অখিল গগৈ নৈতিকভাৱে শক্তিশালী নহয় : পীযুষ হাজৰিকা - NIA
বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ আহিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দল(raijor dol)ৰ সভাপতি অখিল গগৈ (Akhil gogoi) ৷ সম্পূৰ্ণ ডেৰ বছৰ ৰঙাঘৰত কটোৱা পাছত নিয়াৰ (NIA) ৰ বিশেষ আদালতে অখিল গগৈ (Akhil Gogoi)ক চানমাৰি থানা(chandmari police station)ৰ গোচৰত দোষমুক্ত কৰাত উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ তাৰ পাচতে ৰাজনীতি মহলত চলিছে ব্যাপক প্ৰতিক্ৰিয়া ৷ উত্তৰ গুৱাহাটীৰ আউনীআটি শাখা সত্ৰত উপস্থিত হৈ অখিল গগৈ সন্দৰ্ভত মন্তব্য কৰিলে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা(piyush hazarika)ই ৷ সত্ৰৰ গোবিন্দ বিপনী ক্ষেত্ৰ উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয়, ইমান দিনে অখিল গগৈয়ে নাটক কৰি আছিলে ৷ তেওঁ নৈতিক ভাৱে শক্তিশালী নহয় ৷