ETV Bharat / bharat

মাতৃদুগ্ধৰ বেহা : ঔষধৰ দোকানৰ পৰা জব্দ দুশৰো অধিক বটল মাতৃদুগ্ধ - Breast milk seized - BREAST MILK SEIZED

Human breast milk selling : বেপাৰ চলি আছে মাতৃদুগ্ধৰো ৷ জব্দ কৰা হৈছে দুশৰো অধিক বটল ৷ গ্ৰপ্তাৰ কৰা হৈছে ঔষধৰ দোকানৰ স্বত্বাধিকাৰীক ৷

Human breast milk selling
গ্ৰেপ্তাৰ হোৱা চেম্বিয়ান মুথিয়াই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 9:18 PM IST

নিউজ ডেস্ক, 31 মে’: ড্ৰাগছ, গাঞ্জা আদি নিষিদ্ধ দ্ৰব্যৰ বেপাৰ কৰি বিভিন্ন সময়ত আৰক্ষীৰ জালত পৰা বাতৰি লাভ কৰা যায় ৷ কিন্তু মাতৃদুগ্ধৰ ৰমৰমীয়া বেহাৰ বাতৰি স্বাভাৱিকতেই আচহুৱা ৷ কিন্তু জানি আচৰিত হ’ব যে মাতৃদুগ্ধৰ বেপাৰ কৰিও বহুলোক মাজে-সময়ে আৰক্ষীৰ আলহী হ’বলগীয়া হয় ৷

তেনে এক বাতৰি আহিছে চেন্নাইৰ পৰা ৷ এখন ফাৰ্মাচীত চলাই অহা হৈছিল মাতৃদুগ্ধৰ বেপাৰ ৷ চেম্বিয়ান মুথিয়াই নামৰ লোক এজনে চেন্নাইৰ এখন ঔষধৰ দোকানত চলাই আছিল এই বেপাৰ ৷ বটলত মাতৃদুগ্ধ বিক্ৰী কৰা থকাৰ খবৰ লাভ কৰিলে খাদ্য সুৰক্ষা বিভাগে ৷ খবৰ লাভৰ পিচতে ঔষধ দোকানখনত বিভাগে তালাচী চলাই খবৰৰ সত্য প্ৰমাণ কৰে ৷

ঔষধ দোকানখনৰ ফ্ৰীজত পোৱা যায় ২০০ তকৈও অধিক বটল মাতৃদুগ্ধ ৷ ব্যৱসায়ৰ বাবে এই বৃহৎ পৰিমাণৰ মাতৃদুগ্ধ কাৰ পৰা কেনেকৈ লাভ কৰা হৈছিল তাৰ অনুসন্ধান চলাইছে খাদ্য সুৰক্ষা বিভাগে ৷

জব্দ কৰা মাতৃদুগ্ধৰ সৈতে ছাপ্লিমেণ্ট হিচাপে ৰখা প্ৰ’টিন পাউডাৰৰ 100 মিঃলিঃ আৰু 200 মিঃলিঃ বটলো জব্দ কৰা হয় অভিযান কালত ৷ অভিযানত পোহৰলৈ আহে যে ঔষধ দোকানখনৰ স্বত্বাধিকাৰী চেম্বিয়ান মুথিয়াই ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি প্ৰ'টিন পাউডাৰ নিৰ্মাণ কৰি আছিল । ফলস্বৰূপে, খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে ষ্টোৰখন চীল কৰি দিয়ে ৷

অভিযানত এই তথ্যও লাভ কৰা যায় যে মাতৃদুগ্ধ লাভৰ বাবে অনলাইন ব্যৱস্থাও কৰা হৈছিল । 50 টাতকৈ অধিক মাতৃদুগ্ধৰ বটল পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰাৰ পিচত ঔষধ দোকানখনৰ স্বত্বাধিকাৰী চেম্বিয়ান মুথিয়াক খাদ্য সুৰক্ষা বিভাগে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: সৰু সৰু দোকানত অভিযান; পাইকাৰী দোকানৰ কাষ চাপিব নোখোজে প্ৰদূষণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বিষয়া !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.