজি হোৱা নাই চাকৰি কৰিবলৈ ৷ সবিশেষ পঢ়ক...

CONSTABLE RESIGN FOR TRANSFER
Representative Image (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 9:38 PM IST

লক্ষ্ণৌ: বদলিকৰণৰ বাবেই আৰক্ষী আয়ুক্তলৈ পত্ৰ লিখি চাকৰিৰ পৰা ইস্তফা দিলে এজন কনিষ্টবলে ৷ পত্ৰখনত তেওঁ লিখিলে যে চাকৰি এৰি নিদিলে ডাঙৰ অঘটন ঘটিব পাৰে ৷ কিন্তু এনেকুৱা কি হ’ল যে তেওঁ বদলি হোৱাৰ বাবে চাকৰিয়েই এৰি দিলে ৷ সবিশেষ জানিবলৈ শেষলৈকে পঢ়ক এই প্ৰতিবেদন-

আৰক্ষীৰ চাকৰিত বদলি থাকেই ৷ সেয়া আপুনি মই সকলোৱেই জানো ৷ কিন্তু এইজন কনিষ্টবলে বদলিৰ বিষয়টো যেন সহিব নোৱাৰিলে ৷ সেয়ে তেওঁ চাকৰিয়েই ইস্তফা দিলে ৷ তেওঁ যিখন পত্ৰ আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰিলে, সেই পত্ৰখনে আৰক্ষী বিভাগত তোলপাৰ লগায় ৷ এই বিষয়ে বৰ্ণনা কৰিবলৈ যেন ভাষাহীন হৈ পৰিছে আৰক্ষী বিষয়া সকলো ৷

ঘটনাটো হৈছে উত্তৰপ্ৰদেশৰ লক্ষ্ণৌৰ ৷ লক্ষ্ণৌৰ নগৰাম থানাত কৰ্মৰত কনিষ্টবল নিয়াজ আহমেদে বদলিকৰণত ক্ষুব্ধ হৈ লক্ষ্ণৌৰ আৰক্ষী আয়ুক্তলৈ লিখিলে পত্ৰ ৷ য’ত তেওঁ নিজৰ অসন্তুষ্টি ব্যক্ত কৰে আৰু চাকৰি ত্যাগ কৰাৰ কথা উল্লেখ কৰে ৷ বদলিৰ বাবে কোনো অবাঞ্চিত ঘটনা যাতে নঘটে তাৰ বাবেই চাকৰি ত্যাগ কৰা বুলি তেওঁ জনাইছে ৷

কিন্তু কিয় তেওঁ অসন্তুষ্ট হ’ল বদলিক লৈ, জানিলে আপুনিও আচৰিত হ’ব ৷ যোৱা আঠ মাহত তেওঁক পাঁচবাৰকৈ বদলি কৰা হৈছিল ৷ যিয়ে তেওঁক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তুলিছিল ৷ পত্ৰখনত নিয়াজে উল্লেখ কৰা মতে, বদলিকৰণৰ বাবে ক্ষুব্ধ হৈ তেওঁ চাকৰিৰ পৰা ইস্তফা দিয়াৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল ৷ যোৱা 8 মাহত তেওঁৰ 5 বাৰ বদলি হৈছে ৷ যিয়ে তেওঁৰ মানসিক স্থিতি আৰু পাৰিবাৰিক স্থিতি বিঘ্নিত কৰি তুলিছে ৷ এইবোৰ কাৰণত যাতে কোনো অবাঞ্চিত ঘটনা সংঘটিত কৰিব লগা নহয়, সেই সেই কথা চিন্তা কৰিয়েই তেওঁ চাকৰি ত্যাগ কৰিলে ৷

এই পত্ৰ লাভ কৰাৰ পিচতেই আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত হাহাকাৰ লাগে ৷ পত্ৰখনৰ গুৰুত্ব বুজি আৰক্ষী আয়ুক্ত অমৰেন্দ্ৰ সেংগাৰে এই ঘটনাৰ তদন্ত কৰিবৰ বাবে উপ আৰক্ষী আয়ুক্ত ৰবীনা ত্যাগীক নিৰ্দেশ দিয়ে আৰু কনিষ্টবলগৰাকীৰ সৈতে কথা পাতিবলৈ কয় ৷ কনিষ্টবলজনে অভিযোগ কৰে যে ইচ্ছাকৃতভাৱে তেওঁক বদলি কৰি থকা হৈছে, যিটো কাৰ্যই তেওঁ ব্যতিব্যস্ত কৰি তুলিছে ৷ তেওঁৰ আৰু চাকৰি কৰাৰ কোনো ইচ্ছা নাই ৷

কিয় মানসিক চাপত থাকে আৰক্ষী:

এক অধ্যয়নৰ মতে দেশৰ প্ৰায় ২৪ শতাংশ আৰক্ষীয়ে গড়ে ১৬ ঘণ্টা আৰু ৪৪ শতাংশই ১২ ঘণ্টাৰো অধিক কাম কৰে । অধ্যয়ন অনুসৰি এজন আৰক্ষীয়ে প্ৰতিদিনে গড়ে ১৪ ঘণ্টা কাম কৰি আছে । কেৱল এয়াই নহয়, অধ্যয়নৰ সময়ত ৭৩ শতাংশ আৰক্ষীয়ে কয় যে তেওঁলোকৰ কামৰ বোজাই তেওঁলোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে । ৮৫ শতাংশ আৰক্ষীৰ মতে, কৰ্তব্যৰ বাবে পৰিয়ালক সময় দিব পৰা নাই তেওঁলোকে ।

আৰক্ষীৰ বাবে মাত্ৰ ৬০ টা ছুটী, কিন্তু সেয়াও পোৱাটো কঠিন:

উত্তৰ প্ৰদেশ আৰক্ষী সন্থা (নন গেজেটেড)ৰ সাধাৰণ সম্পাদক আৰ ডি পাঠকে কয় যে আৰক্ষীয়ে এবছৰত মাত্ৰ ৬০ টা ছুটীহে পায়, কিন্তু তেওঁলোকে এই বন্ধৰ দিনবোৰৰো কেতিয়াবা লাভ উঠাব নোৱাৰে । আৰক্ষীৰ ঘৰত যদি কোনো অভাৱনীয় সমস্যাৰ সৃষ্টি হয়, তেন্তে তেওঁৰ ঘৰটো বহু দূৰত থকাৰ বাবে তেওঁক ছুটীৰ প্ৰয়োজন হয়, আৰু সেইটোও বিষয়াসকলে সোনকালে নিদিয়ে । এনে পৰিস্থিতিত পাৰিবাৰিক বিবাদৰ বাবে আৰক্ষী মানসিক চাপৰ সন্মুখীন হয় ।

দহ বছৰ আগতে সপ্তাহৰ ছুটী দিয়াৰ উদ্যোগ লোৱা হৈছিল:

দহ বছৰৰ আগতে ২০১৩ চনৰ ১ জুনত তেতিয়াৰ ডি আই জি লক্ষ্ণৌ নৱনীত সিকেৰাই পাইলট প্ৰজেক্টৰ অধীনত গোমতী নগৰ থানাৰ আৰক্ষীসকলক সাপ্তাহিকভাৱে ছুটী দিয়াৰ উদ্যোগ লৈছিল । ইয়াক কেনেকৈ কাৰ্যকৰী কৰা হ’ব সেই সম্পৰ্কেও গৱেষণা কৰা হৈছিল । ইয়াৰ ফলাফল সফল হ’ল । ছুটীৰ সুবিধা পোৱা আৰক্ষীৰ স্বাস্থ্য পৰীক্ষাও কৰা হৈছিল আৰু ইয়াৰ বহু উন্নতি ঘটিছিল । কিন্তু ক্ৰমান্বয়ে এই পদক্ষেপ নোহোৱা হ’ল, ইয়াক আৰু আগুৱাই নিব নোৱাৰিলে ।

মনোৰোগ বিশেষজ্ঞই এই কাৰণবোৰক আত্মহত্যাৰ কাৰণ বুলি গণ্য কৰে:

মনোৰোগ বিশেষজ্ঞ ডাঃ দেৱাশীষ শুক্লাই কয় যে ক’ৰ’নাৰ সময়ৰ পৰাই মানসিক চাপ হঠাতে ইমানেই বাঢ়িছে যে বহুতে খঙত আত্মহত্যা কৰিছে । বিশেষকৈ যিসকল আৰক্ষীয়ে বিশ্ৰাম নোলোৱাকৈ ১৫ ঘণ্টাৰো অধিক সময় কৰ্তব্য পালন কৰে তেওঁলোকৰ ক্ষেত্ৰত এই সমস্যা দেখা গৈছে ।

ডাঃ দেৱাশীষৰ মতে, আৰক্ষীৰ পোষ্টিং সাধাৰণতে তেওঁলোকৰ ঘৰ বাদেই, সংশ্লিষ্ট জিলাখনৰ পৰাও বহু দূৰত থাকে । এনে পৰিস্থিতিত পৰিয়ালক লগ পোৱাটো বিৰল । তাৰ ওপৰত কৰ্তব্যৰ সময়ত সদায় সজাগ হৈ থকা আৰু আন সকলো বিভাগতকৈ অধিক জবাবদিহি হোৱা, ৰাজহুৱা স্থানত নেতিবাচক ভাবমূৰ্তি, বিষয়াৰ পৰা যোগাযোগৰ অভাৱ, দীৰ্ঘদিনীয়া কৰ্তব্য, সাপ্তাহিক ছুটী নোপোৱা আদি কাৰণেই তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পায় ৷ তাৰ পাছত হঠাতে তেওঁলোকৰ বহুতে নিজৰ জীৱন শেষ কৰি পেলায় ।

কনিষ্টবলজনৰ বাবে কাউন্সেলিং কৰা হৈছে:

ডিচিপি ৰবীনা ত্যাগীয়ে জনাইছে যে কনিষ্টবল নিয়াজ আহমেদে বাৰে বাৰে বদলি হোৱাৰ বাবে অসন্তুষ্ট হৈ চিঠি লিখিছে । কনিষ্টবলজনক কিয় বদলি কৰা হ’ল সেই সম্পৰ্কে আমি তথ্য সংগ্ৰহ কৰি আছো । ইয়াৰ বাহিৰেও এনে পৰিস্থিতিত আমাৰ বিষয়াসকলেও কনিষ্টবলজনক পৰামৰ্শ দিব যাতে তেওঁৰ সমস্যাসমূহ বুজিব পৰা যায় আৰু তেওঁৰ মানসিক অৱস্থাৰো অনুমান কৰিব পৰা যায় । প্ৰয়োজন হ’লে মনোৰোগ বিশেষজ্ঞৰ দ্বাৰাও কাউন্সেলিং কৰা হ’ব ।

ডিচিপিৰ সন্মুখতো কনিষ্টবলজনে চাকৰি এৰি দিয়াৰ কথা কৈছিল:

উপায়ুক্তলৈ ইস্তফা পত্ৰ প্ৰেৰণ কৰা কনিষ্টবল নিয়াজ আহমেদক দুবাৰকৈ ডিচিপিৰ সন্মুখত হাজিৰ কৰা হৈছিল । এই সময়ছোৱাতো তেওঁ চাকৰি এৰি যোৱাৰ কথা কৈ আছিল । ইয়াৰ পাছত তেওঁক ইউ পি ১১২ত ৰিজাৰ্ভলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: ২৬ গৰাকী জিলা আয়ুক্তক একেদিনাই বদলি : দিয়া হৈছে অতিৰিক্ত দায়িত্বও - Assam Administration

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.