অসম

assam

24 ঘন্টাত জামুগুৰিহাটত আটক 7 নকল সোণৰ ব্যৱসায়ী

By

Published : May 8, 2022, 1:49 PM IST

জামুগুৰিহাট আৰক্ষীৰ সফলতা ৷ 24 ঘন্টাৰ ভিতৰত জামুগুৰিহাটত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে নকল সোণৰ ব্যৱসায় (Fake Gold Business)ৰ সৈতে জড়িত 7 জনকৈ অভিযুক্তক (Seven people arrested with fake gold )৷ চলিত মাহৰ 5 তাৰিখে জামুগুৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি দীঘলী চাপৰীৰ পৰা নকল সোণৰ বিস্কুটসহ ছাইফুল ইছলাম, হাফিজুল আৰু জিয়াউল হক নামৰ তিনিটা অসাধু ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ আনহাতে, শনিবাৰে দিনৰ ভাগত জামুগুৰিহাটৰ কুসুমটোলাৰ শোণিতপুৰ বিশ্বনাথ জিলাৰ সীমাত প্ৰায় 2 কেজি ওজনৰ এখন নকল সোণৰ নাওসহ অমৰ কুমাৰ, কৌশৰ কুমাৰ, সন্তোষ কুমাৰ আৰু আনিশ কুমাৰ নামৰ চাৰিওজন লোকক নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা 4 অভিযুক্তৰ ঘৰ বিহাৰৰ সমষ্টিপুৰ জিলাৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, আটকাধীন আটাইকেইগৰাকীক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details