Fish killed by miscreants: বঙাইগাঁৱত বিহ দি লক্ষাধিক টকাৰ মাছ নিধন দুৰ্বৃত্তৰ - Fish worth Rs 10 lakh killed by miscreants
বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰক্ষীণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ড গাঁৱৰ বাসিন্দা মুতালেব মিঞাৰ পুখুৰীত বিগত দুদিন ধৰি প্ৰকাণ্ড প্ৰকাণ্ড মাছ ওপঙি থকাত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় (Miscreants kill fish by giving poison) ৷ দূৰ্বৃত্তই পুখুৰীত বিহ ঢালি দিয়াত পুৱাৰে পৰা পুখুৰীটোত এনেদৰে হেজাৰ হেজাৰ মাছৰ মৃত্যু হোৱাত সম্প্ৰতি হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ মৎস্যপালনক প্ৰধান জীৱিকা হিচাপে লোৱা ভুক্তভোগী মুতালেব মিঞাই এই ঘটনাৰ ফলত প্ৰায় দহ লক্ষাধিক টকাৰ ক্ষতিৰ সন্মুখীন হৈছে (Fish worth Rs 10 lakh killed by miscreants) ৷ বিভিন্ন ঔষধ ব্যৱহাৰ কৰি মাছবোৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰা হৈছে যদিও সেই চেষ্টা অথলে যোৱাত মূৰে-কপালে হাত দিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ মীনপালক মুতালেব মিঞাই পাঁচটাকৈ পূখুৰী ভাড়া কৰি লৈ মাছ পুঁহিছিল ৷ যদিও বিগত সময়ছোৱাত ৰাজ্যত হোৱা ভয়ংকৰ বানত চাৰিটাকৈ পুখুৰীৰ মাছ ওলাই গুচি যায় । তাতে ভুতৰ ওপৰত দানহ পৰা দি এইদৰে লক্ষ্যাধিক টকাৰ মাছ নিধন হোৱাত চকুপানী টুকিবলগীয়া হৈছে মীনপালকজনে ৷