কৰম পূজাত বাগিচা বন্ধৰ নামত শ্ৰমিকক প্ৰতাৰণা কৰাক লৈ বকুলত চাহ শ্ৰমিকৰ প্ৰতিবাদ
কৰম পূজাত বাগিচা বন্ধৰ নামত শ্ৰমিকক চৰম প্ৰতাৰণাৰ অভিযোগ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে (Tea garden workers protest in Dibrugarh)। চাহ জনগোষ্ঠীৰ পবিত্ৰ কৰম পূজাত বন্ধ নাপালে একাংশ বাগিচাৰ শ্ৰমিকে । সেয়েহে কৰ্মস্থলীতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ চাহ শ্ৰমিকৰ । ডিব্ৰুগড়ৰ বকুল চাহ বাগিচাত চাহ বাগিচাখনৰ কতৃপক্ষ আৰু চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন । কৰম পূজাত মজুৰিসহ ছুটিৰ পৰিৱৰ্তে 'বদলি ছুটি'ক লৈ প্ৰতিক্ৰিয়া আদিবাসী ছাত্ৰ সন্থাৰ । এই ছুটিৰ সলনি আন এদিন অতিৰিক্তভাৱে বাগিচাত কাম কৰিব লাগিব চাহ শ্ৰমিকে । বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এই হঠকাৰী নীতিক কঠোৰ সমালোচনা আছাৰ ।