অসম

assam

Assam Municipal Election 2022 : ধুবুৰী ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

By

Published : Mar 6, 2022, 10:37 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

দেওবাৰে অনুষ্ঠিত হোৱা পৌৰসভা (Assam Municipal Election 2022) ৰ দিনাখন ধুবুৰীৰ 9 নং ৱাৰ্ডৰ এখন ভোটকেন্দ্ৰত কংগ্ৰেছ বিজেপিৰ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় (Tense situation in Polling center in Dhubri) । ঘটনা অনুসৰি, ধুবুৰী পৌৰসভাৰ 9 নং ৱাৰ্ডৰ বিজেপিৰ প্ৰাৰ্থী আভা প্ৰশাসদৰ হৈ বিজেপি এজেন্ট আৰু কৰ্মী সকলে ভোটাৰ টকন দিয়াৰ নামত বিজেপিৰ প্ৰতীক চিহ্ন থকা পোষ্টাৰ বিলোৱাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ প্ৰাৰ্থী ইয়াছমিন আৰা বেগম আৰু তেওঁৰ একাংশ সমৰ্থকে । এই খবৰ বিয়পি পৰাৰ লগে লগে মুহূৰ্ততে স্থানীয় একাংশ লোক আৰু কংগ্ৰেছৰ একাংশ সমৰ্থকে ৰাজপথত বিজেপি বুথ সভাপতি জনক আটক কৰি উত্তম মাধ্যম সোধায় (Election violence in Dhubri) । ইপিনে ঘটনা সন্দৰ্ভত ধুবুৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক কাজি মাহমুদুল হাছানে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰি ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰে ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

...view details