অসম

assam

By

Published : Jul 1, 2022, 9:27 PM IST

ETV Bharat / videos

বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত AJYCP ৰ প্ৰতিবাদ

অসমৰ বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত (AJYCP demands Declaring flood erosion as National problem) সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (Asom Jatiyatabadi Yuba Chatra Parishad) চৰাইদেউ জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে ৩ ঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় (AJYCP Protest at Sonari) । পৰিষদৰ চৰাইদেউ জিলা কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই ধৰ্মঘট কাৰ্যসূচীত পৰিষদৰ শতাধিক সদস্যই বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি এই সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ দল-সংগঠনৰ লগতে অসমৰ ৰাইজে দীৰ্ঘ দিনৰ পৰা দাবী কৰি আহিছে যদিও চৰকাৰে এইপৰ্যন্ত দাবী মানি লোৱা নাই ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details