ডিব্ৰুগড়ত অস্ত্ৰশস্ত্ৰসহ আত্মসমৰ্পণ আনলাৰ দুই দুৰ্ধৰ্ষ কেডাৰৰ
ডিব্ৰুগড়ত বিদ্ৰোহী সংগঠন আনলাৰ দুই দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ (Cadre of ANLA surrendered in Dibrugarh) । ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আদিবাসী নেশ্যনেল লিবাৰেছন আৰ্মী (Adivasi national liberation army)ৰ দুই কেডাৰে । ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শনিবাৰে নিশা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ আৰু ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত আত্মসমৰ্পণ কৰে দুই বিদ্ৰোহী সংগঠনৰ কেডাৰে । আত্মসমৰ্পণকাৰী আনলাৰ সদস্য দুজন কাৰ্বি আংলঙৰ সুবল গড় আৰু লোকা কংগাড়ী বুলি জানিব পৰা গৈছে । আত্মসমৰ্পণৰ সময়ত কেডাৰ দুজনে মেগজিনসহ এটা 9 এম এম পিষ্টল আৰু তিনিজাঁই সক্ৰিয় গুলী, মেগজিনৰ সৈতে এটা 1.22 পিষ্টল আৰু দহ জাঁই সক্ৰিয় গুলী জমা দিছে ৷