নতুন নিৰ্দেশনাক লৈ সতৰ্ক বিহালীৰ চাহ বাগান কৰ্তৃপক্ষ - New Policy Guidelines
ৰাজ্যৰ চাহ বাগিচাসমূহত দ্ৰুত হাৰত কৰ'ণাৰ সংক্ৰমণ হোৱাৰ পাচতে ৰাজ্য চৰকাৰে বাগানসমূহলৈ প্ৰেৰণ কৰিছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা ৷ চৰকাৰী নিৰ্দেশনা লাভ কৰাৰ পাচতে অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিখন বাগিচাৰ কৰ্তৃপক্ষ ৷ নতুন নিৰ্দেশনা অনুসৰি বিহালীৰ 9 খনকৈ বাগিচাত ক'ভিড বিধি মানি চলিবলৈ আৰম্ভ কৰাৰ লগতে গহপুৰৰ বিশিষ্ট ব্যৱসায়ী তথা শৈলজা সংকল্প ট্ৰাষ্টৰ সভাপতি উদয়াদিত্য গোস্বামীয়ে গহপুৰৰ ব্ৰহ্মাজান,ডফলাগৰ বাগানৰ ক'ভিড আক্ৰান্ত সকলক ক'ভিডৰ লগত যুঁজিব পৰাকৈ যোগান ধৰিছে পতঞ্জলিৰ কৰ'নিল কিটৰ লগতে মাস্ক। ইয়াৰ লগতে ক'ভিড আক্ৰান্তৰ বাবে সুকীয়া স্থানত নিৰ্মাণ কৰিছে ক'ভিড কেয়াৰ চেন্টাৰ ৷
Last Updated : May 16, 2021, 3:58 PM IST