আঞ্চলিক দল সমূহলৈ অপেক্ষা কৰিব কংগ্ৰেছে - ৰিপুন বৰা
বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী আছে ৷ অসমত এতিয়া ক্ষমতাকেন্দ্ৰিক ৰাজনীতি চলিছে, সমাজ সেৱা পিচতে থাকিল ৷ নতুন ৰাজনৈতিক দলৰ হেতা ওপৰা, তাৰ মাজতে আহিছে সমীকৰণৰ প্ৰশ্ন ৷ বহধাবিভক্ত আঞ্চলিক দলসমূহক লৈ বিজেপিক পৰাভূত কৰাৰ বাবে কংগ্ৰেছ দলে অপেক্ষা কৰিছে ৷ তাৰ মাজতে কংগ্ৰেছৰ ভিতৰচ'ৰাত কি চলিছে? প্ৰাৰ্থীত্ব কাক দিব, কোনে পাব? পুৰণি নহয়, এইবাৰ নতুন মুখে প্ৰাধান্য পাব ৷ বহতেই নাপাব টিকত ৷ ৰিপুন বৰাই কোৱা কথা ৷ আমাৰ কথা নহয় ৷