অসম

assam

ETV Bharat / videos

প্ৰাসংগিক প্ৰেক্ষাপটত এ পি চিচিৰ সাধাৰণ সম্পাদক ৰূপক শৰ্মা - Behali Constituency

By

Published : Jan 17, 2021, 2:12 PM IST

Updated : Jan 18, 2021, 7:43 AM IST

বিহালী সমষ্টিৰ কংগ্ৰেছৰ আগশাৰীৰ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ এগৰাকী সাধাৰণ সম্পাদক ৰূপক শৰ্মাৰ সৈতে বিশেষ সাক্ষাৎকাৰ ৷ ২০১৬ৰ বিধানসভা নিৰ্বাচনত বৰ্ত্তমানৰ বিহালী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰি পৰাজয় হয় যদিও ৰূপক শৰ্মাই কংগ্ৰেছৰ দলৰ পৰা বিপুল সংখ্যক ভোট লাভ কৰি ৰঞ্জিত দত্তক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল ৷ উল্লেখযোগ্য যে ৰূপক শৰ্মাই ১৯৯৫ চনৰ পৰাই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত থকাৰ লগতে বহু সামাজিক কামতো জড়িত হৈ আহিছে ৷ কেবাটাও দশক ধৰি কংগ্ৰেছৰ দখলত থকা বিহালী সমষ্টি বিজেপিৰ দখললৈ যায় যদিও এইসময়ত কংগ্ৰেছৰ এগৰাকী শক্তিশালী নেতা হিচাপে ৰূপক শৰ্মা পৰিচিত ৷ শৰ্মাই ছাত্ৰ ৰাজনীতিৰ পৰা কংগ্ৰেছৰ দলৰ সাংগঠনিক দিশত জৰিত হৈ জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ উপ সভাপতি , সম্পাদকৰ দৰে গধুৰ দায়িত্ব লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে কংগ্ৰেছ নেতা গৰাকীয়ে বহু বাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক,সাধাৰণ সম্পাদকৰ পদ দখল কৰিবলৈ সক্ষম হৈছিল । বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব থকা কংগ্ৰেছ নেতা গৰাকী য়ে যোৱা বছৰ মণিপুৰত কংগ্ৰেছৰ দলৰ পৰ্যবেক্ষক হিচাপেও দায়িত্ব লাভ কৰিছিল। কংগ্ৰেছৰ চিপৰাং মৰা ৰাজনীতিৰ পৰা আৰম্ভ কৰি দলৰ বহু ভিতৰুৱা কথা ব্যক্ত কৰিলে প্ৰাসংগিক প্ৰেক্ষাপটত ৷
Last Updated : Jan 18, 2021, 7:43 AM IST

ABOUT THE AUTHOR

...view details