অসম

assam

ETV Bharat / videos

Zubeen Garg Hospitalized: চিকিৎসালয়ৰ বিচনাৰ পৰাই জেঠায়েকৰ সৈতে কথা পাতিলে অসুস্থ জুবিন গাৰ্গে - হাস্পতালত ভৰ্তি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ

By

Published : Jul 20, 2022, 3:31 PM IST

ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ (Zubin Garg admitted to Sanjeevani Hospital in Dibrugarh)। বাথৰুমত পিছলি পৰি মূৰত আঘাত পাইছিল জুবিন গাৰ্গে (Zubeen Garg Hospitalized) । সম্প্ৰতি বিপদমুক্ত শিল্পীগৰাকী । চিকিৎসালয়ৰ বিচনাৰ পৰাই জেঠায়েকৰ সৈতে কথা পাতিলে অসুস্থ জুবিন গাৰ্গে ৷ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ পাছতে ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত জুবিন গাৰ্গৰ জেঠায়েক (Zubeen Garg hospitalized in Dibrugarh) উপস্থিত হৈ জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মনৰ কথা আদান-প্ৰদান কৰে । জানিব পৰা মতে জুবিন গাৰ্গৰ মূৰত পাঁচটাকৈ চিলাই পৰিছে । ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ ভিত্তিত উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে বিয়লি ৩ বজাত গুৱাহাটীলৈ অনা হৈছে জুবিন গাৰ্গক ।

ABOUT THE AUTHOR

...view details