বিদ্যুৎ মাচুল বৃদ্ধিৰ কাৰণ ক’লে এপিডিচিএলৰ বিষয়াই
ৰাজ্যত অস্বাভাৱিকভাৱে বিদ্যুৎ মাচুল বৃদ্ধিক লৈ হাহাকাৰ সাধাৰণ ৰাইজৰ (Excessive increase in electricity tariffs)। এটা বাল্ব জ্বলোৱাৰ নামত আহে পাঁচ হাজাৰ টকালৈ বিদ্যুতৰ বিল । অস্বাভাৱিক বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত APDCL ৰ প্ৰতিক্ৰিয়া । APDCL ৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিত শইকীয়াই অস্বাভাৱিক বিদ্যুৎ বিল বৃদ্ধিৰ প্ৰসংগত তিনিটা কাৰণ দৰ্শাইছে (Reasons for increase in electricity bill) । Internal Wiring, বিদ্যুতৰ অপ-ব্যৱহাৰ, মিটাৰৰ বিসংগতিৰ কাৰণতো বৃদ্ধি পাব পাৰে বিদ্যুতৰ বিল । Internal Wiring কাৰণতো বিদ্যুতৰ বিল বৃদ্ধি পাব পাৰে বুলি প্ৰকাশ কৰিছে APDCL ৰ বিষয়াগৰাকীয়ে । তদুপৰি মিটাৰৰ বিসংগতি থাকিলে তৎক্ষণাত মেৰামতিৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনাইছে ৷ আনহাতে, অনাহকত বিদ্যুৎ অপ-ব্যৱহাৰ নকৰিবলৈ সাধাৰণ ৰাইজৰ প্ৰতি APDCL ৰ মুখ্য কাৰ্যবাহী বিষয়া অভিজিত শইকীয়াই আহ্বান জনাইছে । ইফালে অতিৰিক্ত বিদ্যুতৰ বিল বৃদ্ধি হোৱা নাই বুলিও প্ৰকাশ কৰিছে ।