কলিয়াবৰত উপস্থিত ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকা
কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকা (Renown writer Ranju Hazarika)৷ হাইস্কুলীয়া জীৱন পাৰ কৰা নিজ বিদ্যালয়খনত ৰহস্য সাহিত্যিকগৰাকী উপস্থিত হোৱাত বিদ্যালয়খনত সৃষ্টি হয় এক আনন্দমুখৰ পৰিৱেশ ৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰি ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়ালে নিজা গ্ৰন্থৰ উপৰিও আন বহু গ্ৰন্থ । কলিয়াবৰৰ সোণাৰি গাঁৱত ল'ৰালি কাল পাৰ কৰিছিল সাহিত্যিকগৰাকী ৷ কলিয়াবৰৰ সোণাৰী গাঁৱত ককা-আইতাকৰ লগত থাকি পঢ়া-শুনা কৰিছিল তেওঁ । হাইস্কুলীয়া জীৱনৰ স্মৃতি ৰোমন্থন কৰি ৰঞ্জু হাজৰিকাই এখন বিদ্যালয় আৰু শিক্ষাগুৰুৱে কেনেদৰে এজন ব্যক্তিৰ জীৱন গঢ়িব পাৰে সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক এক মননশীল ব্যক্তিতাৰে কৰিলে অৱগত । নিজে পঢ়া বিদ্যালয়লৈ গ্ৰন্থ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থসমূহৰ এক থুলমূল বিৱৰণ দাঙি ধৰাৰ লগতে পাঠ্যপুথিৰ লগতে বিভিন্ন বিষয়ৰ গ্ৰন্থ পঢ়িবলৈ পৰামৰ্শ দিয়ে সাহিত্যিকগৰাকী ।