আৰক্ষীৰ চকুৰ আগতেই জ্বলি ছাঁই হ’ল থানা; তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ
দিন দুপৰতে ভয়ংকৰ আক্ৰমণ বটদ্ৰৱা আৰক্ষী থানাত (Mob torched Batadrava police station) । নগাঁৱৰ বটদ্ৰৱা ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই এইদৰে ভয়ংকৰ আক্ৰমণ চলিল বটদ্ৰৱা আৰক্ষী থানাত । এফালৰ পৰা জ্বলি ছাই হ'ল আৰক্ষী থানাখন (Fire in Batadrava police station)। ভস্মীভূত হ'ল আৰক্ষী থানাৰ বহু গুৰুত্বপূৰ্ণ নথি আৰু ফাইল । ভস্মীভূত হ'ল আৰক্ষী থানাৰ মালখানা । সম্পূৰ্ণৰূপে জ্বলি ছাঁই হ'ল আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ । এইসকল উদণ্ড লোকৰ আক্ৰমণত আহত হয় তিনিগৰাকীকৈ আৰক্ষী । উত্তপ্ত পৰিস্থিতিৰ সুযোগ লৈ আৰক্ষী থানাৰ পৰাই হেণ্ডকাফ খুলি পলায়ন কৰে এজন আচামীয়ে । দেওবাৰে পুৱাই বটদ্ৰৱা আৰক্ষী থানা পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং (SDGP GP Singh at Batadrava police station) । ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰাৰ লগতে ঘটনাত জেহাদী শক্তিৰ হাত আছে নেকি সেই সন্দৰ্ভতো তদন্ত কৰাৰ কথা উল্লেখ কৰে জি পি সিঙে ।