অসম

assam

ETV Bharat / videos

ধূতি-কুৰ্তা পিন্ধি ফুটবল খেলাত ব্যস্ত মন্ত্ৰী ভৱেশ কলিতা

By

Published : Apr 18, 2021, 7:50 PM IST

বিহুৰ বতৰত ফুটবল খেলত ব্যস্ত জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা । উত্তৰ ৰঙিয়াৰ বিহু সন্মিলনত এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক । নিৰ্বাচনত দিনে-নিশাই ব্যস্ত থকাৰ পাছত বিহুৰ বতৰত এনেদৰে ফুটবল খেলি ব্যতিক্ৰমী ৰূপত সময় অতিবাহিত কৰা দেখা গ'ল মন্ত্ৰী গৰাকীক ৷ জাৰ্চীৰ সলনি ডিঙিত গামোচা লৈ ধূতি-কুৰ্তা পিন্ধিয়েই ফুটবল খেলিবলৈ খেলপথাৰত নামিল মন্ত্ৰী গৰাকী ৷ বিহু সন্মিলনৰ কৰ্মকৰ্তা আৰু দলীয় কৰ্মীৰ সৈতে খেলপথাৰত নমা ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ খেল উপভোগ কৰিলে অঞ্চলটোৰ ৰাইজে ৷

ABOUT THE AUTHOR

...view details