হালধীয়া আস্বাদনে আৱৰি ধৰিছে মাজুলীক
হালধীয়া সৰিয়হে মন জুৰাইছে কৃষক ৰাইজক ৷ কাৰণ এই সময় সৰিয়হ ফুলাৰ বতৰ।হালধীয়াৰে চানি ধৰিছে নদীৰ পাৰ অথবা চাপৰিৰ বুকু । ৰাসলীলা শেষ হোৱাৰ লগে লগে সকলো ব্যস্ত হৈ পৰিছে সৰিয়হৰ পথাৰত ৷ সমান্তৰালভাৱে হালধীয়া আস্বাদনে আৱৰি ধৰি মাজুলীক এবাৰ মাত্ৰ কাষৰ পৰা চাবলৈ,সৌন্দৰ্য উপভোগ কৰিবলৈ প্ৰতিবছৰে আগনন ঘটে দেশী বিদেশী পৰ্যটকৰো ৷