অসম

assam

ETV Bharat / videos

দুলুং বনাঞ্চলৰ মাটি এৰি নিদিয়াৰ হুংকাৰেৰে ৰাইজৰ অৱস্থান ধৰ্মঘট

By

Published : Sep 9, 2022, 10:57 PM IST

অসম অৰুণাচলৰ সীমা সমস্যা (Assam Arunachal border conflict) সমাধানৰ হকে দুয়োখন ৰাজ্যৰ চৰকাৰী পৰ্যায়ত আলোচনা চলিছে । কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত পুৰাতন সীমা সমস্যাটো সমাধানৰ দিশে আগবাঢ়িছে ৷ কিন্তু এৰাধৰাৰ মাজেৰে স্থান বিশেষে অৰুণাচলক অসমৰ কিছু ভূমি এৰি দিব বুলি চৰ্চা চলিছে (Assam Arunachal Pradesh border dispute) । এই প্ৰেক্ষাপটত লখিমপুৰৰ দুলং বনাঞ্চলৰ ভূমি এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি দুলুংপৰীয়া ৰাইজৰ উদ্যোগত শুকুৰবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয় (Public protest at Dulong in Lakhimpur)। আনকি দুলুং সংৰক্ষিত বনাঞ্চলৰ অৰুণাচলীয়ে বেদখল কৰা ভূমি বেদখল মুক্ত কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে অসম অৰুণাচলৰ সীমা পূৰ্বে নিৰ্ধাৰিত কৰা স্থানত ৰখাৰ দাবী প্ৰতিবাদী ৰাইজৰ ৷

ABOUT THE AUTHOR

...view details