অসম

assam

By

Published : Aug 19, 2022, 10:17 AM IST

ETV Bharat / videos

আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰি আত্মহত্যা যুৱকৰ

এইবাৰ খাকী পোচাকত কালিমা সানিলে আমিনগাঁও আৰক্ষীয়ে(Amingaon police controversy) ৷ স্বামী-স্ত্ৰীৰ ঘৰুৱা কাজিয়াৰ গোচৰ মীমাংসাৰ বাবে আমিনগাঁও আৰক্ষীয়ে ৪০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ কৰিছে এটা পৰিয়ালে(Amingaon police Demand for Money) । আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰাৰ বাবেই সদ্যবিবাহিত যুৱকজনে দিকবিদিক হেৰুৱাই আত্মহনন কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷ পৰিয়ালটোৰ অভিযোগ অনুসৰি, ভূৱনেশ্বৰ পাল আৰু পত্নীৰ মাজত হোৱা ঘৰুৱা কাজিয়াৰ পাছত পত্নীয়ে স্বামীৰ বিৰুদ্ধে দাখিল কৰিছিল অভিযোগ । পৰৱৰ্তী সময়ত স্বামী- স্ত্ৰীৰ মাজত বুজাপৰা হয় যদিও আমিনগাঁও আৰক্ষী চকীৰ জনৈক ৰহমান উপাধিৰ বিষয়াজনে আপোচ মীমাংসাৰ নামত যুৱকজনৰ পৰা চল্লিশ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে(Allegation of pressurize family for money) । কিন্তু বিষয়াগৰাকীয়ে দাবী কৰা ধন দিব নোৱাৰাৰ বাবে অৱশেষত যুৱকজনে আত্মহননৰ পথ বাছি লয় ৷

ABOUT THE AUTHOR

...view details