অসম

assam

ডিব্ৰুগড়ত বহিঃৰাজ্যৰ পৰা অহা সকলো লোকৰ বাবে বাধ্যতামূলক কোৱাৰেণ্টাইন

By

Published : Apr 23, 2021, 9:45 AM IST

শেহতীয়াভাৱে ডিব্ৰুগড়ত চাৰিগৰাকী লোকৰ দেহত মাৰাত্মক মিউটেন্ট ভাইৰাচ ধৰা পৰাৰ পাচতে সষ্টম হৈছে জিলা স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসন ৷ সেয়েহে শুকুৰবাৰৰ পৰা বহিঃৰাজ্যৰ পৰা প্ৰৱেশ কৰা সকলো লোকৰ বাবে বাধ্যতামূলক কৰা হৈছে কোৱাৰেণ্টাইন। অতি সংবেদনশীল আৰু মাৰাত্মক এই ভাইৰাচবিধ প্ৰতিৰোধৰ বাবে ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ নডেল চিকিৎসা বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত চিকিৎসা বিষয়া কয়, বিশ্বত থকা চাৰি প্ৰকাৰৰ ক'ভিডৰ দুই প্ৰকাৰ অলপ বেছি ক্ষতিকাৰক ৷ এক এপ্ৰিলৰ পৰা এই ভাইৰাচৰ উপস্থিতি ডিব্ৰুগড়ত ধৰা পৰিছিল যদিও ক্ৰমান্বয়ে উৰ্দ্ধমূখী হোৱাৰ বাবে লাহোৱালস্থিত আৰ এম আৰ চি গৱেষণাৰ বিজ্ঞানীয়ে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অৱতৰন কৰা ছগৰাকী যাত্ৰীৰ নমুনা সংগ্ৰহ কৰে আৰু 10 দিনৰ গৱেষণাৰ অন্তত সেই ছগৰাকী যাত্ৰীৰ ভিতৰত চাৰিগৰাকী যাত্ৰীৰে দেহত ডাৱল মিউটেন্ট ভাইৰাচৰ অৱস্থিতি ধৰা পৰে, যি অতি ভয়ানক ৷ সেয়েহে প্ৰতিগৰাকী লোককে মাস্ক পৰিধান কৰি সামাজিক দুৰত্বৰ লগতে ক'ভিড প্ৰট'কলৰ সকলো নিয়মাৱলী মানি চলিবলৈ আহ্বান জনায়।

ABOUT THE AUTHOR

...view details